
গোৰেশ্বৰঃ আদিম যুগ হেনো অস্থিৰ আছিল৷ আদিমযুগ হেনো ৰক্তপিপাসু লোকৰে ভৰি আছিল৷ মানুহবোৰ হেনো স্বেচ্ছাচাৰী আছিল৷ আদিম যুগৰ কথাবোৰ সাধু কথাৰ দৰেই লাগে৷ মহিলাক বিবস্ত্ৰ কৰা হৈছিল চাগে আদিম যুগতে৷
কিন্তু সাধুকথাৰ দৰে আদিম যুগৰ কথাবোৰ৷ ৰক্তপিপাসু, নৰহত্যাকাৰী বুলি আদিম যুগৰ মানুহক প্ৰতিদিনে উদাহৰণ দিয়াৰ নৈতিক অধিকাৰ নাই আধুনিক যুগৰ মানুহৰ৷ কিয়নো সমাজ খনত আদিম যুগৰ, মধ্যযুগৰ সেই ভয়াবহ সময়তকৈও ভয়াবহ কাণ্ড সংঘটিত হ’ব ধৰিছে৷ নিতৌ হত্যা, ধৰ্ষণ, যৌন নিৰ্যাতন সংঘটিত হৈ আহিছে৷
কিন্তু এইবাৰ সকলো সীমা অতিক্ৰম কৰিলে সভা সমাজৰ কেইগৰাকীমান লোকে৷ এগৰাকী মহিলাক উলংগ কৰি নিশাৰ এন্ধাৰত চোতালত, ঘৰৰ ভিতৰত কেইবাগৰাকী পুৰুষ-মহিলাই বৰ্বৰতাৰে আক্ৰমণ চলালে যাক ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি৷ প্ৰাণৰ মমতাত মা’ মা’ কৰি চিঞৰিছে, মোক নামাৰিব বুলি কৈ চিঞৰি থকাৰ পিছতো বৰ্বৰতাৰে একাংশই আক্ৰমণ কৰে মহিলাগৰাকীক৷
মানৱতাক ভুলুণ্ঠিত কৰা এই দৃশ্য এতিয়া ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে৷ তেওঁলোক মৰেল পুলিচ। তেওঁলোকক মৰেল পুলিচ হ’বলৈ যেন অনুজ্ঞাপত্ৰ দিছে তেওঁলোকৰ মাজত লুকাই থকা বৰ্বৰতাই।
সমাজখনৰত এনে এগৰাকী মানুহ নোলাল যিয়ে মহিলাগৰাকীক দস্যুমানৱ কেইজনৰ পৰা ৰক্ষা কৰিব পাৰে৷ মৰেল পুলিচে ৰাজ্যত শেহতীয়াভাবে কেইবাটাও ঘটনা সংঘটিত কৰাৰ পিছত পোহৰলৈ আহিছে এই নিৰ্লজ আৰু হৃদয়বিদাৰক ঘটনা।
বাক্সা জিলাৰ গোৰেশ্বৰ আৰক্ষী থানাৰ অন্তৰ্গত শুৱাগপুৰত অনৈতিক কাৰ্যত লিপ্ত থকাৰ অভিযোগত এগৰাকী বিবাহিত মহিলা আৰু এজন পুৰুষক ৰাইজে উলংগ কৰি মাৰধৰ কৰাৰ ঘটনা এযা। গোৰেশ্বৰ আৰক্ষী থানাৰ অন্তৰ্গত শুৱাগপুৰ আৰক্ষী চকীৰ পৰা মাত্ৰ আধা কিলোমিটাৰ নিলগৰ বৰনদীপাৰ গাঁৱৰ নিৰঞ্জন কলিতাৰ ঘৰত যোৱা ৬ এপ্ৰিলৰ নিশা গাঁৱৰ একাংশ লোক প্ৰৱেশ নিৰঞ্জন কলিতাৰ পত্নী আৰু গুৱাহাটীৰ এজন লোকক বৰ্বৰতাৰে আক্ৰমণ কৰে৷
নিশা প্ৰায় ১১ বজাত গাঁৱৰ একাংশ পুৰুষ-মহিলাই নিৰঞ্জন কলিতাৰ ঘৰত প্ৰৱেশ কৰি দুয়োকে আদিম যুগৰ দৰেই উলংগ কৰি প্ৰহাৰ কৰাৰ লগতে ঘৰৰ খুঁটাত বান্ধি মাৰপিট কৰে। মহিলাগৰাকীক উলংগ অৱস্থাতে মাৰপিট কৰাৰ লগতে বহু লোকে ভিডিঅ ৰেকৰ্ড কৰি ছচিয়েল মিডিয়াত এৰি দিয়ে৷
