
লিডুঃ কল ইণ্ডিয়াত কৰ্মৰত হাজাৰ হাজাৰ টকা দৰমহা ভোগ কৰা লোকৰ সন্তানৰ বিদ্যালয়ৰ মাচুল বৃদ্ধি নকৰি দৰিদ্ৰ লোকৰ সন্তানৰ মাচুল দুগুণ বৃদ্ধি কৰাত জাঙুৰ খাই উঠিছে অভিভাৱক৷ হাজাৰ হাজাৰ টকা দৰমহা পোৱা লোকসকলে মাথো ১১০০ টকা আৰু মাহেকত ৫ হাজাৰ টকা উপাৰ্জন কৰা দৰিদ্ৰ পৰিয়ালৰ সন্তানৰ ২২০০ টকালৈ বৃদ্ধি কৰে বিদ্যালয়ৰ মাচুল৷
মাচুল হ্ৰাস হ’ব লাগিছিল দৰিদ্ৰ-খাটিখোৱা লোকসকলৰ কিন্তু হাজাৰ হাজাৰ টকা দৰমহা লাভ কৰা লোকৰসকলৰ সন্তানৰ হে মাচুল হ্ৰাস কৰে৷ ফলত এই বৈষম্য কিয় বুলি প্ৰশ্ন উত্থাপন কৰিছে অভিভাৱকে? দেশত এই বৈষম্য থাকিব নালাগে৷
এনে ধৰণৰ বৈষম্য নোহোৱা হ’ব লাগে৷ কোনোবাই নিজৰ সন্তানটোক ভাল শিক্ষা দিব বিচাৰে৷ সেই সন্তানটোৱে দেশৰ বাবে কাম কৰিব৷ সন্তানটোৱে সকলো সুবিধা পাব লাগে৷ এনদৰে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ বৰগোলাই বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ৰ অভিভাৱকে ক্ষোভ উজাৰে৷
কলইণ্ডিয়াৰ অস্থায়ী আৰু কাম নকৰা বাহিৰৰ দৰিদ্ৰ লোকৰ সন্তানৰ মাচুল দুগুণ বৃদ্ধি কৰাত জাঙুৰ খাই উঠিছে অভিভাৱকসকল৷ যাৰ ফলত বুধবাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি শীঘ্ৰে মাচুল হ্ৰাস কৰাৰ দাবী জনাই অভিভাৱসকলে৷
বিদ্যালয়ৰ প্ৰৱেশ দ্বাৰত অভিভাৱকসকলে প্ৰতিবাদ সাব্যস্ত কৰি মাচুল দুগুণ বৃদ্ধি কৰি কল ইণ্ডিয়াই বৈষম্য কৰাৰ অভিযোগ উত্থাপন কৰে৷ অভিভাৱকে বিদ্যালয় খনৰ প্ৰৱেশ দ্বাৰত এঘন্টা কাল প্ৰতিবাদ সাব্যস্ত কৰি বিদ্যালয়খনৰ পৰিৱেশ উত্তাল কৰে৷ বিদ্যালয়খনে আইন অমান্য কৰি ব্যক্তিগত স্বাৰ্থসিদ্ধিৰ বাবে নিজ খেয়ালখুচি মতেই বিদ্যালয়ৰ মাহেকীয়া মাচুল বৃদ্ধি কৰি আহিছে বুলি কয়৷
বিদ্যালয় খনত শিক্ষা গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱকসকলে শীঘ্ৰে বিদ্যালয় কৰ্তৃপক্ষই মইমতালি বন্ধ কৰি মাচুল হ্ৰাস কৰিবলৈ আৰু কল ইণ্ডিয়া কৰ্মচাৰীৰ সৈতে বৈষম্যৰ নকৰিবলৈ দাবী জনায়৷