মৰাণৰ ৫ বছৰীয়া কন্যা শিশুক অপৰহণ-ধৰ্ষণ-হত্যা, জালত পৰিল অভিযুক্ত ৰাজেন মাৰ্দি

ডিব্ৰুগড়ঃ ডিব্ৰুগড় জিলাৰ মৰাণৰ তিলৈনগৰৰ বঙালী গাঁৱৰ ৫ বছৰীয়া কন্যা শিশুক অপৰহণ কৰি ধৰ্ষণ আৰু হত্যাকাণ্ড সংঘটিত কৰাৰ অভিযুক্ত অৱশেষত আৰক্ষীৰ জালত পৰিল৷ আৰক্ষীয়ে অভিযান চলাই জালত পেলাই ৰাজেন মাৰ্দি নামৰ লোকগৰাকীক৷ 

জানিব পৰা মতে, ৰাজেন মাৰ্দিয়ে মৰাণৰ তিলৈনগৰৰ নিজ ঘৰৰ পৰা অপহৰণ কৰিছিল এটা কন্যা শিশুক৷ ২ এপ্ৰিলত এই ঘটনা সংঘটিত হোৱাৰ পিছতেই আৰক্ষীক অৱগত কৰিছিল পৰিয়ালে৷ শিশুটোক উদ্ধাৰৰ বাবে আৰক্ষীয়ে তীব্ৰ অভিযান চলাইছিল যদিও ০৭ এপ্ৰিলত অপহৰণ কাণ্ড সংঘটিত হোৱাৰ প্ৰায় ৫ দিন পাছত তিলৈ নৈত অৰ্ধগলিত মৃতদেহ উদ্ধাৰ হৈছিল। 

৫ বছৰীয়া কন্যা শিশুটোক ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন কৰাৰ লগতে আৰক্ষীয়ে কন্যা শিশুটোক উদ্ধাৰত চৰম ভাবে ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন হৈছিল৷ যাৰ ফলত মৰাণ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰজ্যোতি ফুকনক নিলম্বন কৰিছিল ডিব্ৰুগড় আৰক্ষীয়ে৷ 

কন্যাশিশুটোক বঙালী গাঁৱৰে ৰাজেন মাৰ্দিয়ে অপহৰণ কৰা বুলি অভিযোগ উত্থাপন কৰাৰ পিছতো আৰক্ষীয়ে শিশুটোৰ শুংসুত্ৰ উদ্ধাৰ কৰিব নোৱাৰিলে৷ মৃতদেহ উদ্ধাৰৰ পাছতো আৰক্ষীয়ে হত্যাকাণ্ড সংঘটিত কৰা বুলি অভিযোগ উত্থাপন হোৱা ৰাজেন মাৰ্দিক আটক কৰিব পৰা নাছিল যদিও অৱশেষত ২টা দিনৰ মূৰকত জালত পৰে মাৰ্দি৷ আৰক্ষীয়ে মাৰ্দিক তদন্ত অব্যাহত ৰাখিছে৷