
ওদালগুৰিঃ ওদালগুৰি চহৰৰ সমীপৰ নলখামৰা গাঁৱৰ দুলাল শৰ্মা। দুলাল শৰ্মাই বিগত প্ৰায় চাৰিটা দশকৰো অধিক সময় বাঁহৰ সৰু জাকৈ-খালৈ নিৰ্মাণ কৰি সময় অতিবাহিত কৰিলে। কেৱল ওদাৰগুৰিৰে নহয় ৰাজ্য খনৰে গৌৰৱ দুলাল শৰ্মা৷
দুলাল শৰ্মাই জানে সংস্কৃতিয়ে পৰিৱর্তন কৰাত সহায় কৰে। সংস্কৃতিয়ে অভ্যন্তৰীণ সৃজনশীল প্ৰতিভাক বিকাশত সহায় কৰে। শিল্পকলা কলাক জীৱনৰ গান কৰি ৰাখিছে দুলাল শৰ্মাই৷
কবিতা, উপন্যাস, গল্প, কাব্য, সংগীত, নৃত্য, নাটক, খাদ্যৰ প্ৰণালী, ফটোগ্রাফি, চিত্রগ্রহণ, আর্ট, অংকন, চিত্রকর্ম, মৃৎশিল্প, ভাস্কর্য নির্মাণ আদিয়ে মানুহৰ পৰিৱৰ্তন সাধন কৰিব পাৰে বুলিয়ে জানিয়ে এই সাধনা কৰি গৈছে তেওঁ৷ আজি টকাৰ ধনী নহলেও এটি বিশাল মনৰ মানুহ শৰ্মা৷
শিল্পকলাৰ ভৰাল স্বৰূপ হৈয়ো নিৰহংকাৰী শৰ্মাই অসমৰ বহু যুৱকে বিভিন্ন দিশত প্রতিভা বিকাশ কৰিলে বৰ আনন্দ লভে৷ জাদু প্ৰদৰ্শন, লোকনৃত্য আৰু লোকসংগীত, নাট আৰু থিয়েটাৰ, মূকাভিনয়, কবিতা, উপন্যাস, গল্প, কাব্য, সংগীত, নৃত্য, নাটক, খাদ্যৰ প্ৰণালী, ফটোগ্রাফি, চিত্রগ্রহণ, আর্ট, অংকন, চিত্রকর্ম, মৃৎশিল্প, ভাস্কর্য নির্মাণ কৰি প্ৰতিভা প্ৰকাশ কৰাই নহয় মানুহৰ জীৱন ধাৰণৰ আহিলা হৈ পৰিব পাৰে সেই কথা পৰামৰ্শ দিয়ে দুলাল শৰ্মাই৷
কলাৰ জৰিয়তে এখন সমাজৰ পৰিৱৰ্তন কৰিবলৈ তথা শান্তিৰ বাৰ্তা প্ৰেৰণ কৰিবলৈ কচৰৎ কৰিব পৰাৰ এক বৃহৎ উপলদ্ধি দুলাল শৰ্মা৷ যিগৰাকীয়ে এই কৰ্মত অহৰহ ব্ৰতী থাকি বাস্তৱক সংৰক্ষণ কৰিবলৈ চেষ্টা চলাই গৈছে৷
কিন্তু পৰম্পৰা ৰক্ষা কৰিবৰ বাবে কাম কৰা মানুহজনে লাভ নকৰে সামগ্ৰীৰ উচিত মূল্য। ১৯৫৮ চনতে অবিভক্ত দৰং জিলাৰ অতি দৰিদ্ৰ পৰিয়ালত জন্মলাভ কৰা শৰ্মাই জীৱিকাৰ সন্ধানত ল'ৰালি কালতে ওদালগুৰি চহৰৰ নলখামৰালৈ আহিছিল।
১৪ বছৰ বয়সৰ পৰাই তেওঁ বাহৰ সামগ্ৰী নিৰ্মাণৰ বাবে আগ্ৰহী হয় আৰু পৰৱৰ্তী সময়ত তেওঁ বাঁহৰ সৰু সৰু জাকৈ-খালৈ নিৰ্মাণ কৰি ঘৰে ঘৰে বিক্ৰী কৰিবলৈ যোৱাৰ লগতে পৰৱৰ্তী সময়ত সামগ্ৰীসমূহ বিক্ৰীৰ বাবে তেওঁ মাজে সময়ে গুৱাহাটীলৈও যাবলৈ বাধ্য হৈছিল।
