
মঙলদৈঃ বিৰোধী হৈ থকালৈকে ৰাজনৈতিক দল সমূহৰ নেতা-কৰ্মীসকলে সাধৰণ মানুহৰ সৈতে মিলি থাকে৷ কিন্তু নিজ দলটোৱে শাসনলৈ অহাৰ পিছতেই অংগী-ভংগী, আচাৰ, ব্যৱহাৰ, আচৰণ, আওভাও, মতি-গতি, গঢ়-গতি, চলন-ফুৰণ, চাল-চলন, স্বভাৱ-চৰিত্ৰ, ধৰণ-কৰণ, কথা-কাণ্ড, সকলো সলনি হয় ৰাজনৈতিক দল সমূহৰ একাংশ পালিনেতাৰ৷
ক্ষমতাৰ সোৱাদ নোপোৱালৈকে ভোট আদায়ৰ স্বাৰ্থত ব্যৱহাৰ পৰ্যন্ত থিকেই ৰাখে৷ কিন্তু দলটোৱে শাসনলৈ অহাৰ পিছত ব্যৱহাৰ পৰ্যন্ত সলনি হৈ যায় মন্ত্ৰী-বিধায়কৰ একাংশ তোষামোদকাৰী পালিনেতাৰ৷
তেনেই এক পৰিৱেশ বিৰাজ কৰাৰ অভিযোগ উত্থাপিত হৈছে দৰং জিলাত৷ অপাৰগ-অদক্ষ লোকক ৰাজনৈতিক দলসমূহে বৰ বৰ দায়িত্ব অৰ্পণ কৰাৰ সময়ত নীতি শিক্ষা দিয়াৰ বাবেও কৰ্মশালা অনুষ্ঠিত কৰিব লাগে বুলি এতিয়া দৰঙত চৰ্চা আৰম্ভ হৈছে৷
শাসকীয় দলৰ একাংশ নেতা-কৰ্মীৰ আচৰণ এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে জিলাখনত৷ নিশাৰ ভিতৰতে একাংশ লোকৰ জীৱন ধাৰণৰ মানদণ্ড সলনি হোৱাৰ লগতে ব্যৱহাৰৰ ব্যাপক সলনি হোৱা বুলি খোদ দৰং জিলাৰ সাংবাদিকে অভিযোগ উত্থাপন কৰিছে৷
দৰং জিলাৰ কেইবাগৰাকী জ্যেষ্ঠ সাংবাদিকে একাংশ লোক বহু সোনকালে সলনি হোৱা বুলি অভিযোগ উত্থাপন কৰিছে৷ শাসকীয় দলটোৰ একাংশ লোকে আন ৰাজনৈতিক দলৰ নেতা-কৰ্মীক উদ্দেশ্যে ফেচবুকত অশ্লীল ভাষা ব্যৱহাৰ কৰি গালি-গালাজ কৰাতে ক্ষান্ত নাথাকি এইবাৰ সাংবাদিক-চিকিৎসকক লক্ষ্য কৰি পোষ্ট দিয়া আৰম্ভ কৰিছে৷
বিজেপিৰ ভাতৃ সংগঠন যুৱ মৰ্চাৰ এগৰাকী নেতাই ফেচবুকত সাংবাদিক-চিকিৎসকক 'পাব্লিক ধুলাই' দিয়াৰ কথা উল্লেখ কৰে৷ সভা সমিতিয়ে গেৰুৱা বস্ত্ৰ পৰিধান কৰি সমাজ সেৱকৰ ভাও ধৰা দৰং জিলাৰ যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক মানস প্ৰতিম হাজৰিকাই সাংবাদিকক ৰাজহুৱাকৈ মাৰধৰ কৰাৰ কথা স্পষ্ট কৰে ফেচবুকত দিয়া এটি পোষ্টৰ জৰিয়তে৷
সমাজৰ হকে সেৱা আগবঢ়াই অহা সাংবাদিক-চিকিৎসকক ফেচবুক যোগে আক্ৰমণৰ লক্ষ্য কৰি লয় মানসে৷ এই দুই বিশেষ পেচাৰ লোকক আক্ৰমণ কৰিবলৈ উচটনি দিয়ে৷ শাসকীয় দলৰ এগৰাকী প্ৰভৱাশলী নেতাৰ এনে আপডেট দিয়াৰ পাছতেই জিলাখনৰ সাংবাদিকৰ লগতে চিকিৎসকসকল আশংকাত দিন পাৰ কৰে৷
ইতিমধ্যে নেতাগৰাকীৰ আপডেটক গুৰুত্বসহকাৰে লৈ মঙলদৈৰ সাংবাদিকসকল মঙলদৈ সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। ইমানে নহয় জিলা খনৰ চিকিৎসকসকল শংকিত হৈ কাৰ্যনিৰ্বাহক সভাৰো আয়োজন কৰিছে।
বিভিন্ন সময়ত ৰাজ্যৰ সাংবাদিকসকল আক্ৰমণ, হত্যাৰ বলি হৈ অহাৰ সময়তে শাসকীয় দলৰ ভাতৃ সংগঠন যুৱ মৰ্চাৰ নেতাই মুকলি ভাৱে উচটনি দিয়া কাৰ্যক তীব্ৰ গৰিহণা দিয়ে মঙলদৈ প্ৰেছ ক্লাব, বাৰ্তাজীবি সংঘ, আপকু, আছু, যুৱ-ছাত্ৰ পৰিষদে৷