
লংকাঃ নিজ দলৰ চৰকাৰ থকাৰ পাছতো বিৰোধী আৰু এটি নিৰ্দিষ্ট জনগোষ্ঠীৰ লোকক টাৰ্গট কৰি প্ৰতিদিনে বিস্ফোৰণ কৰি অহা বিধায়ক শিলাদিত্য দেৱৰ গৃহ জিলা হোজাই জিলাত সুৰক্ষিত নহয় নাৰী৷ যোৱা কেইবাটাও দিনত সংঘটিত ঘটনাই এই কথাৰ প্ৰমাণ কৰে৷
যোৱা ১৬ মাৰ্চৰ নিশা জিলাখনৰ লংকা প্ৰাথমিক শিক্ষাখণ্ডৰ জুঠাংৱস্তি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ইউছুফ আলীয়ে এগৰাকী যুৱতীক নিশা শ্মশানলৈ নি যৌন নিৰ্যাতন চলোৱাৰ অভিযোগৰ চাঞ্চল্য মাৰনৌযাওঁতেই এইবাৰ নিজ খুৰাকে ভতিজাকক ধৰ্ষণ কৰিব বিচৰাৰ অভিযোগ উত্থাপন হৈছে জিলা খনত৷
ডবকাৰ মিকিৰআটি হাওগাঁৱত ০৩ মাৰ্চৰ নিশা এগৰাকী যুৱতীক ধৰ্ষণৰ চেষ্টা চলাই খুৰাকে। জুটন দেৱনাথ নামৰ লোকজনে ঘটনা সংঘটিত কৰি পলায়ন কৰে যদিও আৰক্ষীয়ে আটক কৰিবলৈ অভিযান অব্যাহত ৰাখিছে৷ ধৰ্ষণৰ চেষ্টা চলাই বিফল হোৱাত যুৱতীগৰাকীক বৰ্বৰ ভাবে আক্ৰমণ কৰে খুৰাক জুটন দেৱনাথে।
জানিব পৰা মতে, হোজাই জিলাৰ ডবকামিকিৰ হাওগাঁৱত এগৰাকী যুৱতীয়ে নিজ ঘৰত ফোনত কথাপাতি আছিল৷ নিশা প্ৰায় ১২ বজাত যুৱতীগৰাকীৰ ওচৰলৈ আহে নিজ খুৰাক জুটন দেৱনাথে৷ খুৰাক দেৱনাথে কোনো কথাৰ অৱতাৰণা নকৰাকৈ যুৱতীক গৰাকীৰ সৈতে অনৈতিক কাৰ্যত লিপ্ত হ’ব বিচাৰে৷
যুৱতীগৰাকীয়ে এই কথাত সৈমান নোহোৱাত খুৰাকে দেহৰ বল খটুৱাই অনৈতিক কাৰ্যত লিপ্ত হ’বৰ বাবে অপচেষ্টা চলাই৷ যুৱতীগৰাকীয়ে তথাপিও সৈমান নোহোৱাত বেয়াকৈ মাৰ-ধৰ কৰে যদিও সুযোগ বুজি পলায়ন কৰে যুৱতীগৰাকীয়ে৷
যুৱতীগৰাকীয়ে খুৰাকৰ পৰা পৰা ৰক্ষা পাবলৈ দৌৰ দিয়ে যদিওঁ যুৱতীগৰাকীক খেদি খেদি আক্ৰমণ কৰে৷ যুৱতীগৰাকীক জুটন দেৱনাথে ৫০০ টকা দিয়াৰ প্ৰলোভন দিছিল বুলি জানিব পৰা গৈছে৷ স্থানীয় ৰাইজে যুৱতীগৰাকীয়ে চিঞৰ-বাখৰ কৰাতহে ঘটনা পোহৰলৈ আহে বুলি কয়৷ মাজনিশা দৌৰি গৈ এঘৰ লোকৰ ঘৰত আশ্ৰয় লব বিচাৰিছিল যদিও অসহায় যুৱতীগৰাকীক আশ্ৰয় দিয়া নাছিল৷
এটা সময়ত যুৱতীগৰাকীক হত্যাৰ চেষ্টা কৰা বুলিও অভিযোগ উত্থাপন হৈছে৷ নিশা প্ৰায় ১২ বজাত ঘৰ এৰি পলায়ন কৰে নিৰ্যাতিতা যুৱতীগৰাকী৷ তাৰ পিছতে এই আৰক্ষীক খবৰ দিয়ে পৰিয়ালৰ লোকে৷ মাজনিশা আৰক্ষীয়ে অভিযান চলাই ঘৰৰ পৰা বহু নিলগত আতংকিত যুৱতীগৰাকীক উদ্ধাৰ কৰে আৰক্ষীয়ে৷
সমগ্ৰ ৰাজ্যত নাৰী নিৰ্যাতন অব্যাহত থকাৰ লগতে এই ঘটনা সমূহৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত থকাৰ সময়তে এইবাৰ হোজাই জিলাত সংঘটিত ঘটনাই পুনৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে