
ধিং/মৰিগাঁওঃ কেন্দ্ৰীয় চৰকাৰে দেশৰ সংখ্যালঘু লোকৰ পঢ়ি থকা সন্তানৰ জলপানিৰ বাবে বছৰে কোটি কোটি টকা মুকলি কৰি দি আহিছে৷ সমাজ খনৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ সমানে সমানে সংখ্যালঘু লোকসকলৰ সন্তানেও যাতে আগবাঢ়ি যাব পাৰে তাৰ বাবে বিভিন্ন আঁচনি ৰূপায়ন কৰি আহিছে চৰকাৰে৷
ভাৰত চৰকাৰে প্ৰথম মান শ্ৰেণীৰ পৰা বিশ্ববিদ্যাল আৰু গৱেষণা পৰ্যায়লৈ সংখ্যালঘু ছাত্ৰ-ছাত্ৰীক জলপানি দিয়াৰ ব্যৱস্থা কৰিছে৷ মেধাৰ ভিত্তিত ইউপিএ চৰকাৰৰ কাৰ্যকালৰ পৰা এই জলপানি দি আহিছে চৰকাৰে৷
সকলো শ্ৰেণীৰ লোকৰ সৈতে যাতে সংখ্যালঘু লোকসকল সমানে সমানে আগবাঢ়ি গৈ দেশৰ প্ৰগতিত সহায়ক হ’ব পাৰে তাৰ বাবে এই আঁচনি ৰূপায়ন কৰিছে দেশৰ চৰকাৰে৷ কিন্তু এই আঁচনি ৰূপায়নত অসমত ব্যাপক লুন্ঠন চলোৱাৰ অভিযোগ উত্থাপন হৈছে৷ বিশেষকৈ নগাঁও আৰু মৰিগাঁও জিলাত সংখ্যালঘু ছাত্র-ছাত্রীৰ জলপানিৰ ধন যিয়ে যেনেদৰে পাৰিছে গো-গ্ৰাসে লুটিছে বুলি অভিযোগ উত্থাপন হৈছে৷
জানিব পাৰ মতে, মৰিগাঁও জিলাত ২০১৭-১৮ বৰ্ষৰ Pre Matric scholarship Schemeৰ নামত প্ৰায় ২৮ লাখ টকা আত্মসাৎ কৰাৰ সন্দেহ কৰা হৈছে৷ লাহৰীঘাট আৰু ভূৰাগাঁও অঞ্চলৰ কেইবাখনো শিক্ষা অনুষ্ঠানৰ নামত অহা ছাত্র-ছাত্রীৰ জলপানিৰ ধন আত্মাসাৎ কৰাৰ অভিযোগত মৰিগাঁও আৰক্ষীয়ে ইতিমধ্যে মোজাম্মিল হক নামৰ যুৱক এজনক আটক কৰে৷
প্ৰকৃত ছাত্ৰ-ছাত্রীক বঞ্চিত কৰি ভুৱা বিদ্যালয়, ভুৱা ছাত্ৰ-ছাত্রীৰ নামত সংখ্যালঘু জলপানিৰ ধনৰ বাবে আৱেদন কৰে৷ তাৰ লগে লগে একাংশ লোকে লগলাগি ২৫০টা ভুৱা বেংক একাউন্ট খোলে৷ সেই একাউন্ট সমূহ খুলিছিল চিএছপিৰ গৰাকী মোজাম্মিল হকে৷ লাহৰীঘাট আৰু ভূৰাগাঁও অঞ্চলৰ কেইবাখনো শিক্ষা অনুষ্ঠানৰ নামত অহা টকা ভুৱা বিদ্যালয়, ভুৱা ছাত্ৰ-ছাত্রীৰ নামত জালিয়াতিৰে ২৫০টা ভুৱা বেংক একাউন্টৰ জৰিয়তে প্ৰায় ২৮ লাখ টকা সৰকাই৷
জানিব পৰা মতে, ভুৱা একাউন্ট যোগে ধন আত্মসাত কৰা তালিকাত ৬০ বছৰীয়া লোকো আছে৷ মৰিগাঁও, ভূৰাগাঁও আৰু লাহৰীঘাটৰ বহু শিক্ষানুষ্ঠানৰ টকা মোজাম্মিল হকৰ সৈতে লগলাগি এটা বৃহৎ চক্ৰই লুটি নিয়ে৷
ভূৰাগাঁও আৰক্ষীয়ে মোজাম্মিল আটক কৰি তদন্ত অব্যাহত ৰাখিছে৷ মৰিগাঁও আৰক্ষী অধীক্ষকে বৰ্তমানলৈ ২৮ লাখ টকাৰ কেলেংকাৰী সংঘটিত হৈছে যদিওঁ ধনৰ পৰিমাণ বেছি হোৱা সম্ভৱনা আছে বুলি কয়৷
