অসম আন্দোলনৰ হোতাৰ ঘৰলৈ আহিল বিদেশীৰ সন্দেহত জাননী

ঢেকীয়াজুলিঃ অসম আন্দোলনৰ হোতাৰ ঘৰলৈ আহিল বিদেশীৰ সন্দেহত জাননী৷ যিকোনো সময়তে আপোনালৈও আহিব পাৰে আদালতৰ চিল মোহৰ লগোৱা জাননী৷ জাননী খনত লিখা থাকিব পাৰে৷ প্ৰতি, যিহেতুকে ক্ষমতাসম্পন্ন কৰ্তৃপক্ষৰ দ্বাৰা আপোনাৰ বিৰুদ্ধে এনে এক প্ৰসংগ বা অভিযোগ উত্থাপিত হৈছে যে আপুনি কোনো বৈধ্য নথি পত্ৰ নোহোৱাকৈ ২৫ মাৰ্চ ১৯৭১/ ১জানুৱাৰী, ১৯৬৬ আৰু ২৬ মাৰ্চ ১৯৭১ এই সময়ছোৱাৰ ভিতৰত অবৈধ ভাবে অসমত প্ৰৱেশ কৰিছে৷ আপোনাৰ নাগৰিকত্বৰ ওপৰত সন্দেহ ওপজিছে৷ 

যদি ইচ্ছা কৰে স্বনিয়োজিত অধিবক্তাসহ নিৰ্দিষ্ট তাৰিখত ন্যায়াধীকৰণত হাজিৰ হৈ আপুনি যদিহে ভাৰতীয় নাগৰিকত্ব দাবী কৰিব বিচাৰে তেনেহ’লে ১৯৪৬ চনৰ বিদেশী আইনৰ ৯নং ধাৰা অনুযায়ী আপুনি নিজৰ ওপৰত ন্যস্ত প্ৰমাণৰ দায়িত্ব লিখিত বৰ্ণনা আৰু আৰু সংশ্লিষ্ট যাৱতীয় নথি-পত্ৰাদি পেচ কৰিব লাগিব৷ যদিহে এই জাননী পোৱাৰ পিচত আপুনি ন্যায়াধীকৰণত নিৰ্ধাৰিত দিনত হাজিৰ নহয় তেনেহ’লে আপোনাৰ বিৰুদ্ধে থকা অভিযোগৰ একতৰফীয়া নিষ্পত্তি কৰা হ’ব৷ 

উল্লেখ্য যে, বিদেশী চিনাক্তকৰণ প্ৰক্ৰিয়াৰ বাবে ৰাজ্যৰ ঠায়ে ঠায়ে বিদেশী ন্যায়াধীকৰণ প্ৰতিষ্ঠা কৰি প্ৰকৃত ভাৰতীয় নগৰিক বিচাৰি উলিওৱাৰ প্ৰক্ৰিয়া এনেদৰেই অব্যাহত ৰাখিছে৷ আনহাতে অসমৰ বিদেশী সমস্যা সমাধানৰ চৰকাৰৰ ই এক গুৰুত্বপূৰ্ণ পদক্ষেপ৷ সমূহ ন্যায়াধীকৰণৰ জৰিয়তে একাংশ প্ৰকৃত ভাৰতীয় নাগৰিকো হাৰাশাস্তিৰ কৰি অহাৰ অভিযোগ উত্থাপন কৰে৷ 

শেহতীয়াকৈ শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিস্থিত বিদেশী ন্যায়াধীকৰণ নং-৮ শোণিতপুৰে এনে এখন জাননী জাৰি কৰিছে বিদেশী বহিস্কাৰৰ বাবে ৭বছৰীয়া আন্দোলন কৰা এসময়ৰ ঢেকীয়াজুলিৰ অগ্ৰণী ছাত্ৰ নেতা তথা বৰ্তমান অগপ দলৰ জেষ্ঠ নেতা ৰাতুল কুমাৰ নাথৰ ভাতৃ বিজয় নাথলৈ৷ ঠেলামৰা নিৱাসী লোকগৰাকীক বিদেশী ন্যায়াধীকৰণৰ গোচৰ নং ৯১৫/১৭ ভিত্তিত জাননী জাৰি কৰে৷ আনহাতে অহা ১২ এপ্ৰিলত তেওঁক অধিবক্তা সহ হাজিৰ হ’বলৈ নিৰ্দেশ দিয়ে৷ 

ইয়াকেলৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অঞ্চলটোত৷ কেইবা পুৰুষো অসমত বাস কৰি জাতি, মাটি, ভেটি ৰক্ষাৰ বাবে সংগ্ৰামত চামিল হোৱা এটা খিলঞ্জীয়া পৰিয়ালৰ এগৰাকী লোকক এনেদৰে বিদেশী সজাই জাননী জাৰি কৰা ঘটনাত তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ঢেকীয়াজুলি আঞ্চলিক আছুৰ সভাপতি শংকৰ দাসে৷ ছাত্ৰ নেতাগৰাকীয়ে কয় যে বিদেশী ন্যায়াধীকৰণে প্ৰকৃত বিদেশীক চিনাক্ত কৰি উচিত ব্যৱস্থা গ্ৰহণ কৰটো আমাৰ কাম্য৷ 

কিন্তু এনেদৰে একোজন প্ৰকৃত নাগৰিকক আইনৰ আওতালৈ আনি অযথা হাৰাশাস্তি দিয়াটো অতিকে দুৰ্ভাগ্যজনক৷ পূৰ্বেও আন আন খিলঞ্জীয়া লোককো ন্যায়াধীকৰণে বিদেশী সজাই হাৰাশাস্তি কৰি আহিছে বুলি অভিযোগ উত্থাপন হৈছে৷