
শিৱসাগৰঃ শিৱসাগৰৰ জিলাৰ ইষ্টচাইড অ’টোৰ উদ্যোগত পৰিয়াল সুৰক্ষা শীৰ্ষক সজাগতামূলক অনুষ্ঠান বৃহস্পতিবাৰৰ পৰা ৩ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে৷ পথ সুৰক্ষা তথা পথত বাইক চলোৱাৰ সময়ত পৰিবহন বিভাগৰ নীতি-নিয়ম মানি নচলাৰ ফলত বহু লোকে অকালতে প্ৰাণ দিব লগা হয় এই কথাৰ প্ৰচাৰ কৰাৰ উদ্দেশ্যে অনুষ্ঠানৰ আয়োজন কৰে৷
প্ৰতিটো জীৱন অতিকৈ মূল্যৱান সাৱধনতা অৱলম্বন নকৰিলে এই জীৱন সুৰক্ষিত নহয়। এনে ধৰণৰ বিষয় সমূহ প্ৰচাৰৰ লক্ষ্যৰে সর্তকর্তামূলক আৰু সজাগতা সৃষ্টিৰ বাবে বিভিন্ন কার্যসূচী অনুষ্ঠিত কৰিব ইষ্টচাইড অ’টো নামৰ য়ামাহা বাইক বিক্ৰী কৰা অনুষ্ঠানটোৱে৷
সমাজৰ প্ৰতিজন নাগৰিকে নিজৰ আপোন পৰিয়ালটোৰ কথা ভবাটো প্ৰয়োজন৷ পথত সাৱধানতা, সতর্কতা, দায়িত্বসহকাৰে গাড়ী-মটৰ চলোৱাৰ সময়ত পথ-দুর্ঘটনা কমিব বুলি প্ৰচাৰ চলাই য়ামাহা ফেমিলি চেফটি অনুষ্ঠানত৷
শিৱসাগৰ নগৰৰ কে পি চাৰিআলিৰ পুৰণা জিলা পুথি ভঁৰালৰ চৌহদত ইষ্টচাইড অ’টোৰ সহযোগত ৩ দিনীয়াকৈ আয়োজিত হৈছে য়ামাহা ফেমিলি চেফটি অনুষ্ঠান৷ ষ্টেট বেংক অৱ ইণ্ডিয়াৰ শিৱসাগৰ মুখ্য শাখাৰ প্ৰৱন্ধকে বৃহস্পতিবাৰে উদ্বোধন কৰে অনুষ্ঠানটোৰ৷ য়ামাহা কোম্পানীৰ নতুন দিল্লীৰ পৰা অহা য়ামাহা মটৰ স্পৰ্টছ গোটৰ প্ৰতিনিধি দিনেশ কুমাৰ বাৰ্মা, কুমাৰ সৌৰভ আৰু উত্তৰ পূৱ বাণিজ্য পৰিচালক কল্লোল দূৱৰাই উপস্থিত থাকে৷