ভাৰতৰ মহিলা শ্বুটাৰ মনু ভাকৰে ১০ মিটাৰ এয়াৰ পিষ্টলত লাভ কৰিলে সোণৰ মেডেল

ডিজিটেল ডেস্কঃ কমনৱেলথ গেমছত ভাৰতৰ মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টলত ভাৰতৰ শ্বুটাৰ মনু ভাকৰে সোণৰ মেডেল লাভ কৰে৷ মনুৱে ভাৰতলৈ ষষ্ঠ সোণৰ মেডেল আজুৰি আনিবলৈ সক্ষম হয়৷ হাৰিয়ানাৰ ১৬ বছৰীয়া মনু ভাকৰে মুঠ ২৪০.৯ পইন্ট লাভ কৰি পদক লাভ কৰে৷ 

ভানু ভাকৰ হাৰিয়ানাৰ চৰখি দাদৰি জিলাৰ ঈজ্জৰৰ বাসিন্দা৷ পিতৃ কৃষাণ ভাকৰ জল সেনাৰ মুখ অভিযন্তা৷ নিজ প্ৰতিভাৰে ১৬ বছৰ বয়সতে উজলি উঠিল মনু৷ ইপিনে শ্বুটিং ৰেঞ্জতে এয়াৰ পিষ্টলত শ্বুটাৰ হীনা সিন্ধুৱে ৰূপৰ মেডেল লাভ কৰে৷ হীনাই ২৩৪ ফইন্ট লাভ কৰি পদক লাভ কৰে৷ ১০ মিটাৰৰ এয়াৰ ৰাইফলত ব্ৰঞ্জৰ মেডেল লাভ কৰে ৰবি কুমাৰে৷  

ভাৰত্তোলনত পুনৰ সোণৰ মেডেল লাভ কৰিলে ভাৰতে৷ এইবাৰ ভাৰতলৈ সোণৰ মেডেল আনিলে পুনম যাদৱে৷ উল্লেখ্য যে, ইয়াৰ ভাৰতলৈ কেৱল ভাৰত্তোলনত হে সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল৷ কিন্তু ভাৰত্তোলনৰ বাহিৰে ভানু ভাকৰে এয়াৰ পিষ্টলত ভাৰতক সোণৰ মেডেল আন দিয়ে৷ 

ইয়াৰ লগে লগে ভাৰতৰ হাতলৈ ছয়টা মেডেল৷ এতিয়ালৈ ৬টা সোণৰ মেডেল ভাৰতে লাভ কৰিছে৷ ইয়াৰে চাৰিটা ভাৰতৰ মহিলা খেলুৱৈ আনি দিয়ে৷ ভাৰতৰ মহিলা টেনিচ দলে ইংলণ্ডক হৰুৱাই ফাইনেলত প্ৰৱেশ কৰে৷ ফাইনেল সিংগাপুৰৰ সৈতে অনুষ্ঠিত হ’ব৷ সাঁতোৰত ১০০ মিটাৰত বাটাৰফ্লাইত চেমি ফাইনেল দ্বিতীয় স্থানত প্ৰৱেশ কৰে৷

৪ এপ্ৰিলৰ পৰা অষ্ট্ৰেলিয়াত আৰম্ভ হোৱা কমনৱেলথ গেমছত ভাৰত্তোলনত ভাৰতৰ চাইকাম মীৰাবাই চানু, সঞ্জিতা চানুৰ সতীশ কুমাৰ শিৱালিংগম, পুনম যাদৱ আৰু ভেংকট ৰাহুলে সোণল পদক লাভ কৰিছে৷ এয়াৰ পিষ্টলত ভাৰতৰ মনু ভাকৰে সোণৰ মেডেল লাভ কৰে৷ ১০ মিটাৰৰ এয়াৰ ৰাইফলত ব্ৰঞ্জৰ মেডেল লাভ কৰে ৰবি কুমাৰে৷