
তেজপুৰ টাউনঃ মুক্তিৰ পূৰ্বেই বিতৰ্কত সোমাই পৰা কন্ঠশিল্পী জুবিন গাৰ্গৰ কাঞ্চনজংঘা নামৰ ছবিখনত ব্ৰাহ্মণৰ লগুণ চিঙাৰ দৃশ্য গ্ৰহণ কৰা বুলি বিভিন্ন মাধ্যমত প্ৰচাৰ হৈ আহিছে৷ ব্ৰাহ্মণ সকলৰ পবিত্ৰ লগুণ ছিঙাৰ দৃশ্য থকা প্ৰচাৰ হোৱাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শোণিতপুৰৰ ব্ৰাহ্মণ সমাজে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷
অসমৰ চলচ্চিত্ৰ ইতিহাসত ধৰ্মীয় অনুভূতিক আঘাত কৰি কোনো দৃশ্য আজিলা প্ৰদৰ্শন হোৱা নাই বুলি কৈ শিল্পী জুবিন গাৰ্গক এনে কাম নকৰিবলৈ কয় জিলাখনৰ ব্ৰাহ্মণ সমাজে৷ পবিত্ৰ লগুণ ছিঙাৰ দৃশ্য ছবিখনৰ পৰা আতৰ কৰাৰো দাবী জনাই সদৌ অসম ব্ৰাহ্মণ যুৱ পৰিষদে।
আনহাতে সদৌ অসম ব্ৰাহ্মণ যুৱ পৰিষদে All Assam Brahmin Youth Council নামৰ ফেচবুক পেজত এটি পোষ্ট দি শিল্পী জুবিন গাৰ্গক আহ্বান জনাই কয় ‘‘জুবিন দা’ লৈ অনুৰোধ, কাৰো ধৰ্মীয় অনুভূতিত আঘাত নকৰিব৷ আজিলৈকে অসমীয়া চিনেমাত কাৰো ধৰ্মীয় অনুভূতিক লৈ অপমান কৰা দৃশ্য দেখুওৱা নাই। এনেই অসমৰ অৱস্থা ভাল নহয় বৰ্তমান৷ ধৰ্মীয় ৰাজনীতিয়ে ধৰ্মীয় সংঘৰ্ষ হোৱাৰ পথত৷ আপোনাৰ চিনেমা খনে যাতে ৰাজনীতিৰ মেৰপাকত সোমাই ধৰ্মীয় সংঘৰ্ষ নলগাই। কাৰণ মানুহৰ সময় নালাগে ৰাজনীতি কৰিবলৈ৷ কিছুমানে উলিয়াই দিব জুবিন দাই চিনেমা খনৰ যোগেদি ধৰ্মীয় সংঘৰ্ষ লগাবলৈ ব্ৰাহ্মণ সকলৰ লগুন ছিঙা দৃশ্য দেখুৱাইছে আৰু তাৰ বাবে কোনোবা হিন্দুত্ববাদী সংগঠনে পইচা দিছে৷ কোনোবাই উলিয়াই দিব মুছলমান সংগঠনে জুবিন দাক পইচা দিছে ব্ৰাহ্মণ সকলৰ ধৰ্মীয় অনুভূতিত আঘাত সানিবলৈ৷ যাতে অসমত ধৰ্মীয় সংঘৰ্ষ হয়। আৰু কোনোবায়ে তো already উলিয়াইছে যে, জুবিন দাই শংকৰী সংঘৰ পৰা পইচা লৈছে চিনেমা খন বনাওতে আৰু তাৰ বাবে ব্ৰাহ্মণসকলৰ ধৰ্মীয় অনুভূতিত অপমান কৰা দৃশ্য দেখাইছে৷ গতিকে জুবিন দা’ আপোনাক অনুৰোধ জনাওঁ যে এনেকুৱা দৃশ্য চিনেমাখনত নেদেখুৱাব৷ যাতে অসমত কোনো অপ্ৰীতিকৰ ঘটনা নঘটে৷ আপুনি যাতে ৰাজনৈতিক মেৰপেচত সোমাই নপৰে আৰু মিছাতে যাতে শংকৰী সংঘ, RSS বা ধৰ্মীয় সংখ্যালঘুৰ নাম ব্যৱহাৰ কৰি তেওঁলোকৰ বদনাম কৰাৰ লগতে ব্ৰাহ্মণ সকলৰো অপমান কৰিবলৈ সুবিধা নাপাই যাতে।’’
ইপিনে অসমৰ বিভিন্ন জিলাৰ লগতে ব্ৰাহ্মণ যুৱ পৰিষদৰ শোণিতপুৰৰ জিলা সমিতিয়ে উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু সাংস্কৃতিক মন্ত্ৰী নৱ কুমাৰ দলৈক স্মাৰক পত্ৰ প্ৰেৰণ কৰি উক্ত দৃশ্য ছবিখনৰ পৰা প্ৰত্যাহাৰ কৰা দাবী জনায়৷