অন্তঃসত্বা মহিলাক নিৰ্যাতন, নগাঁৱৰ মহিলাৰ গোচৰ ৰুজু

নগাঁওঃ সমগ্ৰ ৰাজ্য কপোৱা বটদ্ৰৱাৰ নাবালিকা ধৰ্ষণ আৰু হত্যাকাণ্ডৰ ঘটনাৰ চাঞ্চল্য মাৰনৌযাওঁতেই এইবাৰ নগাঁও জিলাত যৌতুকৰ বাবে মহিলাক নিৰ্যাতন চলোৱাৰ ঘটনা সংঘটিত হৈছে৷ জিলাখনৰ উত্তৰ-পশ্চিম প্ৰান্তৰ আলিটাঙনীৰ পতিয়া পথাৰত সংঘটিত হৈছে এই ঘটনা৷ ইতিমধ্যে পত্নীয়ে স্বামী গৃহৰ লোকৰ বিৰুদ্ধে আৰক্ষী থানাত গোচৰ ৰুজু কৰে৷

জানিব পৰা মতে, পতিয়া পথাৰৰ আক্কাছ আলীৰ পুত্ৰ মোকছিদুল ইছলামৰ সৈতে বিগত বৰ্ষৰ মে’ মাহত বিবাহপাশত আবদ্ধ হয় বটদ্ৰৱা থানাৰ অন্তৰ্গত হাইডুবীৰ মন্নাছ আলীৰ কন্যা মুছিদা খাতুনে৷ বিয়াৰ পিছৰে পৰা মোকছিদুলে যৌতুক বিচাৰি পত্নীক শাৰীৰিক-মানসিক নিৰ্যাতন চলাই অহাৰ অভিযোগ উত্থাপন হয়৷

নিৰ্যাতন চলাই দাবী কৰা যৌতুক দিব নোৱাৰাৰ বাবে পত্নীক বিগত বছৰৰ ৩ ছেপ্টেম্বৰত পিতৃ গৃহলৈ খেদি পঠিয়াই স্বামী মোকছিদুলে৷ বৰ্তমান আঠ মাহৰ অন্তঃসত্ত্বা মুছিদাই স্বামীয়ে দাবী কৰা যৌতুক দিবলৈ পিতৃৰ সামৰ্থ নথকাৰ বাবেই ভয়তে পিতৃগৃহতে আশ্ৰয় লৈ থাকিবলৈ বাধ্য হৈছিল৷ কিন্ত এই সময়ছোৱাত গৰ্ভৱতী পত্নীৰ কোনো খবৰ-খাতি লোৱাৰ পৰা বিৰত থকা মোকছিদুলে যোৱা ৩০ মাৰ্চত গোপনে আন এগৰাকীক বিয়া কৰায়৷ 

কিন্তু এই কথা জানিব পাৰি মুছিদা কিংকৰ্তব্যবিমূঢ় হৈ পৰে আৰু উপায়ন্তৰ হৈ ডুমডুমীয়া আৰক্ষী পহৰা চকীত এজাহাৰ দাখিল কৰে৷ এজাহাৰত দুৰ্ভগীয়া গৰ্ভৱতী মুছিদাই বিয়াৰ পিছৰে পৰা স্বামী মোকছিদুলৰ লগতে শহুৰ আক্কাছ আলী, শাহুৰ হাজেৰা খাতুন আৰু দেওৰ আশ্বাদুল্লাহে ধাৰাবাহিকভাবে যৌতুক বিচাৰি নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰি আন এগৰাকীক গোপনে বিবাহ কৰোৱাৰ কথা উল্লেখ কৰি উচিত ন্যায়ৰ বাবে আৰক্ষীক অনুৰোধ জনায়৷

ইফালে, দুৰ্ভগীয়া গৰ্ভৱতী মহিলাগৰাকীৰ এজাহাৰৰ ওপৰত ভিত্তি কৰি আৰক্ষীয়ে ভাৰতীয় দণ্ড বিধিৰ ৪৯৮ এ/৪৯৪/৫০৬/৩৪ নং ধাৰাৰ অধীনত ১৩৫/১৮ নম্বৰত এটি গোচৰ পঞ্জীয়ন কৰি মহিলাগৰাকীৰ স্বামী, শহুৰ, শাহুৰ আৰু দেওৰেকক বিচাৰি অভিযান চলাইছে যদিও অভিযুক্ত পলাই থাকে৷