
ঢেকীয়াজুলিঃ সোমবাৰে ঢেকীয়াজুলিৰ ট্ৰাক এছ’ছিয়েচনৰ কাৰ্যালয়ত অসম গণ পৰিষদৰ এখন সভা অনুষ্ঠিত হয়৷ সমষ্টিটোৰ বিভি্নন প্ৰান্তৰ নেতা-কৰ্মীৰ উপস্থিতিত অনুষ্ঠিত সভাত অগপৰ সংখ্যালঘু পৰিষদৰ কেন্দ্ৰীয় উপ-সভাপতি গিয়াছুদ্দিন আহমেদ উপস্থিত থাকি বিজেপিক তীব্ৰ সমালোচনা কৰে৷ অগপৰ বৰছলা ব্লক সমিতিৰ সভাপতি যোগেশ্বৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাত নেতা-কৰ্মীয়ে বিজেপিৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ ব্যক্ত কৰে৷
কেন্দ্ৰীয় নেতৃত্বৰ নিৰ্দেশ মানি লৈ আমি বৰছলা আৰু ঢেকীয়াজুলি সমষ্টিত অগপৰ আঞ্চলিক সমিতি তথা তৃণমূলৰ কৰ্মীসকলে যোৱাটো বিধান সভাৰ নিৰ্বাচনত বিজিপি প্ৰাৰ্থীৰ হৈ দেহে কেহে খাটিলো৷ মূৰকত গৈ দুয়োটা সমষ্টিতে বিজেপি প্ৰাৰ্থী গণেশ লিম্বু, অশোক সিংঘাল জয়ী হৈ বিধায়ক হ’ল৷ এতিয়া এই দুই বিধায়কে আমাক চিনিয়েই নাপায় বুলি সংখ্যালঘু পৰিষদৰ কেন্দ্ৰীয় উপ-সভাপতি গিয়াছুদ্দিন আহমেদে ক্ষোভ উজাৰে৷
আমাৰ কথাটো বাদেই দুয়োটা সমষ্টিৰ জনসাধাৰণৰ অভাৱ-অভিযোগৰ সন্দৰ্ভত বিধানসভাত মাত এষাৰ মতাও নুশুনিলো দুই প্ৰতিনিধিৰ মুখেৰে৷ আনকি ঢেকীয়াজুলিবাসীৰ বিভিন্ন দল-সংগঠনৰ দীৰ্ঘ দিনীয়া দাবী ছহিদ নগৰী ঢেকীয়াজুলিক মহকুমা হিচাপে ঘোষণা কৰাৰ ক্ষেত্ৰত সদিচ্ছা নাই দুয়ো বিধায়কৰ৷ যাৰ ফলত আজি পূৰ্বৰ চৰকাৰে ঘোষণা কৰা ঢেকীয়াজুলি মহকুমা ঢেকীয়াজুলিৰ পৰিৱৰ্তে আন স্থানত হ’বলৈ গৈ আছে৷
এইবাৰ আমি একেটা ভুলকে আৰু নকৰো৷ আমি বিজেপিক পঞ্চায়ত এৰি নিদিও৷ আমাক আৰু মিত্ৰতা নালাগে৷ আমি নিজেই পুনৰ সংগঠনক সৱল কৰাৰ সময় সমাগত৷ কংগ্ৰেছৰ অপশাসন, বিজেপিৰ সাম্প্ৰদায়িকতা বাদে ৰাইজক অতিষ্ঠ কৰিছে৷ শাসকৰ বিকল্প হিচাপে ৰাইজে পুনৰ অগপৰ মুখলৈ চাই আছে বুলি কয় সংখ্যালঘু নেতাগৰাকীয়ে৷
গতিকে আমি ৰাইজৰ কাষ চাপি যাব লাগিব৷ বৰছলা সমষ্টি সমিতিৰ সভাপতি দলটোৰ জেষ্ঠ নেতা দীলিপ বৰাই অগপ দলৰ তৃণমূলত আজিও যি সকলে কাম কৰি আছে তেওঁলোকৰ প্ৰচেষ্টাতেই আকৌ দলটোৱে এদিন মুৰ দাঙি উঠিব আৰু আমি শক্তিশালি ৰূপত ঠিয় দি ৰাইজক বুজাই দিব লাগিব যে অসমত অগপৰ বিকল্প আৰু গকো নাই বুলি কৈ সকলো জাতি-জনগোষ্ঠীৰ লোকে অগপ দলৰ নীতি আদৰ্শক আজিও ভাল পায় বুলি কয়৷
সভাত তেজপুৰ জিলা অগপৰ সাধাৰণ সম্পাদক নাৰায়ণ দাস, কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ সদস্য হৰিচৰণ দাস, বৰছলা সমষ্টি সমিতিৰ কাৰ্যকৰী সভাপতি সুৰেন্দ্ৰ খনাল, সমষ্টি সমিতিৰ সম্পাদক মমতাজ উদ্দিন আহমেদ, নন্দেশ্বৰ শইকীয়া, বৰছলা ব্লক সমিতিৰ সম্পাদক প্ৰনৱ হালৈৰ লগতে ১১খন আঞ্চলিকৰ সমিতিৰ সভাপতি-সম্পাদক উপস্থিত থাকে৷