
নগাঁওঃ বটদ্ৰৱাৰ ধৰ্ষণ কাণ্ডৰ ঘটনাৰ চাঞ্চল্য মাৰনৌযাওঁতেই পুনৰ জিলাখনত এটাৰ পাছত এটা যৌন নিৰ্যাতনৰ ঘটনা পোহৰলৈ আহিব ধৰিছে৷ এইবাৰ জিলাখনৰ হাতীযুজুৱাত পোহৰলৈ আহিছে নাবালিকাক ৪ মাহ আবদ্ধ কৰি যৌন নিৰ্যাতন চলোৱাৰ দৰে জঘণ্য ঘটনা।
ইতিমধ্যে হাতীযুজুৱাৰ পৰিয়ালটোৱে মঞ্জিৰুল ইছলাম নামৰ যুৱকজনৰ বিৰুদ্ধে জাজৰি থানাত এজাহাৰ দাখিল কৰিছে। জানিব পৰা মতে, প্ৰেমৰ অভিনয়ৰে এগৰাকী কিশোৰীক অপহৰণ কৰিছিল মঞ্জিৰুল নামৰ যুৱকজনে৷ যোৱা ৪ মাহে কিশোৰীগৰাকীক গোপন স্থানত ৰাখি চলাইছিল যৌন নিৰ্যাতন।
চাৰিমাহ ধৰি অাৱদ্ধ হৈ থকা কিশোৰীগৰাকীক বৃহস্পতিবাৰে নিশা সংগোপনে এৰি থৈ যায় পিতৃগৃহৰ পৰা কিছু নিলগত। দৰিদ্ৰ পিতৃহীনা কিশোৰীগৰাকীয়ে জীৱনৰ সকলো হেৰুৱাই অৱশেষত মঞ্জিৰুলৰ বিৰুদ্ধে জাজৰি থানাত এজাহাৰ দাখিল কৰে।
উল্লেখ্য যে, যোৱা ১৪ ডিচেম্বৰত অপহৰণ কৰিছিল দশম শ্ৰেণীত অধ্যয়নৰত কিশোৰীগৰাকীক। মঞ্জিৰুলৰ পৰিয়াল অঞ্চলটোৰ অতি প্ৰতাপী অাৰু প্ৰভাৱশালী হোৱাৰ বাবেই তেওঁলোকৰ বিৰুদ্ধে মাত মাতিবলৈ সাহস নকৰে অঞ্চলবাসীয়ে।
ইমানে নহয় উক্ত সংখ্যালঘু এলেকাটোৰ বহু মাতব্বৰ সদৃশ পৰিয়ালে অপৰাধ কৰিলে এজাহাৰ দিবলৈ ভয় কৰে ৰাইজে৷ এই ঘটনা সংঘটিত হোৱাৰ পিছতো পতৃহীন পৰিয়ালটোৱে সাহস কৰা নাছিল মাতৃগৰাকীয়ে৷ এতিয়া জাজৰি অাৰক্ষীৰ তদন্তৰ ওপৰতে নিৰ্ভৰ কৰিছে দৰিদ্ৰ তথা পিতৃহীনা কিশোৰীগৰাকীৰ ন্যায়ৰ ভৰষা৷