কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুক ক্ষমা নকৰে ইতিহাসে, পৃথক বড়োলেণ্ডৰ দাবীত পুনৰ আন্দোলন ঘোষণা

কোকৰাঝাৰঃ পৃথক বড়োলেণ্ডৰ নামত পুণৰাই এবছু, এনডিএফবি (প্ৰ)আৰু পিজেএচিবিএমে আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে। মঙলবাৰে কোকৰাঝাৰত সংবাদমেল অনুষ্ঠিত কৰি এবছুৰ সভাপতি প্ৰমোদ বড়োই বিজেপি চৰকাৰৰ প্ৰতাৰণাক তীব্ৰ ভাষাৰে সমালোচনা কৰি মন্ত্ৰী কিৰেন ৰিজুজুকো আক্ৰমণৰ লক্ষ্য কৰি লয়৷

এবছুৰ সভাপতি প্ৰমোদ বড়োৱে জনজাতীয় সমস্যাৰে ভাৰাক্ৰান্ত অঞ্চল এটাৰ পৰা প্ৰতিনিধিত্ব কৰি গৃহ বিভাগৰ দায়িত্বত থকা স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী কিৰেণ ৰিজিজুক জনজাতীয় সমস্যাসমূহ সমাধান নকৰিলে ইতিহাসে ক্ষমা নকৰিব বুলি স্পষ্ট কৰি দিয়ে এবছুৰ সভাপতি প্ৰমোদ বড়োৱে। 

তদুপৰি আত্মনিয়ন্ত্ৰণৰ স্বাৰ্থত আৰম্ভ কৰা পৃথক বড়োলেণ্ড ৰাজ্য গঠনত ৰাজ্যৰ কেৱিনেটৰ অনুমোদনৰ কোনো প্ৰয়োজন নাই বুলি সংবাদমেলত সদৰি কৰি এয়া এক সাংবিধানিক অধিকাৰ বুলিও মন্তব্য প্ৰকাশ কৰে প্ৰমোদ বড়োই। 

২৬ এপ্ৰিলৰ পূৰ্বে চৰকাৰে পৃথক বড়োলেণ্ড গঠন সন্দৰ্ভত ৰাজনৈতিক পৰ্যায়ৰ ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত নকৰিলে অহা ২৬ এপ্ৰিলৰ দিনটো এবছুৱে প্ৰতাৰণা দিৱস হিচাপে উদযাপন কৰাৰ লগতে ২ মে'ৰ পৰা পাঁচদিনীয়া ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী আৰু ইয়াৰ পিছে পিছে ৩৬ ঘণ্টীয়া চকা বন্ধৰ আহ্বান জনোৱা হ’ব বুলি সংবাদমেলত সদৰি কৰে। 

সংবাদমেলত এনডিএফবি (প্ৰ) সাধাৰণ সম্পাদক গোবিন্দ চন্দ্ৰ বসুমতাৰী, এবছুৰ সাধাৰণ সম্পাদক লৰেঞ্চ ইছলাৰীকে ধৰি পিজেএচিবিএমৰ নেতাসকল উপস্থিত থাকে।