তোমালোকে মোক জীয়াই থাকিব নিদিলা, মোক সুৰক্ষা দিব নোৱাৰিলে...

নগাঁওঃ মাকৰ কোলাৰ পৰা নামিবলৈ তেওঁৰ বেছি বছৰ হোৱা নাছিল৷ তেওঁ চোতালত বোকা পানীৰে খেলিব এৰিছিল হে মাথো৷ দৰিদ্ৰ পিতৃ-মাতৃয়ে আলসৰ লাড়ু আছিল তেওঁ৷ তেওঁক পঢ়াই শুনাই ডাঙৰ মানুহ কৰাৰ সপোণ দেখিছিল পিতৃ-মাতৃয়ে৷

আন দহগৰাকী কিশোৰীৰ দৰে তেওঁ হাঁহি ধেমালি কৰিছিল৷ পঢ়ি-শুনি ডাঙৰ মানুহ হ’ব খুজিছিল৷ বহু সপোন বহু আশা বুকুত বান্ধি কণমানিগৰাকী এই পৃথিৱীৰ পৰা বিদায় মাগিলে৷ 

নৰপিশাচ হতে তেওঁক জীয়াই থাকিব নিদিলে৷ পখিলা খেদাৰ বয়সত পাৰ কৰিছিল যদিও সভ্য সমাজৰ একাংশ লোকৰ যন্ত্ৰণা সহিব নোৱাৰি শান্তিৰে শুই আছে কোনোবা অচিনা দেশত৷ তোমালোকে মোক জীয়াই থাকিব নিদিলা, তোমালোকে মােক সুৰক্ষা দিব নোৱাৰিলা বুলি আক্ষেপ তেওঁৰ নিশ্চয় থাকি গৈছে৷ 

দুষ্টামী কৰি খেল-ধেমালিৰে সময় পাৰ কৰা এতিয়া তাই নাই আমাৰ ওচৰত৷ পখিলা খেদাৰ বয়সতে তেওঁ আমাক এৰি গুছি গ’ল৷ তেওঁক আমি নেদেখিলেও চকুজুৰিৰে তেওঁ আমাক চাই বাৰে বাৰে কৈছে শিশু হতক সুৰক্ষা দিয়া৷ শিশু হতক জীয়াই থাকিবলৈ দিয়া৷ নাৰীক সুৰক্ষিত কৰা, নাৰীক অধিকাৰ দিয়া, নাৰীক মুক্তি দিয়া, নাৰীক চাৰিবেৰৰ পৰা মুক্তি দিয়া৷

হয়, এটি কণমানিক স্মৰণ কৰি সমনীয়া আৰু শিক্ষকৰ চকুলো বৈ আহিল বৃহস্পতিবাৰে৷ তেওঁৰ এতিয়া খেলাৰ সময় আছিল যদিও যোৱা ২৩ মাৰ্চত নগাঁও জিলাৰ বটদ্ৰৱাৰ অন্তৰ্গত ধনীয়াভেটীৰ লালুং গাঁৱৰ লালুং গাঁও নিন্ম প্ৰাথমিক বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰীগৰাকীক দিনদুপৰতে দলবদ্ধভাবে ধৰ্ষণ কৰি জ্বলাই দি হত্যা কৰিছিল তিনি পাষণ্ডই৷ 

ছাত্ৰীৰ হত্যাৰ প্ৰতিবাদত সদৌ অসম প্ৰগতিশীল নাৰী সন্থা আৰু সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ উদ্যোগত নগাঁও জিলাৰ বটদ্ৰৱা থানাৰ অন্তৰ্গত লালুং গাঁও নিন্ম প্ৰাথমিক বিদ্যালয় প্ৰাংগনত লালুং গাঁৱৰ নাবালিকা ছাত্ৰীগৰাকীৰ হত্যাৰ প্ৰতিবাদত বৃহস্পতিবাৰে এখন সংকল্প সভা অনুষ্ঠিত হৈ যায়।  

শ্ৰীমতী আনাৰকলী বৰদলৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত আয়েফা বেগম, সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ ৰাজ্যিক সম্পাদক অৰূপ কুমাৰ মহন্তই উপস্থিত থাকি প্ৰতিগৰাকী নাৰী শিক্ষিত হ’ব লাগিব বুলি কয়৷ প্ৰতিগৰাকী নাৰী সমাজৰ প্ৰতি দায়বদ্ধ হ’ব লাগিব তেতিয়াহে আমাৰ সমাজ ব্যৱস্থাক পৰিবতৰ্নশীল কৰিব পাৰিম বুলি কয়। 

বিগত কিছু দিন ধৰি ৰাজ্য খনত যি ধাৰাবাহিক ধৰ্ষণ, নিৰ্যাতন হৈ আছে সেইবোৰ ৰোধ কৰিবলৈ বৰ্তমান চৰকাৰ ব্যৰ্থ হৈছে বুলি কয় সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ ৰাজ্যিক সম্পাদক অৰূপ কুমাৰ মহন্তই। চৰকাৰে বেটি বচাও বেটি পঢ়াও শ্লগান প্ৰহসনত পৰিণত হৈছে বুলিও কয়। 

ছোৱালীয়ে পঢ়িবই, যুঁজিবই আগুৱাই যাবই শীৰ্ষক শ্ল’গান দি নাৰী নিৰ্যাতনৰ ৰোধ কৰিবলৈ প্ৰতি গৰাকী পুৰুষ-মহিলা উভয়ে সজাগ হৈ ওলাই আহিবলৈ আহবান জনাই সদৌ  অসম প্ৰগতিশীল নাৰী সন্থাৰ নগাঁও জিলা সমিতিৰ সভানেত্ৰী পৰী কুমাৰী বৰুৱাই। 

সভাত প্ৰধান শিক্ষক চিৰাজ উদ্দিন আহমেদ, শ্বাকিৰ হুছেইন, সংখ্যালঘূ গণতান্ত্ৰিক যুৱ ফেডাৰেচনৰ নগাঁও জিলা সমিতিৰ সভাপতি আনচাৰুল ইছলাম, ফোজাইল আহমেদ উপস্থিত থাকে। উল্লেখযোগ্য যে, অঞ্চলটোৰ প্ৰায় পাঁচ শতাধিক পুৰুষ-মহিলা, কণ-কণ ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত প্ৰধান শিক্ষক চিৰাজ উদ্দিনে কণমানিগৰাকীৰ আত্মৰ সদগতি কামনা কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি চকুলো টোকে৷