প্রভাকৰ ফুকনৰ আমৰণ অনশন প্ৰত্যাহাৰ, পৰিচালনা সমিতিয়ে ৰুজু কৰিব গোচৰ

নামতিঃ ৬০ ঘন্টাৰ মূৰকত অনশন প্ৰত্যাহাৰ কৰিলে প্ৰভাকৰ ফুকনে৷ শিৱসাগৰ জিলাৰ শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয় ব্যাপত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি তদন্ত ঘোষণা কৰাৰ দাবীত আমৰণ অনশনত বহা প্ৰাক্তন ছাত্ৰ নেতা তথা সমাজকৰ্মী প্ৰভাকৰ ফুকনে শনিবাৰে অনশন প্ৰত্যাহাৰ কৰে৷ ক্ৰমান্বয়ে প্ৰভাকৰ অসুস্থ হৈ পৰিছিল প্ৰভাকৰে৷ আছু-আটাছুৰ নেতা-কৰ্মীয়ে প্ৰভাকৰক প্ৰতিটো মুহূৰ্তত খবৰ ৰাখি চিকিৎসা কৰি থকা পৰিলক্ষিত হৈছিল।

অনশনে ৬০ ঘন্টা অতিক্ৰম কৰাৰ পাছতো অসম চৰকাৰ, শিক্ষা বিভাগ, শিৱসাগৰ জিলা প্ৰশাসনে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈ আহিছিল যদিও ছহিদ পিয়লি ফুকন মহাবিদ্যালয়ৰ ভাৰপ্রাপ্ত অধ্যক্ষা মীনু হাজৰিকা, সহযোগী অধ্যাপক গজেন কুমাৰ কাকতি, সহকাৰী অধ্যাপক ৰমেন বৰুৱা, ধ্রুৱজ্যোতি নাথ, কার্যালয় সহায়ক বিজয় চলিহা, ছাত্র একতা সভাৰ সাধাৰণ সম্পাদক নৱজ্যোতি বৰগোঁহাইৰ উপস্থিতিত ৬ এপ্ৰিলত নাজিৰা মহকুমাধিপতিৰ কার্যালয় কক্ষত অনুষ্ঠিত হোৱা বৈঠকৰ লোৱা সিদ্ধান্তৰ প্ৰতিলিপি প্ৰদানৰ পাছতেই প্ৰভাকৰে অনশন প্ৰত্যাহাৰ কৰে।

অতিৰিক্ত উপায়ুক্ত ৰাজীৱ থাপাৰ উপস্থিতিত অনুষ্ঠিত বৈঠকত বিগত সময়ত ছহিদ পিয়লি ফুকন মহাবিদ্যালয়ত সংঘটিত বিত্তীয় অনিয়ম সন্দৰ্ভত মহাবিদ্যালয় পৰিচালনা সমিতিয়ে শীঘ্রে গুৱাহাটীস্থিত ইউজিচিৰ ক্ষেত্র কার্যালয়ত মহাবিদ্যালয়ত সংঘটিত বিত্তীয় অনিয়ম সন্দৰ্ভত অৱগত কৰাৰ সিদ্ধান্ত লয়। মহাবিদ্যালয়ৰ স্বার্থত প্রয়োজন সাপেক্ষে পৰিচালনা সমিতিয়ে আৰক্ষীৰ ওচৰত গোচৰ ৰুজু কৰা কোনো বাধা নাই বুলিও সিদ্ধান্ত লয় বৈঠকত।

শিৱসাগৰ জিলা উপায়ুক্তগৰাকীয়ে ইতিমধ্যে সমগ্র বিষয়টো অসম চৰকাৰৰ উচ্চ শিক্ষা সঞ্চালকালয় আৰু বিশ্ববিদ্যালয়ৰ অনুদান আয়োগৰ ক্ষেত্র কার্যালয়ত জনোৱা বুলি বৈঠকত অৱগত কৰে প্ৰশাসনে। মহাবিদ্যালয়ত আমৰণ অনশন অব্যাহত ৰখা প্রাক্তন ছাত্র প্রভাকৰ ফুকনক সিদ্ধান্ত সমূহৰ বিষয়ে জনোৱাৰ সিদ্ধান্ত লৈ অনশন প্ৰত্যাহাৰ কৰাৰ বাবে আবেদন জনোৱাৰ সিদ্ধান্ত লয়।

