বাছ-ট্ৰাক-ট্ৰেভেলাৰৰ মুখামুখি সংঘৰ্ষ, আহত ৭০, ১০ জনৰ অৱস্থা সংকটজনক

কাজিৰঙাঃ গোলাঘাট জিলাৰ কাজিৰঙাৰ হাতীখুলিত বুধবাৰে ৰাষ্ট্ৰীয় ঘাই পথত পথ দুৰ্ঘটনা সংঘটিত হৈ ৭০গৰাকী লোক কম-বেছি পৰিমাণে আহত হয়৷ বুধবাৰে পুৱা সংঘটিত পথ দুৰ্ঘটনাত আহত লোকসকলক ইতিমধ্যে প্ৰশাসনে স্থানীয় ৰাইজৰ সহায়ত বোকাখাত চিকিৎসালয়ত ভৰ্তি কৰে৷ ১০গৰাকীৰ লোকৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। 

জানিব পৰা মতে, এখন নৈশ বাছ, মালবাহী ট্ৰাক আৰু ট্ৰেভেলাৰে ইখনে সিখনক, সিখনে ইখনক খুন্দা মাৰে৷ গুৱাহাটীৰ পৰা যোৰহাট অভিমুখে গৈ থকা নেটৱৰ্ক ট্ৰেভেলছৰ AS-01-FC-9088 নম্বৰৰ নৈশ বাছ খনে বিপৰীত দিশৰ পৰা আহি থকা মালবাহী ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষ লাগে৷ আনহাতে সমানে সমানে বাছ খনৰ পিছফালে আহি থকা AS-05-C-4334 ট্ৰেভেলাৰ খনে বাছ খনত তীব্ৰ জোৰে খুন্দা মাৰে।

কঁহৰা আৰক্ষী চকীৰ অন্তৰ্গত হাতীখুলিত এখন দলঙৰ ওপৰতে মুখামুখি সংঘৰ্ষ লাহে যদিও ট্ৰাক আৰু বাছ খন তলত পৰাৰ পৰা কথমপি ৰক্ষা পৰে৷ আনহাতে আৰক্ষী আৰু ১০৮ এম্বুলেন্স সেৱা বহু পলমকৈ ঘটনাস্থলীত উপস্থিত হোৱাৰ অভিযোগ উত্থাপন কৰে ৰাইজে৷ এফালে দুৰ্ঘটনাৰ ফলত উজনি-নামনিৰ যাতায়ত কেইবাঘণ্টা ধৰি সম্পূৰ্ণ বন্ধ হৈ পৰে।