৮০ দশকৰ সময়ছোৱাত গুৱাহাটীলৈ অহা-যোৱাৰ সময়ছোৱাত সাগ্ৰী বিক্ৰী কৰি থকা সময়ত দুলাল শৰ্মাক লগ পাইছিল সেই সময়ৰ ছাত্ৰ নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই। তেতিয়াৰ ছাত্ৰনেতা মহন্তই অসাধাৰণ প্ৰতিভাৰ গৰাকী দুলাল শৰ্মাৰ হাতৰ পৰশত প্ৰাণ পাই উঠা সামগ্ৰীসমূহ দেখি আকৃষ্ট হৈছিল। শৰ্মাই ছাত্ৰনেতা মহন্তক তেওঁৰ হাতেৰে নিৰ্মিত সামগ্ৰী উপহাৰ দিছিল।
পৰৱৰ্তী সময়ত প্ৰফুল্ল কুমাৰ মহন্তই দুলাল শৰ্মাৰ অস্থায়ী বিপনীখন আমবাৰীত পাতিবলৈ পৰামৰ্শ দিয়াৰ লগতে শৰ্মাক এই অসাধাৰণ প্ৰতিভা স্তব্ধ নকৰিবলৈ আহ্বান জনাইছিল। প্ৰফুল্ল কুমাৰ মহন্তৰ সেই আহ্বানক শিৰত লৈ দুলাল শৰ্মাই অব্যাহত ৰাখিছিল নিজৰ কৰ্ম। কিন্তু ছাত্ৰ নেতাৰ পৰা আঞ্চলিক দলৰ নেতৃত্ব দি ৰাজ্যৰ মূখ্যমন্ত্ৰী হোৱা মহন্তই পাহৰি গ'ল চাগে দুলাল শৰ্মাক।
মুখ্যমন্ত্ৰী হৈ থকাৰ সময়তটো বাদেই ইয়াৰ পৰৱৰ্তী সময়তো প্ৰাক্তন মূখ্যমন্ত্ৰীগৰাকীয়ে এবাৰো খবৰ নল'লে দুলাল শৰ্মাক। অসমৰ বিভিন্ন প্ৰান্তত দুলাল শৰ্মা জনপ্ৰিয়। বহু স্থানত ৰাজহুৱা সন্মান লাভ কৰিছে অসাধাৰণ প্ৰতিভাৰ গৰাকী শৰ্মাই। দহ দিনতে এশটা জাকৈ-খালৈ নিৰ্মাণ কৰিবলৈ সক্ষম হোৱা লোকগৰাকীক বয়স বৃদ্ধি হোৱাৰ লগে লগে এশটা জাকৈ-খালৈ নিৰ্মাণৰ বাবে বৰ্তমান প্ৰয়োজন হয় পোন্ধৰৰ পৰা বিশ দিন।
জীৱনৰ প্ৰায় ছয়টা দশক গৰকা দুলাল শৰ্মাই সামগ্ৰী বিক্ৰীৰ বাবে যাব নোৱাৰা গুৱাহাটীলৈ। ফলত নিজৰ উৰুখা পজাঁতে বাঁহৰ সামগ্ৰীসমূহ সাজে শৰ্মাই৷
গুৱাহাটীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ব্যৱসায়ীৰ সোঁত বয় শৰ্মাৰ ঘৰলৈ। বাঁহৰ অতি উৰ্ধগামী মূল্যৰ সময়ছোৱাত ব্যৱসায়ীসকলে প্ৰতিখন জাকৈৰ বাবদ ১৩ টকা আৰু প্ৰতিটো খালৈৰ বাবে ৮ টকাকৈ প্ৰদান কৰে শৰ্মাক।
ফলত নিজ হাতৰ পৰশেৰে জীৱন্ত ৰূপ লাভ কৰা সামগ্ৰীসমূহৰ বাবদ লাভ কৰা নাই উচিত মূল্য। চৰকাৰ, বিটিচি প্ৰশাসনৰ পৰা কোনো ধৰণৰ নামমাত্ৰও সাহায্য লাভ নকৰা বুলি সেমেকা চকুৰে সাংবাদিকৰ আগত সদৰি কৰে। চৰকাৰ তথা বিটিচি প্ৰশাসনক সাহায্য প্ৰদানৰ দাবী জনাইছে ৰাইজে৷