বিটিচিত কমিচনৰ বিনিময়ত ঠিকা, খোদ প্ৰকাশ কৰিলে ঠিকাদাৰে

ওদালগুৰিঃ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে শূন্য সহনশীলতাৰ কথা কৈ আহিলেও দুৰ্নীতি-অনিয়ম ৰাজ্যত কম হোৱা নাই৷ বিজেপি শাসিত ৰাজ্য খনত দুৰ্নীতিৰ ক্ষেত্ৰত আপোচ নকৰাৰ কথা বাৰে বাৰে উল্লেখ কৰা হৈ অহাৰ সময়তে পোহৰলৈ আহিল বিটিচিত চলি থকা দুৰ্নীতি কথা। বিটিচিৰ ভিতৰচৰাত ব্যাপক হাৰত দুৰ্নীতি চলি থকাৰ বাতৰি সময়ে সময়ে প্ৰকাশ হৈ থকাৰ পাছত এইবাৰ ঠিকাদাৰে নিজেই ফাদিল কৰিলে বিটিচিত টকা নিদিলে একো কাম যে নহয় যে সেই কথা৷

উল্লেখ্য যে, ওদালগুৰি নগৰ সমিতিৰ নগৰ বিকাশ যোজনাৰ আঁচনিৰ অধিনৰ পুৰণি শিৱ মন্দিৰৰ পিছফালৰ পথৰ দাতিৰ পানী নিষ্কাষণৰ বাবে নলাৰ নিৰ্মাণ কাম চলি আছে। নলা নিৰ্মাণ কাৰ্যত ব্যাপক অনিয়ম সংঘটিত হোৱা বুলি একাংশ স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছিল। নিৰ্মাণৰত নলাটোৰ নিম্ন অংশটো কোনো শিলৰ চলিং নিদিয়াকৈ মাটিৰ ওপৰতে সৰু শিলগুটি পাৰি তাৰ ওপৰত চিমেণ্টৰ প্ৰলেপ দিয়া বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছিল। 

ফলত ভৰিৰে আছুৰিলেই ওলাই পৰে তলৰ মাটি অংশ। এই কাম বন্ধ কৰিবলৈ স্থানীয় ৰাইজে নগৰ সমিতিক দাবী উত্থাপন কৰে। ইয়াৰ পাছত ঘটনাস্থলীত উপস্থিত হয় নিৰ্মাণকাৰ্যত জড়িত ৰৌতাৰ ঠিকাদাৰগৰাকী। অনিয়ম সম্পৰ্কে ঠিকাদাৰগৰাকীক প্ৰশ্ন কৰাত তেওঁ অনিয়মৰ কথা স্বীকাৰ কৰি সমগ্ৰ দোষ অভিযন্তাগৰাকীৰ ওপৰতহে জাপি দিয়ে। 

ঠিকাদাৰগৰাকীয়ে কয় যে কমিচনৰ বাবদহে এনেবোৰ ঠিকাৰ কাম আনিবলগীয়া হয়। বহু টকা খৰচৰ পাছতহে এনেবোৰ কাম লাভ কৰাটো সম্ভৱ। লগতে ঠিকাদাৰগৰাকীয়ে নলা নিৰ্মাণৰ কাম উন্নত নোহোৱাৰ কথা স্বীকাৰ কৰে। অৱশ্যে কাৰ পকেটলৈ উক্ত কমিচনসমূহ যায় সেই কথা স্বীকাৰ কৰাৰ পৰা বিৰত থাকিল তেওঁ। এইক্ষেত্ৰত উচ্চাৰিত হৈছে ওদালগুৰি নগৰ সমিতিখনৰ নাম। 

এতিয়া প্ৰশ্ন হয় যে বিটিচি অঞ্চলত কোনো ধৰণৰ দুৰ্নীতি বা কমিচনৰাজৰ সৃষ্টি হোৱা নাই বুলি হাগ্ৰামা মহিলাৰীয়ে বাৰম্বাৰ ঘোষণা কৰি থকাৰ পাছত এগৰাকী ঠিকাদাৰৰ মুখত কমিচনৰাজৰ কথা উচ্চাৰিত হোৱাটোৱে তাৎপৰ্য বহন কৰিছে। পৰৱৰ্তী সময়ত ইয়াৰ বিৰুদ্ধে বিটিচি প্ৰশাসনে কি ব্যৱস্থা লয় সেয়া হব লক্ষ্যণীয় হ’ব।