উন্নাও ধৰ্ষণ কাণ্ড, বিজেপিৰ বিধায়ক ধৰ্ষণৰ অভিযুক্ত হে দোষী নহয়, এতিয়াই গ্ৰেপ্তাৰ নহয়

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ উন্নাৱৰ এগৰাকী মহিলাই বিজেপি বিধায়ক কুলদ্বীপ সিং চেগৰ আৰু সহযোগীৰ বিৰুদ্ধে গণ ধৰ্ষণৰ অভিযোগ উত্থাপন কৰাৰ ঘটনাই সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি হৈছে৷ অভিযোগকাৰী মহিলাৰ পিতৃক অভিযুক্তই মাৰধৰ কৰাৰ ফলত আৰক্ষীৰ জিম্মাত মৃত্যু হৈছিল৷

উত্তৰ প্ৰদেশ আৰক্ষী আৰু প্ৰশাসনৰ বিৰুদ্ধে এই ঘটনাৰ পিছৰে পৰা প্ৰশ্ন উত্থাপন হৈ আহিছে৷ তাৰ মাজতে উত্তৰ প্ৰদেশ আৰক্ষীয়ে বুধবাৰে এখন সংবাদ মেল অনুষ্ঠিত কৰি এই গোচৰৰ তদন্তৰ থকা অৱগত কৰে৷ আৰক্ষীৰ ভূমিকা সন্দৰ্ভত স্পষ্ট কৰি দোষীক ৰেহাই দিয়াৰ বাবে তেওঁলোকে চেষ্টা কৰা নাই বুলি কয়৷ 

আনহাতে বৰ্তমান বিধায়ক কুলদ্বীপ সিঙৰ গ্ৰেপ্তাৰ নহয় বুলি কয়৷ যেতিয়ালৈকে আদালতে বিধায়কক দোষী বুলি নকয় তেতিয়ালৈকে গ্ৰেপ্তাৰ নহয় বুলি কয়৷ আৰক্ষীয়ে বিধায়ক তেওলোকৰ নজৰত অভিযুক্ত বুলিহে কয়৷ শেহতীয়াকৈ চৰকাৰে এই ঘটনাৰ তদন্তৰ দায়িত্ব চিবিআইক প্ৰদান কৰিছে৷ 

আৰক্ষীয়ে এই ঘটনাত বিধায়কগৰাকীক গ্ৰেপ্তাৰ নকৰিলেও চিবিআইৰ তদন্তত এই ঘটনাৰ বাবে বিজেপি বিধায়ক জৰিত থকাৰ প্ৰমাণ পালে চিবিআইয়ে বিধায়কক গ্ৰেপ্তাৰ কৰিব পাৰিব৷ উত্তৰ প্ৰদেশ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব নোৱাৰিব৷ 

উল্লেখ্য যে, উত্তৰ প্ৰদেশৰ উন্নাৱৰ এগৰাকী মহিলাই বিজেপি বিধায়ক কুলদ্বীপ সিঙৰ বিৰুদ্ধে সহযোগীৰ সৈতে লগলাগি গণ ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন কৰে৷ তাৰ পিছতে যোৱা ০৭ এপ্ৰিলত মহিলা আৰু মহিলাৰ পৰিয়ালে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথৰ লক্ষ্নৌৰ আৱাসৰ সন্মুখত আত্মহত্যা কৰাৰ চেষ্টা চলাই৷ 

আত্মহত্যা চেষ্টা চলোৱাত আৰক্ষীয়ে তেওঁলোকক আটক কৰি থানাত ৰাখিছিল যদিও নিশা মৃত্যু হৈছিল গণ ধৰ্ষণৰ অভিযোগ উত্থাপন কৰা মহিলাৰ পিতৃৰ৷ গণ ধৰ্ষণৰ বলি হোৱা মহিলাৰ পিতৃক অভিযুক্তই বেয়াকৈ মাৰধৰ কৰাৰ লগতে আৰক্ষীয়ে বন্দী কৰি ৰাখিছিল৷ ৫ দিন পিছত মহিলাৰ পিতৃৰ মৃত্যু হয়৷