
কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম উপস্বাস্থ্য কেন্দ্ৰৰ কোৱাৰ্টাৰত দীৰ্ঘদিনৰ পৰা নাৰীদেহৰ ব্যৱসায় চলি অহা বুলি অভিযোগ উত্থাপন হোৱাৰ পিছত অৱশেষত আৰক্ষীয়ে ব্যৱসায় চলা স্থানত তলা ওলোমালে বাধ্য হ’ল৷ একপ্ৰকাৰ বৃহস্পতিবাৰে নাৰীদেহৰ ব্যৱসায় উৎখাত কৰিলে কোকৰাঝাৰ আৰক্ষীয়ে।
ফকিৰাগ্ৰাম উপস্বাস্থ্য কেন্দ্ৰৰ পৰিচালনা সমিতিৰ সহযোগত আৰক্ষীয়ে উৎখাত কৰিলে ফকিৰাগ্ৰাম উপ-স্বাস্থ্য কেন্দ্ৰৰ ২২ নং আৱাসগৃহত চলি থকা অবৈধ নাৰী দেহৰ ব্যৱসায়৷ উল্লেখ্য যে, মনোৱাৰ ৰহমান নামৰ এম্বুলেন্স চালক এগৰাকীয়ে উপস্বাস্থ্য কেন্দ্ৰটোৰ ২২নং আৱাসগৃহ দীৰ্ঘদিন ধৰি অবৈধ দখল কৰি মদ, জুৱা আৰু নাৰী দেহৰ ৰমৰমীয়া ব্যৱসায় চলাই থকাৰ অভিযোহ উত্থাপন হৈছিল৷
যদিও উপস্বাস্থ্য কেন্দ্ৰটোৰ পৰিচালনা সমিতি আৰু আৰক্ষীয়ে কোনো ধৰনৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিল৷ ফকিৰাগ্ৰাম আৰক্ষীৰ নাকৰ তলতেই এনেদৰে মনোৱাৰ ৰহমানে গঢ়ি তোলা নাৰী দেহৰ ৰমৰমীয়া ব্যৱসায়ৰ বিস্তাৰিত বাতৰি একাংশ সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পাছতেই মনোৱাৰৰ কু-কীৰ্তিৰ কথা পোহৰলৈ অহাত আৰক্ষীয়ে মনোৱাৰৰ অবৈধ নাৰী দেহৰ ঘাটি উৎখাত কৰে৷
অবৈধভাৱে স্বাস্থকেন্দ্ৰৰ আৱাসগৃহ দখল কৰি নাৰী দেহৰ ব্যৱসায় চলোৱা ফকিৰাগ্ৰাম উপস্বাস্থ্য কেন্দ্ৰটোৰ নিৰ্দিষ্ট আৱাসগৃহটো বৃহস্পতিবাৰে পুৱা আৰক্ষীয়ে ছীল কৰে। উল্লেখ্য যে, পত্নী মিনাৰা বেগমক অকৰ্থ্য নিৰ্যাতন চলোৱা মনোৱাৰ ৰহমানে উপস্বাস্থ্য কেন্দ্ৰৰ নিৰ্দিষ্ট কোৱাৰ্টাৰটো অবৈধভাৱে দখল কৰি নাৰী দেহৰ ৰমৰমীয়া ব্যৱসায় গঢ়ি তোলাৰ ফলত ফকিৰাগ্ৰাম অঞ্চলৰ সামাজিক পৰিৱেশ বিনষ্ট হৈছিল। লক্ষণীয়ভাৱে আৰক্ষীৰ অভিযানৰ উমান পাই আৱাসগৃহটো ছীল কৰাৰ পূৰ্বেই মনোৱাৰ ৰহমান পলাই সাৰিবলৈ সক্ষম হৈছে৷