
ওদালগুৰি/গুৱাহাটীঃ ৰঙালী বিহুলৈ মাজত মাথো দুটা দিন। ৰাজ্যৰ জকাইচুকু, সাধাৰণ চহৰৰ পৰা আৰম্ভ কৰি গুৱাহাটী মহানগৰীলৈ এতিয়া বাপতি সাহোন ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি। বসন্ত ঋতুৰ আগমনৰ লগে লগেই সকলোৰে মনত বিৰিঙিছে ৰং-উৎসাহ, হাঁহি-আনন্দ।
বহাগৰ আগমনত ন-ৰূপেৰে উজলি উঠিছে প্ৰকৃতি ৰাণী, কুঁহিপাত। জকাইচুকৰ শিপিনীসকলো ব্যস্ত আদৰৰ বিহুৱান খন আপোনদনক দিম বুলি৷ বিহুৰ আগমনৰ লগে লগে দিনে-নিশাই তাঁতৰ শালত ভীষণ ব্যস্ত মহিলা-গাভৰু।
কিন্তু তাঁতৰ শালত অসমৰ যুৱতী-বোৱাৰীয়ে সাজি উলিওৱা গামোচাৰ মান নোবোৱা হ’ল অসমত৷ অসমৰ পৰম্পৰাগত ভমকা-ফুলীয়া চানেকি তোলা অসমীয়া শিপিনীৰ গামোচাৰ পৰিৱৰ্তে মহানগৰীৰ অলিয়ে-গলিয়ে এতিয়া দেখা গৈছে বেনাৰসৰ পৰা অহা ৰং-চঙীয়া চকুত লগা গামোচা। তাঁতৰ শালত পৰীৰ দেশৰ সাধু ৰচনা কৰা অসমীয়া শিপিনীৰ হাতে বোৱা গামোচাৰ পৰিৱৰ্তে ৰাজ্যৰ বজাৰত বৃদ্ধি পাইছে বেনাৰসত মেচিনত বোৱা গামোচাৰ আদৰ।
অসমীয়া সংস্কৃতিৰ অন্যতম অংগ তাঁত শিল্প তথা অসমীয়া মহিলাৰ স্বাৱলম্বীতাৰ সমল বয়ন শিল্পৰ যেন বজাৰত প্ৰত্যাহ্বানৰ সন্মিুখীন হৈছে। শিপিনীসকলৰ হাতে বোৱা গামোচাৰ বিপৰীতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মহানগৰীৰ বজাৰত বৃদ্ধি পাইছে বেনাৰসৰ গামোচা।
কম মূল্যৰ লগতে ৰং-চঙীয়া ফুলেৰে গ্ৰাহকৰ মন-মুহিবলৈ সক্ষম হোৱা বেনাৰসী গামোচাৰ বাবে এতিয়া যেন স্থান হেৰুৱাইছে অসমীয়া যুৱতী-বোৱাৰীৰ হাতৰ গামোচাই। অসমীয়াৰ স্বাভিমানৰ প্ৰতীক হাতে বোৱা গামোচাই অসমীয়াৰ মাজত তথা অসমতে স্থান হেৰুৱাৰ উপক্ৰম হোৱাৰ সময়তে
ওদালগুৰি চহৰত আছথুৱে চলালে অভিযান। প্ৰশাসনৰ চকুৰ সন্মুখতে বহিঃৰাজ্যৰ গামোচা বিক্ৰী হৈ আছে যদিও ইয়াৰ বিৰুদ্ধে আজি পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ নকৰাত প্ৰশাসন শুই থাকে যদিও আছুই অভিযানত নামে।
ওদালগুৰি আঞ্চলিক ছাত্ৰ সন্থাই প্ৰশাসনক বাট নাচাই ওদালগুৰি সাপ্তাহিক বজাৰৰ অস্থায়ী বস্ত্ৰ বিপনীত অতৰ্কিতে অভিযান চলাই বহু পৰিমাণৰ বহিঃৰাজ্যৰ আমদানিকৃত গামোচা উদ্ধাৰ কৰে। ব্যৱসায়ীসকলে প্ৰথমে গামোচাসমূহ বহিঃৰাজ্যত নিৰ্মিত নহয় বুলি ফাকি দিছিল যদিও পিছত তেওঁলোকে স্বীকাৰ কৰে।
অস্থায়ী বিপনীতেই নহয়, চহৰখনৰ মাজমজিয়াৰ কেইবাখনো নামথকা বস্ত্ৰ বিপনীত বহিঃৰাজ্যৰ গামোচা বিক্ৰি হৈ থকা বুলি বহু লোকে অভিযোগ উত্থাপন কৰে। সাধাৰণ ৰাইজৰ চকুত পৰা এনে অবৈধ কাৰ্যসমূহ কিয় প্ৰশাসনৰ চকুত নপৰে তাকে লৈ প্ৰশ্নৰ উত্থাপন কৰিছে সচেতন মহলে।
প্ৰশাসনৰ লোকক মোটা অংকৰ ধন প্ৰদান কৰি এনে অসমীয়া বিৰোধী কাৰ্য চলাই গৈছে বুলি অভিযোগ উত্থাপন কৰিছে ৰাইজ৷ ছাত্ৰ সংগঠনটোৱে অভিযানত উদ্ধাৰ কৰা গামোচাসমূহ অতিৰিক্ত উপায়ুক্ত ভাস্কৰজ্যোতি মান্তাৰ উপস্থিতিত প্ৰশাসনক জমা দিয়ে যদিও নিজৰ ভূল ঢাকিবলৈ ছাত্ৰ সংগঠনটোক এবাৰো ধন্যবাদ সূচক মন্তব্য প্ৰদান নকৰিলে বিষয়াজনে।