
নগাঁওঃ মানৱতাৰ মৃত্যু হোৱা নাই৷ যেতিয়াই সমাজখন বিপথে পৰিচালিত হয়, শান্তি ভংগ হয়, ভাতৃত্ববোধ ধ্বংস কৰিব বিছাৰে তেতিয়াই একো একোটা ভাল খবৰে শুভ দিশ উদয় কৰে৷ অৱক্ষয় হ’ব ধৰা সমাজ খনক এনাজৰীৰে কটকটীয়া কৰি বান্ধি ৰাখিবলৈ সাহস দিয়ে৷ তেনে খবৰে আনৰ সহায় কৰিবলৈ মানুহক সাহস দিয়ে৷
তেনে সহায়ে কাৰোবাৰ বাবে হৈ পৰে মিঠা সপোন৷ ৰাজনীতিৰ মাজত মৰম, ভাতৃত্ববোধ, মানৱতা বৰ্তমানে নোহোৱা হ’ব ধৰাৰ সময়তে মানৱতাৰ আন এক নিদৰ্শন দেখুৱালে কেইগৰাকীমান লোকে৷ মৰম, ভাতৃত্ববোধ, শ্ৰদ্ধা তথা মানৱতা আজিও শেষ হোৱা নাই তাকেই প্ৰমাণ কৰে এগৰাকী যুৱতীৰ মুখৰ এমোকোৰা হাঁহিয়ে৷
নগাঁও চহৰৰ নৱৰূপ জাতীয় বিদ্যাপীঠ আৰু স্বেচ্ছাসেৱী অনুষ্ঠান পৰিধিয়ে দৰিদ্ৰ পৰিয়ালৰ এগৰাকী বিশেষ ভাৱে সক্ষম উচ্চ শিক্ষত যুৱতীক কৃত্ৰিম ভৰি সংযোজন কৰি পুনৰবাৰ প্ৰতীয়মান কৰিলে মানৱতাৰ এতিয়াও মৃত্যু হোৱা নাই। নগাঁও জিলাৰ বঢ়মপুৰ জলাহৰ শিক্ষত যুৱতী জ্যোতিকা শইকীয়াৰ জন্মৰ পৰা বাও ভৰিখন নথকাৰ পাছতো নিজৰ আত্ম প্ৰত্যয় আৰু ইচ্ছা শক্তিৰে স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰে।
আৰ্থিক দৈন্যতাৰ মাজতো যুৱতীগৰাকীয়ে এক সপোন বাস্তৱ কৰিবলৈ বাও ভৰিখন সংযোজনৰ বাবে বিভিন্ন জনৰ সহায় বিচাৰি আহিছিল যদিও সফল নহল। শেহতীয়া ভাৱে নগাঁৱৰ অসমীয়া মাধ্যমৰ অগ্ৰনী শিক্ষানুষ্ঠান নৱৰূপ জাতীয় বিদ্যাপীঠ আৰু স্বেচ্ছাসেৱী অনুষ্ঠান ‘পৰিধি’ৰ কাষ চাপে জ্যোতিকা শইকীয়া।
দুয়ো অনুষ্ঠানৰ উদ্যোগত বহু ব্যক্তি, অনুষ্ঠান আদিয়ে জ্যোতিকাক সহায় কৰিবলৈ আগবাঢ়ি আহিল। দুয়ো অনুষ্ঠানৰ প্ৰচেষ্টাত জ্যোতিকাৰ বাও ভৰিখন কৃত্ৰিম ভাৱে সংযোজন কৰি জ্যোতিকাৰ সপোন পুৰ কৰে। অনুষ্ঠান দুটাৰ এনে প্ৰচেষ্টাত নগাঁঞাই প্ৰশংসা কৰে। তদুপৰি অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুখ্যমন্ত্ৰীৰ সাহায্য পুজিৰ পৰা জ্যোতিকাৰ ভৰি সংযোজনৰ কাৰণে ৩৫০০০ টকাৰ সাহায্য আগবঢ়াই।
দেওবাৰে নৱৰূপ জাতীয় বিদ্যাপীঠত অধ্যাপক কমল শইকীয়াৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয়। সভাত জ্যোতিকা শইকীয়াৰ কৃত্ৰিম ভৰি সংযোজন সম্পৰ্কীয় দিশ সমূহৰ লগতে খৰচ সম্বলিত এখন পুস্তিকা উন্মোচন কৰে সাহিত্যিক আভা বৰাই। উল্লেখ্য যে, জ্যোতিকাৰ কৃত্ৰিম ভৰি সংযোজনৰ সমগ্র প্ৰক্ৰিয়াটোত মুঠ ২,৮৪, ২৯৫ টকা সংগ্ৰহ হোৱাৰ বিপৰীতে ২,৫১, ১০৭.৭৫ টকা খৰছ হয়।
অনুষ্ঠানত মনৰ অনুভৱ ব্যক্ত কৰি জ্যোতিকা শইকীয়াই অনুষ্ঠান দুটাক কৃতজ্ঞতা স্বীকাৰ কৰে। অনুষ্ঠানত প্ৰদীপ বৰা, সোণাৰাম নাথ, পিযুষ দেৱনাথ, ড০ জলিন প্ৰকাশ চেতিয়াকে ধৰি বহু কেইগৰাকী ব্যক্তিয়ে দুয়োটা অনুষ্ঠানে জ্যোতিকা শইকীয়াৰ ভৰি সংযোজন কৰি এক মানৱীয় সেৱা আগবঢ়োৱাৰ বুলি প্ৰশংসা কৰে। অনুষ্ঠানৰ মাজতে শিল্পী নিলোৎপল গায়ন আৰু নৱৰূপ জাতীয় বিদ্যাপীঠৰ প্ৰাক্তন ছাত্ৰ ত্ৰিদীপ বৰাই কালজয়ী গীত পৰিবেশনৰে উপস্থিত ককা লোকক আপ্লুত কৰে। অনুষ্ঠানৰ আঁত ধৰে জীৱন নৰহ আৰু মুনীন্দ্ৰ শইকীয়াই।