আনহাতে নগাঁও জিলাতো সংঘটিত হৈছে তদ্ৰুপ ঘটনা৷ সংখ্যালঘু ছাত্ৰ-ছাত্রীৰ বাবে অহা প্ৰায় ৭০ লাখ টকা ৰাজনৈতিক প্ৰভাৱশালী চক্ৰই আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰে ৰাইজে৷ Pre Matric scholarship Schemeৰ ধন প্ৰদানৰ নামত জিলা খনত সংঘটিত হৈছে বৃহৎ কেলেংকাৰী৷ কেলেংকাৰীৰ পৰিমাণ প্রায় ৭০ লক্ষাধিক টকা হ’ব বুলি অনুমান কৰিছে।
প্ৰকৃত ছাত্ৰ-ছাত্রীক বঞ্চিত কৰি ভুৱা বিদ্যালয়, ছাত্ৰ-ছাত্রীৰ নামত সংখ্যালঘু জলাপানিৰ বাবে আৱেদন কৰি আত্মসাৎ কৰিছে লাখ লাখ টকা। নগাঁও জিলাৰ ধূপগুৰি পথাৰৰ অসম গ্ৰমীণ বিকাশ বেংকৰ গ্ৰাহক সেৱা কেন্দ্রৰ জৰিয়তে লুটিছে এই ধন৷ ধূপগুৰি পঞ্চায়তৰ জব কাৰ্ডৰ একাউন্টৰ জৰিয়তে এই ধন লুটি নিয়াৰ অভিযোগ উত্থাপন কৰে ৰাইজে৷
অসম গ্ৰামীন বিকাশ বেংকৰ গ্ৰাহক সেৱা কেন্দ্রৰ জৰিয়তে বৃহৎ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। গ্ৰামীন বিকাশ বেংকৰ ধিং শাখাৰ অন্তৰ্গত ধূপগুৰি পথাৰ গ্ৰাহক সেৱা কেন্দ্রত সংঘটিত হৈছে এই কেলেংকাৰী।
প্ৰকৃত ছাত্ৰ-ছাত্রীক বঞ্চিত কৰি ভুৱা বিদ্যালয়, ভুৱা ছাত্ৰ-ছাত্রীৰ নামত সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ জলাপনি আৱেদন কৰে চক্ৰটোৱে৷ অসম গ্ৰামীন বিকাশ বেংকৰ ধূপগুৰি পথাৰ গ্ৰাহক সেৱা কেন্দ্রৰ গৰাকী ছাজিদুৰ ৰহমান আৰু এটা বৃহৎ চক্ৰই সংঘটিত কৰে এই কেলেংকাৰী।
ছাজিদুৰ ৰহমানৰ হাতত জমা থকা ধূপগুৰি পঞ্চায়তৰ জব কাৰ্ডৰ বেংক একাউন্ট নম্বৰৰ জৰিয়তে আৱেদন কৰিছিল সংখ্যালঘু জলপানি। উচ্চ আৰু নিম্ন প্ৰাথমিক পৰ্যায়ৰ ছাত্ৰ-ছাত্রীৰ জলাপনিৰ বাবে আৱেদনৰ সৈতে পিতৃ মাতৃৰ বেংকৰ একাউন্ট নম্বৰ ব্যৱহাৰ কৰিব পাৰে৷ যাৰ বাবে ছাজিদুৰ ৰহমানৰ হাতত জমা থকা প্ৰায় পাচ শতাধিক বেংক একাউন্টেৰে জলাপনিৰ বাবে আৱেদন কৰিছিল।
সংখ্যালঘু পৰিক্ৰমা বিভাগে অনলাইন যোগে জলপানিৰ ধন মোকলাই দিয়াৰ লগে লগে একাউন্ট সমূহত ১০,৪০০-১০,৭০০ টকাকৈ জলপানিৰ ধন জমা হয়৷ কিন্তু চতুৰ ছাজিদুৰে সহজ সৰল লোকক জব কাৰ্ডৰ ধন জমা হোৱা বুলি কৈ মাতি আনি ৪০০-৫০০ টকাকৈ দি সমুদায় টকা আত্মসাৎ কৰি বৰ্তমান আত্মগোপন কৰি আছে৷
ছাজিদুৰৰ দুৰ্নীতিৰ তথ্য পোহৰলৈ অহাত সচেতনমহলে নগাঁও আৰক্ষী অধীক্ষক আৰু ধিং আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও কোনো লোকক আটক নকৰাত ৰাইজৰ সন্দেহ উপজিছে।
বহু সন্তান নথকা পৰিয়ালৰ পিতৃ মাতৃৰ একাউন্টতো সোমাই জলপানিৰ ধন। পূৰ্বে ছাজিদুৰ ৰহমানে জবকাৰ্ডৰ ধন আত্মসাৎ কৰি গ্ৰেপ্তাৰ হ’ব লগীয়া হৈছিল। সংখ্যালঘু ছাত্ৰ-ছাত্রীৰ জলপানিৰ ধন আত্মসাৎ কৰা ছাজিদুৰ ৰহমান আৰু চক্ৰটোৰ বিৰুদ্ধে নগাঁও আৰক্ষী প্রশাসনে তদন্ত কৰি উচিত শাস্তি প্রদান কৰিবলৈ সক্ষম হ’ব নে সেয়া লক্ষ্যণীয় হ’ব৷