
ৰঙিয়া/মুছলপুৰ/বিশ্বনাথঃ ৰাজ্যৰ ইটো মূৰৰ পৰা সিটো মূৰলৈ ধৰ্ষণ কাণ্ড সংঘটিত হোৱাৰ বাতৰিয়ে ৰাজ্যৰ সচেতন নাগৰিকক চিন্তিত কৰি তুলিছে৷ এতিয়া নিতৌ সংঘটিত হ’ব ধৰিছে ধৰ্ষণ, যৌন নিৰ্যাতনৰ দৰে ঘটনা৷ সমাজখনত যুৱতী-কিশোৰী মহিলাসকল এতিয়া সুৰক্ষিত নহয়৷ মহিলা-যুৱতী কন্যা শিশু এতিয়া ক’তো সুৰক্ষিত নহয়৷
নিজ ঘৰ খনৰ লগতে ঘৰৰ পৰা ওলালেই নাৰী পদে পদে যৌন নিৰ্যাতনৰ সন্মুখীন হোৱাৰ আশংকাত পৰে৷ সেয়া বাছ, ৰেল, স্কুল, কলেজ, চৰকাৰী-বেচৰকাৰী কাৰ্যালয় য’তেই নহওক কিয়৷ নাৰী এতিয়া পদে পদে লাঞ্চিত হ’ব লগা হৈছে৷
যোৱা কেইবাটাও দিনত বৰ্বৰ, পাশৱিক ধৰ্ষণ কাণ্ড সংঘটিত হৈছে অসমত৷ এইবাৰ ধৰ্ষণ কাণ্ড সংঘটিত হৈছে ৰঙিয়াত৷ বৃহস্পতিবাৰে এগৰাকী মহিলাই নিজ কন্যাক ধৰ্ষণৰ অভিযোগ উত্থাপন কৰি ৰঙিয়া আৰক্ষী থানাত গোচৰ ৰুজু কৰে। ৰঙিয়া আৰক্ষীয়ে নজমুল আলম নামৰ যুৱক জনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৪৪৮/৩৭৬/৩৭৬ ধাৰাত ১৪১/১৮ নম্বৰত গোচৰ ৰুজু কৰি অভিযুক্তক আটক কৰাৰ বাবে অভিযান অব্যহত ৰাখিছে।
মহিলাগৰাকীয়ে যোৱা ৩১ মাৰ্চৰ নিশা প্ৰায় ১২ বজাত ৰঙিয়া গোঁসাই শৌলমাৰী গাঁৱৰ নজমুল আলম নামৰ যুৱক জনে কোঠাৰ দুৱাৰ ভাঙি যুৱতীগৰাকীৰ কোঠাত প্ৰৱেশ কৰি শুই থকা যুৱতীগৰাকীৰ সৈতে অনৈতিক কাৰ্য সংঘটিত কৰা বুলি অভিযোগ উত্থাপন কৰে। যুৱতীগৰাকীয়ে মাতৃক অৱগত কৰাত যুৱকজন সেনাৰ ভয় দেখুৱাই পলায়ন কৰে৷
স্থানীয় ৰাইজে থানাত গোচৰ দিয়াৰ বাবে পৰামৰ্শ দিয়াত বহু পলমকৈ ৰঙিয়া আৰক্ষী থানাত গোচৰ ৰুজু কৰা বুলি মহিলাগৰাকীয়ে জানিবলৈ দিয়ে। বাক্সা জিলাৰ তামুলপুৰত এম ই এছত কৰ্মৰত নজমুল আলম নামৰ যুৱকজনক আৰক্ষীয়ে আটক কৰাৰ বাবে আভিযান অব্যহত ৰাাখিছে।
আনহাতে বিশ্বনাথ চাৰিআলিতো এগৰাকী ৯ বছৰীয়া কিশোৰীক ধৰ্ষণৰ অভিযোগ উত্থাপন হৈছে৷ ৯ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰাৰ অভিযোগত ইতিমধ্যে নয়ন ৰাৱট নামৰ এগৰাকী যুৱকক আটক কৰি বিশ্বনাথ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷
বিটিএডিৰ বাক্সা জিলাৰ তামুলপুৰত বৃহস্পতিবাৰে কেইবাটাও দল-সংগঠনৰ নেতৃত্বত কেইবাশতাধিক লোকে ৰাজ্যত সংঘটিত হৈ অহা নাৰী নিৰ্যাতন-ধৰ্ষণ কাণ্ডৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ স্থানীয় কৃষক সংঘ, গ্ৰাম্য বিকাশ গোট, আছু, ৰাভা ছাত্ৰ সন্থা, আক্ৰাছু, এবছু, আকছু আদি সংগঠনে তামুলপুৰৰ আকাশ-বতাহ কঁপাই তুলি ৰাজ্য চৰকাৰক ধৰ্ষণকাৰীক ফাঁচী দিয়াৰ দাবী জনাই আইন প্ৰনয়ন কৰাৰ দাবী জনায়৷ প্ৰতিবাদকাৰী ধৰ্ষণকাৰীক ফাঁচী দিয়ক শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে তামুলপুৰ।