মৰাণ জনগোষ্ঠীৰ ৰাতিবিহু, চাকচনিৰ চেৱত নাচিবলৈ সাজু মৰাণ গাভৰু

তিনিচুকীয়াঃ তিনিচুকীয়া জিলাৰ কাকপথাৰ ৰাজহুৱা খেলপথাৰত ঐতিহ্যমণ্ডিত ৰঙালী বিহু উদযাপনৰ ব্যাপক প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে৷ উজনি অসমৰ ভূমিপুত্ৰ মৰাণ জনগোষ্ঠীৰ অন্যতম ৰাতি বিহুত নাচিবলৈ প্ৰায় দুইসহস্ৰাধিক নাচনী ইতিমধ্যে সাজু হৈ উঠিছে৷ ইতিহাসে ঢুকি নোপোৱা দিনৰে পৰা প্ৰচলিত এই ৰাতি বিহুত মৰাণ সমাজৰ গাভৰুৱে ওৰেটো নিশা দূৰণিৰ কোনোবা বিহুৱা ডেকাই মন প্ৰাণঢালি গোৱা বিহুগীত আৰু চাকচনিৰ চেৱৰ ছন্দে ছন্দে নৃত্য কৰে৷ 

স্বকীয় বৈশিষ্ট থকা গীত-নৃত্য আৰু বাদ্য শৈলীৰ মাজেৰে ডেকাই নিজৰ মনৰ ভাৱ প্ৰকাশ কৰাৰ উপৰি নাচনীৰ লয়লাস ভংগীমাত দৃষ্টি নিবদ্ধ কৰাৰ লগতে নিজ জীৱন সংগী ৰূপে বাচি ল'ব পাৰে৷ অৱশ্যে ৰাতি বিহুৰ কটকটীয়া পৰম্পৰা অনুসৰি কোনো ডেকাই নাচনীক বিহুথলীৰ পৰা পলুৱাই নিব নোৱাৰে৷ যিহেতু বিহুথলীলৈ ডেকাসৱে গাঁৱৰ কোনো জ্যেষ্ঠজনক সাক্ষী হিচাপে লৈ নাচনী গৰাকীৰ মাক-দেউতাকৰ অনুমতি সাপেক্ষেহে বিহু নচুৱাবলৈ আনিব পাৰে আকৌ গাভৰুগৰাকীক কোনো হানি-বিঘিনি নোহোৱাকৈ উভতাই দিয়াৰ প্ৰতিশ্ৰুতি দিয়াৰ ফলত৷ 

সদৌ অসম মৰাণ ছাত্ৰ সন্থা, সদৌ অসম মৰাণ সভা আৰু মৰাণ জাতীয় মহিলা পৰিষদে নিজ কৃষ্টি সংস্কৃতি জীয়াই ৰখাৰ লগতে বিশ্ব দৰবাৰত চিনাকি কৰি দিয়াৰ মানসেৰে পূৰ্বৰে পৰা প্ৰচলিত মৰাণ সমাজৰ সাংস্কৃতিক ঐতিহ্য বহনকাৰী ৰাতিবিহুক প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে প্ৰচেষ্টা কৰি আহিছে৷ সংস্কৃতি সংৰক্ষণৰ চিন্তাৰ উন্মেষ ঘটাই আধুনিকতাৰ আগ্ৰাসনৰ বেলিকাত জনগোষ্ঠীৰ স্বকীয়তা আৰু গৌৰৱ বৰ্তাই ৰখাৰ উদ্দেশ্যৰে অহা ৭ ব'হাগত কাকপথাৰ ৰাজহুৱা খেলপথাৰত সপ্তম বাৰ্ষিক ৰাতিবিহু অনুষ্ঠিত কৰাৰ যো-জা চলাই থকা পৰিলক্ষিত হৈছে৷

জিলাখনৰ বিভিন্ন অঞ্চলৰ প্ৰায় দুই সহস্ৰাধিক মৰাণ জীয়াৰী ইতিমধ্যে অনুষ্ঠানত অংশগ্ৰহণ কৰিব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে৷ তদুপৰি জনগোষ্ঠীটোৰ অন্যতম যদিও বৰ্তমান লুপ্তপ্ৰায় ঢাল কড়ি খেলৰো ব্যৱস্থা কৰা হৈছে৷ তদুপৰি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষ। তদুপৰি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সচিব তথা ৰাধা-ৰুক্মিনী বটাঁ প্ৰাপক বিশিষ্টা উপন্যাসিকা শ্ৰীযুতা মাধুৰিমা সেন বৰুৱাৰ উপৰি লখিমপুৰ সংসদীয় সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই ৰাতিবিহুথলীৰ মূখ্য অতিথিৰূপে আসন শুৱনি কৰিব।