সন্তানৰ সন্মুখত মহিলাক উংলগ কৰি বৰ্বৰ শাস্তি বিহা ৩ মহিলাক সহ ৪ জনক আটক

গোৰেশ্বৰঃ বাক্সা জিলাৰ গোৰেশ্বৰ আৰক্ষী থানাৰ অন্তৰ্গত শুৱাগপুৰত এগৰাকী মহিলাক উলংগ কৰি আদিমযুগৰ শাস্তি বিহা ঘটনাৰ চাঞ্চল্য আজিও অব্যাহত আছে৷ অনৈতিক কাৰ্যত লিপ্ত থকাৰ অভিযোগত এগৰাকী মহিলা আৰু এগৰাকী পুৰুষক যোৱা ৬ এপ্ৰিলত একাংশই উলংগ কৰি মাৰধৰ কৰাৰ ঘটনাৰ সৈতে জৰিত থকাৰ অভিযোগত সুবাগপুৰৰ বৰনদীপাৰ গাঁৱৰ কৰবী শইকীয়া, অনিতা কলিতা, হৰেণ হৰিজন আৰু নিৰ্মলা কলিতাক আটক কৰে। 

ইপিনে চাৰি গৰকী ব্যক্তিক আটক কৰাৰ পিছত সন্ধিয়া বহু পুৰুষ মহিলা সুবাগপুৰ থানাত সমবেত হোৱাত চেপা উত্তেজনাই বিৰাজ কৰে।
গোৰেশ্বৰ আৰক্ষী থানাৰ অন্তৰ্গত সুৱাগপুৰ আৰক্ষী চকীৰ পৰা মাত্ৰ আধা কিলোমিটাৰ দূৰৰ বৰনদীপাৰ গাঁৱৰ নিৰঞ্জন কলিতাৰ ঘৰত যোৱা ৬ এপ্ৰিলৰ নিশা গাঁও খনৰ নিৰঞ্জন কলিতাৰ পত্নী আৰু গুৱাহাটী নিবাসী এজন লোকক উলংগ কৰি প্ৰচণ্ড মাৰপিট কৰে। 

একাংশই  বিশেষকৈ মহিলা গৰাকীৰ ওপৰত কৰা অকথ্য নিৰ্যাতন আৰু বিবস্ত্ৰ কৰি মাৰপিট কৰাৰ বিপৰীতে আন একাংশই আকৌ এই ঘটনাক মোবাইলত বন্দী কৰি তৃপ্তি লভিছিল। এই ভিডিঅ’ ছচিয়েল মিডিয়াত এৰি দিয়ে৷ জিলাখনৰ লগতে অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। ইপিনে  নিৰ্যাতিত মহিলা গৰাকীৰ স্বামীয়ে গোৰেশ্বৰ থানাত ঘটনা সন্দৰ্ভত গোচৰ তৰে। গোৰেশ্বৰ আৰক্ষীয়ে ২৮/২০১৮ নম্বৰত গোচৰ ৰুজু কৰে