ধনসিঞ্চন? গংগাধৰ জলসিঞ্চন আঁচনিৰ মেৰামতিৰ বাবে আৱণ্টন দিয়া ২ কোটি কোনে খালে?

গোলকগঞ্জঃ ধুবুৰী জিলাৰ বৃহত্তৰ সংখ্যালঘু অঞ্চল তামাৰহাটৰ একমাত্ৰ জলসিঞ্চন আঁচনি তামাৰহাটৰ গংগাধৰ জলসিঞ্চন আঁচনি এতিয়া ঠিকাদাৰৰ বাবে ধনসিঞ্চনত পৰিণত হোৱাৰ অভিযোগ উত্থাপন হৈছে। 

একাংশ ঠিকাদাৰৰ সোণৰ কণি পৰা হাঁহত পৰিণত হোৱা জলসিঞ্চন আঁচনিটোৰ (lift irrigation) লাখ-লাখ টকা ব্যয় কৰাৰ পিছতো খেতিয়কৰ পথাৰত পানী দিবলৈ সক্ষম নোহোৱাৰ অভিযোগ উত্থাপন হৈছে৷ অভিযোগ মতে, শেহতীয়াকৈ আঁচনিটোৱে খেতি পথাৰত পানী দিবলৈ সক্ষম হোৱা নাই৷

কৃষকক পথাৰত পানী দিব নোৱাৰিলেও বিষয়া-অভিযন্তা, ঠিকাদাৰে মিলি লুন্ঠন অব্যাহত ৰাখিছে বুলি অভিযোগ উত্থাপন কৰে ৰাইজে। কৃষি পথাৰত পানী যোগানৰ বাবে চৰকাৰে কোটি কোটি টকা ব্যয় কৰি আহিছে জলসিঞ্চন বিভাগৰ দ্বাৰা ৰূপায়ন কৰা আঁচনিৰ জৰিয়তে৷ 

চৰকাৰে ঠিকাদাৰৰ হতুৱাই আৱণ্টন দিয়া টকা সমূহ একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰীৰ বাবে কৃষকে পথাৰত পানী নোপাৱাৰ অভিযোগ উত্থাপন হৈছে৷ প্ৰকৃতাৰ্থত সেই টকা সৎ পথত ব্যৱহাৰ বোৱাৰ পৰিৱৰ্তে বক্ৰ পথেৰে আত্মসাৎ হোৱাৰ অভিযোগ উত্থাপন হয়৷

ধুবুৰী জিলাৰ বৃহত্তৰ তামাৰহাট অঞ্চলৰ একমাত্ৰ জলসিঞ্চন আঁচনি হৈছে তামাৰহাটৰ গংগাধৰ জলসিঞ্চন আঁচনি। এই আঁচনিটোৱে বৃহত্তৰ অঞ্চলটোত খেতিয়ক ৰাইজৰ সুবিধাৰ্থে ৰূপায়ন কৰা হৈছিল৷ পথাৰত পানী যোগানৰ বাবে কোটি কোটি ব্যয় কৰি চৰকাৰে কুৰি বছৰ পূৰ্বে আঁচনিটো ৰূপায়ন কৰিছিল। কেইবা হাজাৰ হেক্টৰ মাটিত পানী দিবলৈ সক্ষম হোৱা আঁচনিটো চৰকাৰৰ অৱহেলাৰ বাবে বন্ধ হৈ পৰে। 

কংগ্ৰেছৰ দিনত ২০১৩-১৪ বিত্তীয় বৰ্ষত আঁচনিটো মেৰামতিৰ বাবে চৰকাৰে প্ৰায় দুই কোটি টকা আৱন্টন দিছিল। আঁচনিটো মেৰামতিৰ নামত অভিযন্তা ঠিকাদাৰে কোনোমতে কেনেলটো মেৰামতি কৰি দায়িত্ব সামৰে৷ কেৱল কেনেলটো মেৰামতি কৰি প্ৰকাণ্ড পাইপ সমূূহ সুৰক্ষা দিবলৈ কোনা ব্যৱস্থা নকৰি সম্পূৰ্ণ ধন আত্মসাত কৰা বুলি অভিযোগ উত্থাপন হৈছে৷

যাৰ বাবে পানী উত্তোলনৰ সময়ত পাইপ সমূহ তলত পৰি যোৱাত বিশেষ অসুবিধাৰ সৃষ্টি হয়। উপায়বিহীন হৈ কৰ্মচাৰীয়ে বাহৰ খুঁটা পুতি পাইপ ৰখাৰ ব্যৱস্থা কৰিছে যদিও পাইপৰ ওজন সহিব নোৱাৰি বাহ ভাঙি যোৱাত পানী যোগান ধৰাত বাধাৰ সৃষ্টি হৈছে।

ফলত খেতিয়কসকলে পানীৰ বাবে হাহাকাৰ কৰিব লগা হৈছে। ৰাইজে আঁচনিটো পুনৰ কাৰ্যক্ষম কৰিবলৈ চৰকাৰক দাবী জনায়। আনহাতে ৰাইজে, আঁচনিটো মেৰামতি কৰাৰ বাবে কংগ্ৰেছ চৰকাৰৰ দিনত আৱণ্টন দিয়া ২ কোটি কোনে খালে বুলি প্ৰশ্ন উত্থাপন কৰে?