ষষ্ঠ শ্ৰেণী উত্তীৰ্ণক চিকিৎসকৰ পৰা জ্ঞানলৈ গাঁৱত ৰোগী চাই পৰামৰ্শ দিবলৈ আহ্বান সাংসদ বিশ্বজিতৰ

ওদালগুৰিঃ বিটিচিৰ শাসকীয় দল বিপিএফৰ ওদালগুৰি জিলা সমিতিৰ বাৰ্ষিক অধিবেশনৰ বৃহস্পতিবাৰে দিনজোৰা কাৰ্য্যসূচীৰে ওদালগুৰি বাহিনীগাঁৱত অনুষ্ঠিত হৈ যায়। অধিবেশনৰ উপলক্ষে বৃহস্পতিবাৰে দিনৰ ১ বজাত মুকলি সভা অনুষ্ঠিত হয়৷ মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিপিএফ তথা বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে বিটিচিবাসীক দলটোৰ হৈ কাম কৰি দলটোক শক্তিশালী কৰিবলৈ আহ্বান জনায়। বিভিন্ন সময়ত ৰাইজে দলটোৰ বিষয়ে আলোচনা কৰি আহিছে। ইয়াৰ একাংশই ইতিবাচক আৰু আন একাংশই নেতিবাচক কথাৰে দলটোক সমালোচনা কৰে বুলি কয়।

প্ৰকৃততে বিটিচিবাসীহে বিটিচিৰ সমস্যাসমূহৰ বিষয়ে জানে। বিটিচিৰ বাহিৰত থাকি এই বিষয়ে আলোচনা কৰি লাভ নাই। বিটিচিৰ সমস্যা কেৱল বিপিএফ আৰু বিটিচিবাসীয়েহে সমাধান কৰিব পাৰে। বিটিচি অঞ্চলত পূৰ্ৱৰে পৰা বসবাস কৰা লোকসকলক ভূমিপট্টা প্ৰদান কৰাৰ কথা মহিলাৰীয়ে উল্লেখ কৰি কয় যে চৰকাৰী মটিত বসবাস কৰা গাঁও অঞ্চলৰ লোকসকলৰ খেতিৰ বাবে সাত বিঘা আৰু বাসস্থানৰ বাবে এক বিঘা মাটি আৰু চহৰ অঞ্চলত বসবাস কৰা লোকসকলক মাত্ৰ দুই কঠা মাটিৰ বাবেহে পট্টা প্ৰদান কৰা হ’ব। 

বিটিচিৰ পৰিষদীয় সদনত এই বিষয়ে বিস্তৃত আলোচনা কৰাৰ কথাও ভাষণত উল্লেখ কৰে। ভূমিনীতি সন্দৰ্ভত হাগ্ৰামাই কয় যে বিটিচিয়ে কোনো নতুন ভূমিনীতি প্ৰস্তুত কৰা নাই বা এই ক্ষেত্ৰত বিটিচি প্ৰশাসনৰ ক্ষমতাও নাই। যিহেতু বিটিচিখন কাৰ্বি আংলং, ডিমাহাচাওৰ দৰে অসমৰ ভিতৰৰে ৰাজ্য গতিকে ইয়াত অসমৰ ভূমি নীতিয়েই প্ৰচলিত হৈ থাকিব। আনহাতে বিটিচি অঞ্চলৰ চাৰিওখন জিলাতে একোজনকৈ জিলা উন্নয়ণ বিষয়া নিযুক্তিৰ বাবে বিটিচি পৰিষদে ৰাজ্য চৰকাৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰা বুলি কয়৷ 

ইয়াৰ যোগেদি বিটিচিবাসীৰ বহুতো সুবিধা হ’ব বুলি উল্লেখ কৰি হাগ্ৰামাই কয় যে বিষয়া নিযুক্তিৰ জৰিয়তে সকলো কামৰ বাবে কোকৰাঝাৰলৈ নোযোৱাকৈও সম্ভৱ হ’ব। আনহাতে বিটিচি অঞ্চলত ভিচিডিচি সন্দৰ্ভত হাগ্ৰামাই কয় যে এই প্ৰক্ৰিয়াটো এতিয়া অনুমোদনৰ প্ৰক্ৰিয়াত আছে। অনুমোদন পোৱাৰ পাছত প্ৰতিটো ভিচিডিচিত একোটাকৈ কাৰ্যালয় নিৰ্মাণ কৰি প্ৰতিটো কাৰ্যালয়ত চাৰি বা পাঁচজনকৈ কৰ্মচাৰী নিয়োগ কৰা হ’ব। 

বহু সংগঠন তথা ৰাজনৈতিক দলে বিপিএফ দলক ধ্বংসৰ ষড়যন্ত্ৰ কৰে যদিও বিটিচি উন্নয়ণৰ ক্ষেত্ৰত বিপিএফৰ বাহিৰে কোনেও মাত নামাতে। বিটিচিত সকলোৱে সমভাৱে আগুৱাই যাব লাগিব। ইয়াত বড়ো অনা-বড়োৰ ৰাজনীতি কৰি লাভ নাই। বড়োলেণ্ড আন্দোলনত শ্বহীদ হোৱা প্ৰতিটো পৰিয়ালক পাঁচ লাখকৈ সাহায্য প্ৰদানৰ ঘোষণা কৰে হাগ্ৰামাই।

৪০ গৰাকী এনডিএফবি(ৰঞ্জন) আৰু এনডিএফবি(সং) গোটৰ আত্মসমৰ্পনকাৰী কেডাৰৰ লগতে অভিনেতা, আছু আৰু এবছুৰ বহু সদস্যই বিপিএফ দলত যোগদান কৰে।  ইফালে সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত হাগ্ৰামাই নতুনকৈ যোগদান কৰা সদস্যসকলক দলৰ মজিয়ালৈ স্বাগতম জনাই ৰঞ্জন দৈমাৰী, সংবিজিত তথা আলোচনাপন্থী এনডিএফবি সদস্যসকলক আলোচনাৰ মজিয়ালৈ অহাৰ আহ্বান জনায়। হাগ্ৰামাই সমূহ ৰাইজক বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে।  

সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি সাংসদ বিশ্বজিৎ দৈমাৰিয়ে প্ৰদান কৰা ভাষণত বৃদ্ধ পেঞ্চন হিচাপে গাঁৱৰ দৰিদ্ৰ শ্ৰেণীৰ লোকসকলে প্ৰতিমাহে লাভকৰা ২৫০ টকাক একপ্ৰকাৰ উপলুঙা কৰা দেখা যায় বুলি কয়। পঞ্চম ষষ্ঠ শ্ৰেণীলৈ উত্তীৰ্ণ ৰাজ্যৰ নিৱনুৱাসকলক কিছু চিকিৎসকৰ পৰা জ্ঞান লৈ বিভিন্ন স্থানত ৰোগী চাবলৈ  সাংসদগৰাকীয়ে অদ্ভুদ পৰামৰ্শ দিয়াত উপস্থিত ৰাইজে হতভম্ব হৈ পৰে। সভাত মন্ত্ৰী ৰিহন দৈমাৰি বিধায়ক চৰণ বড়োৰ লগতে বহুকেইগৰাকী এমচিএলএ, ইএম আৰু বিএছইউ, যুৱ বিপিএফৰ নেতা উপস্থিত থাকে।