বহু সময় ধৰি মাৰপিট কৰি অবশেষত দুয়োকে শুৱাগপুৰ আৰক্ষী চকীত চমজাই দি মাৰধৰ কৰাৰ কথা লুকুৱায়। গুৱাহাটীৰ ডাউনটাওন নিবাসী জনৈক ৰয় উপাধিৰ ৩২ বছৰীয়া লোকজন সম্পৰ্কীয় ভায়েক বুলি পৰিচয় দিয়ে যদিও গাঁওবাসীয়ে এই কথা মানি নললে৷
সঘন অহা-যোৱা কৰা লোকজনৰ সৈতে মহিলাৰ অবৈধ সম্পৰ্ক থকাৰ সন্দেহ কৰি বৰ্বৰ আক্ৰমণ চলায় গাওঁবাসীয়ে। পিছত মহিলাই ক্ষমা বিচৰাত ৰাইজে থানাৰ পৰা উলিয়াই আনি চিকিৎসা কৰে মহিলাক৷
ইমানলৈ সকলো ঠিকেই আছিল৷ যেতিয়া কোনো লোকে সেই সময়ত ৰেকৰ্ড কৰা ভিডিঅ’ ছচিয়েল মিডিয়াত এৰি দিয়ে তেতিয়া অসম আৰক্ষীৰ আৰু মাৰ-ধৰ কৰা লোকসকলৰ স্বৰূপ ওলাই পৰে৷
আৰক্ষীয়ে কোনো তদন্ত নকৰাকৈ এৰি দিছিল মহিলাগৰাকীক৷ আৰক্ষীয়ে মহিলাগৰাকীক তেনে অৱস্থাত পোৱাৰ পিছতো কাৰো বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰি থানাৰ পৰা আহিবলৈ দিয়ে৷
কিন্তু ছবিয়ে যে সঁচা কথা কয় সেই কথা গম পোৱা নাছিল মাৰধৰ কৰা লোকসকলে আৰু আৰক্ষীয়ে৷ কিন্তু মাৰপিট কৰাৰ ভিডিঅ ভাইৰেল হোৱাত তথা একাংশ সংবাদ মাধ্যমত পুনৰ ঘটনাটো প্ৰকাশ কৰাত বিষয়টো লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইতিমধ্যে নিৰ্যাতিতা মহিলাৰগৰাকীৰ স্বামী নিৰঞ্জন কলিতাই শুৱাগপুৰ আৰক্ষী চকীত ঘটনাৰ সৈতে জৰিত লোকসকলৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে।
উন্নত চিকিৎসাৰ বাবে মহিলাগৰাকীক গুৱাহাটীলৈ প্ৰেৰণ কৰে। ঘটনা সংঘটিত হোৱাৰ দিনটোত এন আৰ চিৰ কামত স্বামী ঘৰৰ পৰা বাহিৰত আছিল যদিও অষ্টম শ্ৰেণীৰ পুত্ৰৰ সন্মুখতে এনেদৰে উলংগ কৰি মহিলাক মাৰ ধৰ কৰা কাণ্ডক সহজে লোৱা নাই সচেতন নাগৰিকে৷
এই ঘটনাৰ তীব্ৰ নিন্দা কৰা লগতে দোষীক শাস্তি প্ৰদানৰ দাবী জনাইছে গোৰেশ্বৰ আঞ্চলিক কোচ ৰাজবংশী ছাত্র সন্থা আৰু গৰিয়া মৰিয়া দেশী জনগোষ্ঠীয় পৰিষদে।
(Shocking incident at Assam's Baksa District, Moral Police strips a woman in public lashing her in naked in front of her son. It has sparked a controversy over the role of Police as well as public conscience.)