কমনৱেলথ গেমছত ভাৰতৰ মহিলাৰ দপদপনি, সঞ্জিতা চানুৱে দিলে ভাৰতক দ্বিতীয়টো সোণৰ মেডেল

ডিজিটেল ডেস্কঃ ০৪ এপ্ৰিলৰ পৰা আৰম্ভ হোৱা কমনৱেলথ গেমছত ভাৰতৰ চাইকাম মীৰাবাই চানুৰ পিছত সোণৰ পদক লাভ কৰিলে সঞ্জিতা চানুৱে৷ কমনৱেলথ গেমছত ভাৰতৰ হৈ দ্বিতীয়টো সোণৰ পদক আজুৰি আনিলে সঞ্জিতা চানুৱে৷ 

এতিয়ালৈ তিনিটা মেডেল আহিল ভাৰতলৈ৷ মহিলাৰ ৫৩ কেজি ভাৰ বৰ্গত এই মেডেল লাভ কৰে সঞ্জিতা চানুৱে৷ সঞ্জিতাই মুঠ ১৯২ কেজি ভাৰ উঠাই এই খিতাপ লাভ কৰে৷ 

কানাডাৰ ৰেচাল লেবাংগে ১৮২ কেজি ভাৰ দাঙি সীমাবদ্ধ থাকে৷ কবলৈ গলৈ কমনৱেলথ গেমছত ভাৰতৰ মহিলাৰ দপদপনি অব্যাহত আছে৷ এইবাৰৰ কমনৱেলথ গেমছত এতিয়ালৈ দুটা সোণৰ পদক আহিছে দুয়োটা মহিলা খেলুৱৈ আনিছে৷ 

ভাৰতৰ হৈ প্ৰথমটো সোণৰ পদক আজুৰি আনিলে মীৰাবাই চানুৱে৷ মহিলাৰ ৪৮ কেজি ভাৰত্তোলনত মীৰাবাই চানুৱে স্বৰ্ণ পদক লাভ কৰে৷