
ডিজিটেল ডেস্কঃ সকলো জল্পনা-কল্পনাৰ অৱসান ঘটাই জোধপুৰ আদালতে ২০ বছৰ পুৰণি কৃষ্ণ মৃগ হত্যা গোচৰত ছলমান খানৰ শাস্তি ঘোষণা কৰে৷ জোধপুৰ আদালতে ৫ বছৰৰ কাৰাবাস ঘোষণা কৰে কৃষ্ণ মৃগ হত্যা গোচৰৰ দোষী ছলমানক৷
I feel bad. He should be given relief. He has done a lot of humanitarian work: Jaya Bachchan, Rajya Sabha MP on #SalmanKhan #BlackBuckPoachingCase pic.twitter.com/VUEM0RIweE
— ANI (@ANI) April 5, 2018
বৃহস্পতিবাৰে জোধপুৰ আদালতে শাস্তিৰ ৰায় দিয়ে৷ একেটা দিনতে পুৱা ১১.৫০ বজাত আদালতে দোষী সাব্যস্ত কৰিছিল ছলমান খানক৷ ছলমান খানক ৫বছৰৰ কাৰাবাসৰ ৰায় ঘোষণা কৰাৰ লগতে ১০ হাজাৰ জৰিমণা বিহে ছলনামক৷ ইয়াৰ লগে লগে জামিনৰ বাবে আৱেদন কৰাৰ সুবিধা লাভ কৰিব ছলমানে৷
Rajasthan: Members of Bishnoi community celebrate outside Jodhpur Court after the Court pronounced 5-year-imprisonment to Salman Khan in #BlackBuckPoachingCase pic.twitter.com/GqGLn3dMYh
— ANI (@ANI) April 5, 2018
ৰায় ঘোষণা কৰাৰ লগে লগে আদালতৰ ভিতৰতে আৰক্ষীয়ে জিম্মাত লয় ছলমানক৷ জোধপুৰ জেলত পূৰ্বৰ পৰা ন্যায়িক জিম্মাত থকা ধৰ্ষণৰ অভিযুক্ত আছাৰাম বাপুৰ সৈতে ৰখা হ’ব ছলমান খানক৷
Rajasthan: Salman Khan being brought out of Jodhpur Court. He has been awarded 5-year-imprisonment in #BlackBuckPoachingCase. pic.twitter.com/S69hprkKFP
— ANI (@ANI) April 5, 2018
জামিনৰ বাবে আজিয়েই আৱেদন কৰিব অভিনেতাজনৰ অধিবক্তাই৷ আনহাতে অভিনেতাৰ জনৰ অধিবক্তাই শীৰ্ষ আদালতত এই ৰায়ক প্ৰত্যাহ্বান জনাব৷ Wildlife Protection Actৰ ৫১, ১৪৯ (ভাৰতীয় দণ্ড বিধি) নং ধাৰাত সৰ্বোচ্ছ ৬ বছৰৰ শাস্তি ঘোষণা কৰিব পাৰে৷
#Blackbuck case: #SalmanKhan gets five years of imprisonment#SalmanKhan #SalmanConvicted
— ANI Digital (@ani_digital) April 5, 2018
Read @ANI story | https://t.co/5NyOvr34vc pic.twitter.com/N0p8mhLY12
এই ঘটনাৰ আন চাৰি অভিযুক্ত অভিনেতা ছৈঈফ আলি খান, নিলম, সোণালি বেন্দ্ৰে, আৰু তাব্বুক নিৰ্দোষী ঘোষণা কৰে আদালতে৷ আদালত চৌহদত ছলমান খানাৰ সৈতে ভগ্নী অৰ্পিতা আৰু অলবিৰাও উপস্থিত থাকে৷ বৃহস্পতিবাৰে পুৱা ১১.৩০ বজাত সকলো অভিযুক্ত জোধপুৰ আদালতত হাজিৰ হৈছিল৷ চৰকাৰী অধিবক্তাই তেওলোকৰ পক্ষ মজবুত বুলি কৈ তেওঁলোকে এই গোচৰৰ অভিযুক্তক শাস্তি দি এৰিব বুলি কৈছিল৷
ইয়াৰ পূৰ্বে ছলমান খানে অস্ত্ৰ গোচৰৰ লগতে আন দুটা গোচৰত ৰেহাই পায়৷ এইটো আছিল চতুৰ্থ গোচৰ যিটো গোচৰত ছলমান খানত দোষী সাব্যস্ত কৰা হয়৷
Actor Salman Khan sent to jail for 5 years in #BlackBuckPoachingCase, a penalty of Rs 10,000 also levied on him. pic.twitter.com/ZgXbXBnvx4
— ANI (@ANI) April 5, 2018
১৯৯৮ চনত এটি নিশা দুটা কৃষ্ণ মৃগ চিকাৰ কৰাৰ অভিযোগ উত্থাপন হৈছিল ছলমানৰ বিৰুদ্ধে৷ জোধপুৰৰ চটে কাংকাণী নামৰ গাঁৱত ছলমান খানে দুটা কৃষ্ণ মৃগ হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছিল৷ সেই সময়ত ছলমানৰ ‘হাম ছাথ ছাথ হ্যে’ বোলছবি খনৰ দৃশ্য গ্ৰহণ হৈ আছিল৷
ইয়াৰ পূৰ্বে এই ঘটনাৰ বাবে জোধপুৰ জেলত ছলমান খানে ১৮ দিন থাকিব লগা হৈছিল৷ ১৯৯৮ চনত ১২ অক্টোবৰত বন বিভাগে আটক কৰিছিল ছলমানক৷ ১২ অক্টোবৰৰ পৰা ১৭ অক্টোবৰলৈ জেলত থাকিব লগা হৈছিল৷ পুনৰ ফাৰ্ম হাউচ গোচৰত ২০০৬ চনৰ ১০ এপ্ৰিলৰ পৰা ১৫ এপ্ৰিললৈ চেন্ট্ৰেল জেলত থাকিব লগা হৈছিল৷ চেচন কোৰ্টে পূৰ্বে ঘোষণা কৰা শাস্তিৰ বাবাদ ২০০৭ চনৰ ২৬ আগষ্টিৰ পৰা ৩১ আগষ্টলৈ জেলত থাকিব লগা হৈছিল ছলমান।