
ডিজিটেল ডেস্কঃ ৬ বছৰীয়া সন্তানটোৰ ইচ্ছা আছিল আৰক্ষী বিষয়া হোৱাৰ৷ তেওঁ কৈছিল মই আৰক্ষী বিষয়া হ’ব বিচাৰো৷ সেই খবৰ দিয়া হ’ল হায়দৰাবাদৰ ৰচাকোৰাৰ আৰক্ষী আয়ুক্তক৷
হায়দৰাবাদৰ ৰচাকোৰাৰ আৰক্ষী আয়ুক্তই সেই সপোন পূৰণ কৰিলে ডি ঈষাণ নামৰ ছাত্ৰজনৰ৷ দ্বিতীয় শ্ৰেণীত অধ্যয়নৰত ছাত্ৰজনক এদিনৰ বাবে আৰক্ষী আয়ুক্ত নিয়োগ কৰা হয়৷ বুধবাৰে ৰচাকোৰাৰ আৰক্ষী আয়ুক্তই এদিনৰ বাবে নিজৰ চকী এৰি দিয়ে ডি ঈষাণক৷
‘মেক-এ-বিশ্ব’ নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানটোৰ সহায়ত ছাত্ৰজনৰ এই ইচ্ছা পূৰণ হয়৷ স্বেচ্ছাসেৱী অনুষ্ঠানটোক ঈষাণৰ পিতৃ-মাতৃয়ে এই কথা অৱগত কৰিছিল৷ স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে আৰক্ষী আয়ুক্ত মহেশ ভাগৱতৰ সৈতে কথা পাতে৷ তাৰ পিছতে আৰক্ষী বিষয়া মহেশ ভাগৱতে এই সিদ্ধান্ত লয়৷
ঈষাণে আৰক্ষী আয়ুক্তৰ দায়িত্ব লৈ কেইবাটাও পৰামৰ্শ দিয়ে৷ ঈষাণে কয় ‘‘মই মহিলাৰ সুৰক্ষাৰ বাবে পহৰা দিয়াৰ বাবে সুৰক্ষাকৰ্মী বৃদ্ধি কিৰম৷ মই চিচিটিভি কেমেৰা লগাম৷ যাৰ দ্বাৰা চোৰ ধৰা পৰিব৷’’
প্ৰকৃততে ঈষাণৰ দেহত কৰ্কট ৰোগে থিতাপি লয়৷ ঈষাণৰ পিতৃয়ে কয় তেওঁ আজিও কেতিয়াবা কেতিয়াবা স্কুললৈ যায়৷ বিগত বছৰৰ ডিচেম্বৰ মাহত কৰ্কট ৰোগ ধৰা পৰিছিল তেওঁৰ দেহত৷ যোৱা তিনিমাহ ধৰি তেওঁৰ চিকিৎসা চলি আছে৷ আৰক্ষী আয়ুক্ত ভগৱাতে ঈষাণৰ চিকিৎসাৰ বাবে ১০ হাজাৰ টকাৰ চেক প্ৰদান কৰে৷