আশ্বাসৰ প্রতি গুৰুত্ব আৰোপ কৰি প্রায় ৬০ ঘণ্টা অতিক্রম কৰাৰ পাছত শুকুৰবাৰে নিশা ৮ বজাত প্রভাকৰ ফুকনে উপ-আৰক্ষী অধীক্ষক প্রফুল্ল সোণোৱাল আৰু নামতি থানাৰ ভাৰপ্রাপ্ত বিষয়া বিৰাজ কুমাৰ দাসৰ উপস্থিতিত অনশন প্ৰত্যাহাৰ কৰে। ইফালে নামতি আঞ্চলিক ছাত্র সন্থাৰ উদ্যোগত এখন জৰুৰী ৰাজহুৱা সভা অনুষ্ঠিত হয়। 

প্রাক্তন প্রধান শিক্ষক চফিউৰ ৰহমানৰ সভাপতিত্বত অনুষ্ঠিত আছুৰ সভাত মহাবিদ্যলয়ৰ কোটি টকীয়া কেলেংকাৰী সন্দর্ভত কেইবাটাও গুৰুত্বপূর্ণ সিদ্ধান্ত লয়। নামতি আঞ্চলিক ছাত্র সন্থাৰ সাধাৰণ সম্পাদক কন্দর্প নেওগে উদ্দেশ্য ব্যাখ্যা কৰা সভাত মহাবিদ্যালয়খনৰ ভাৰপ্রাপ্ত অধ্যক্ষ মীনু হাজৰিকা, মহাবিদ্যালয়ৰ প্রাক্তন ছাত্র নিলোৎপল দত্ত, শিৱসাগৰ জিলা ছাত্র সন্থাৰ সভাপতি অসীম দত্ত, শিৱসাগৰ জিলা ছাত্র সন্থাৰ কার্যনির্বাহক তথা ডিব্রুগড় বিশ্ববিদ্যালয়ৰ প্রাক্তন সভাপতি ধ্রুৱজ্যোতি কলিতা, আটাছুৰ শিৱসাগৰ জিলা সাংগঠনিক সম্পাদক অখিল আহোম, নামতি চাৰি আলি সন্মিলিত মুছলিম যুৱ সমাজৰ সম্পাদক ৰেকিবুদ্দিন আহমেদ, অসম জাতীয়তাবাদী যুৱ পৰিষদৰ শিৱসাগৰ জিলাৰ সভাপতি দিব্যজ্যোতি দাসৰ উপৰিও কেইবাজনো আছুনেতা, মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্রী, ছাত্র-ছাত্রী লগতে শতাধিক স্থানীয় ৰাইজ সভাখনত উপস্থিত থাকে।

উল্লেখ্য যে, শিৱসাগৰৰ নামতিৰ শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ত ১ কোটি ২৯ লাখ টকাৰ বিত্তীয় অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি যোৱা ৬০ ঘন্টা ধৰি আমৰণ অনশন অব্যাহত ৰাখিছিল মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ প্ৰভাকৰ ফুকনে৷ ব্যাপক বিত্তীয় অনিয়মৰ অভিযোগৰ তদন্তৰ দাবীত ০৫ এপ্ৰিলৰ পুৱা ৮.৪৫ বজাৰ পৰা আমৰণ অনশনত বহে মহাবিদ্যালয় খনৰ প্ৰাক্তন ছাত্ৰ প্ৰভাকৰ ফুকনে৷

ইমানৰ পিছতো প্ৰশাসনে অধ্যক্ষগৰাকীৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ লগতে অনশন থলীলৈ কোনো এগৰাকী বিষয়া অহা নাছিল৷ পৰিবর্তনৰ কথা কৈ অহা ৰাজ্য চৰকাৰ খনে শিৱসাগৰ জিলাৰ এখন মহাবিদ্যালয়ত কোটি টকাৰ কেলেংকাৰী সংঘটিত হোৱাৰ পিছতো আজিলৈ তদন্ত ঘোষণা নকৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। জিলাখনৰ ঐতিহ্যমণ্ডিত নামতি অঞ্চলৰ একমাত্র উচ্চ শিক্ষানুষ্ঠা ছহিদ পিয়লি ফুকন মহাবিদ্যালয় খনৰ সদ্য অৱসৰপ্রাপ্ত প্রাক্তন অধ্যক্ষ ড০ এচ এচ জামানৰ বিৰুদ্ধে উত্থাপন হৈছিল এই কেলেংকাৰীৰ অভিযোগ।