বিশিষ্ট শিক্ষাবিদ, পণ্ডিত বিশ্বেশ্বৰ বৰাৰ মৃত্যু

চামগুৰিঃ বিশিষ্ট শিক্ষাবিদ, পণ্ডিত বিশ্বেশ্বৰ বৰাই বুধবাৰে বিয়লি ৩-৪৫ মিনিটত মৃত্যুক আকোৱালি লয়৷ নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত পুৰণিগুদামৰ কাষৰিগাঁওস্থিত নিজা বাসগৃহত মৃত্যুক ৯৩ বছৰ বয়সত মৃত্যুক আকোৱালি লয় বিশ্বেশ্বৰ বৰাই৷ ওৰেটো জীৱন সমাজসেৱাৰ সৈতে জড়িত থকা মহীৰূহগৰাকীৰ মৃত্যুত বৃহত্তৰ পুৰণিগুদাম অঞ্চলৰ শৈক্ষিক সমাজ তথা বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ কৰ্মকৰ্তা শোকত ম্ৰিয়মান হৈ পৰা পৰিলক্ষিত হয়৷ 

১৯২৫ চনৰ ২৩ মে'ত জন্মগ্ৰহণ কৰা বৰাই পুৰণিগুদামৰ মোক্তাৱ প্ৰাথমিক বিদ্যালয়ত শিক্ষকতাৰ জীৱন আৰম্ভ কৰি প্ৰধান শিক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰাৰ পাছতো পুৰণিগুদামৰ আগশাৰীৰ শিক্ষানুষ্ঠান পুৰণিগুদাম বিদ্যানিকেতনৰ শৈক্ষিক সঞ্চালক (অবৈতনিক) ৰূপে মৃত্যুৰ আগমূহুৰ্তলৈকে সেৱা আগবঢ়াই আছিল৷ সংস্কৃতিৱান ব্যক্তি হিচাপে পৰিচিত সৰবৰহী তথা অমায়িক ব্যক্তিগৰাকীয়ে বৃহত্তৰ পুৰণিগুদাম অঞ্চলৰ অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত থাকি অভিভাৱকৰ দায়িত্ব পালন কৰি গৈছিল৷ 

পুৰণিগুদামৰ ইতিহাস সম্পৰ্কে গভীৰ জ্ঞান আহৰণ কৰা শিক্ষাবিদগৰাকীয়ে ৯২ বছৰ বয়সত অসম সাহিত্য সভাৰ আজীৱন সদস্যৰ পদ গ্ৰহণ কৰিছিল৷ পুৰণিগুদাম বাপুজী ভৱন আৰু পুথিভঁৰালৰ জন্মলগ্নৰ সদস্য হিচাপে সেৱা আগবঢ়াই বিশিষ্ট পণ্ডিতগৰাকীয়ে অঞ্চলটোৰ শিশুসকলৰ অভিভাৱক ৰূপে নিষ্ঠা আৰু দায়িত্ব সহকাৰে কৰ্তব্য পালন কৰিছিল৷

মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে-লগে বিভিন্ন দল-সংগঠনৰ লোক বাসগৃহত উপস্থিত হৈ শিক্ষাবিদগৰাকীক শেষ শ্ৰদ্ধা নিবেদন কৰাৰ লগতে পুৰণিগুদামৰ বিদ্যানিকেতনৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক, কৰ্মচাৰী তথা অভিভাৱকসকলে তেওঁৰ নশ্বৰ দেহ শিক্ষানুষ্ঠানলৈ আনি অন্তিম শ্ৰদ্ধা জনায়৷

পুৰণিগুদাম বাপুজী ভৱন আৰু পুথিভঁৰাল, অৰ্নিবান গোষ্ঠী, কলং কলা কেন্দ্ৰ, পুৰণিগুদাম প্ৰেছ ক্লাৱ, পুৰণিগুদাম সংগীত বিদ্যালয়, অসম নাট্য সন্মিলন পুৰণিগুদাম শাখা, পুৰণিগুদাম শাখা সাহিত্য সভা, অবিনশ্বৰ গোষ্ঠী, মণিকূট কৃষ্টি বিকাশ কেন্দ্ৰ, অংগাভিনয়, অসম গণ পৰিষদ পুৰণিগুদাম আঞ্চলিক, চামগুৰি ইলেক্ট্ৰনিক মিডিয়া এছ'ছিয়েচন, সংযুক্ত সাংবাদিক সন্থা, চামগুৰিকে ধৰি বহুকেইটা অনুষ্ঠানে অন্তিম শ্ৰদ্ধা জনায়৷ মৃত্যুৰ সময়ত বৰাই এটি পুত্ৰ সন্তান, তিনিগৰাকী জীয়ৰী, বোৱাৰী, নাতি-নাতিনীসহ বহু আত্মীয় স্বজনক ইহসংসাৰত এৰি থৈ যায়৷