
ডিব্ৰুগড়ঃ ভাৰতীয় জনতা পাৰ্টিৰ অন্যান্য পিছপৰা জাতি চমুকৈ অবিচি মৰ্চাৰ ডিব্ৰুগড় জিলাৰ উদ্যোগত আৰু ভাৰতীয় জনতা পাৰ্টিৰ ডিব্ৰুগড় জিলাৰ সহযোগত দেওবাৰে ডিব্ৰুগড় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অবিচি সন্মিলন অনুষ্ঠিত হয়৷ সন্মিলনত উপস্থিত থাকি সাংসদ তেলীয়ে নিজ দলৰ সাংসদৰ বিৰুদ্ধে মন্তব্য আগবঢ়ায়। বিজেপিৰ একাংশ সাংসদৰ বিৰোধিতাৰ বাবে সংসদত অবিচি আয়োগ পাছ নহ’ল বুলি কয়৷
অবিচি মৰ্চাৰ ডিব্ৰুগড় জিলাৰ সভাপতি প্ৰশান্ত গগৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত সাংসদ ৰামেশ্বৰ তেলীয়ে কয় যে ভাৰতত ৪১ শতাংশ অবিচি লোক আছে। এছচি আৰু এছটিৰ দৰে অবিচিসকলৰ বাবেও সুকীয়া আয়োগ গঠন হ’ব লাগে। ইতিমধ্যে আমি আগতে প্ৰধানমন্ত্ৰীলৈ পত্ৰ লিখিছিলো। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাৰ পত্ৰক পূৰ্ণ সমৰ্থন জনাই সংসদত বিল পাছ কৰাৰ বাবে পত্ৰ লিখিছিল। কিন্তু আমাৰে বিজেপিৰ একাংশ সাংসদে বিভিন্নধৰণৰ অজুহাত দেখুৱাই পৰোক্ষভাৱে বিৰোধিতা কৰাৰ বাবেই আয়োগ গঠন কৰিব পৰা নগল।
আমি সংসদত বিল পাছ কৰাৰ বাবে এতিয়াও পূৰ্ণ প্ৰচেষ্টা চলাইছো। ভাষণত সাংসদত তেলীয়ে অনৰ্থক ইচ্ছ্যু লৈ বিৰোধীয়ে ২৩ দিন ধৰি সংসদৰ অধিৱেশন বন্ধ ৰখাৰ প্ৰতিবাদত অহা ১২ এপ্ৰিলত বিজেপিয়ে অনশন কাৰ্যসূচী গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে।
আনহাতে ভাষণত সাংসদ তেলীয়ে কয় যে কংগ্ৰেছে নোৱাৰা কাম আমাৰ চৰকাৰে কৰিছে। কৃষকৰ আয় দুগুণ বৃদ্ধি কৰাৰ বাবেও চৰকাৰে প্ৰচেষ্টা গ্ৰহণ কৰিছে। সৌভাগ্য নামৰ আঁচনিৰ জৰিয়তে গেছ সংযোগ, ২০২২ খনৰ ভিতৰত বিজুলী বাতি প্ৰতিটো পৰিয়ালে ঘৰ পোৱাৰ ব্যৱস্থা কৰা হৈছে। নাৰী সৱলীকৰণৰ বাবেও চৰকাৰে বিভিন্ন আঁচনি ৰূপায়ন কৰি থকা হৈছে। আত্মসহায়ক গোটৰ মহিলাক আমি টকা দিয়াৰ ব্যৱস্থা কৰিছোঁ।