
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ উন্নাৱৰ ধৰ্ষণ কাণ্ডৰ অভিযুক্ত বিজেপি বিধায়ক কুলদ্বীপ সিং চেগাৰক শুকুৰবাৰে গ্ৰেপ্তাৰৰ আদেশ দিয়ে এলাহাবাদ উচ্চ ন্যায়ালয়ে৷ উচ্চ ন্যায়ালয়ে সোধ-পোছৰ বাবে আটক কৰাৰ কাৰ্যত অন্তুষ্টি প্ৰকাশ কৰি শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ পোষকতা কৰে৷ আনহাতে উচ্চ ন্যায়ালয়ে চৰকাৰক ২ মে’ৰ ভিতৰত ঘটনাৰ সবিশেষ তথ্য আদালতত দাখিল কৰাৰ নিৰ্দেশ দিয়ে৷
উচ্চ ন্যায়ালয়ে ঘটনাৰ বিৰুদ্ধে তদন্ত নকৰাত ক্ষোভ জাহিৰ কৰি আদালতে ৰাজ্যত আইন ব্যৱস্থাৰ পতন হোৱা বুলি চৰ্চা কৰিবলৈ বাধ্য হ’ব বুলি কয়৷ বৃহস্পতিবাৰে আদালতে শুনানি গ্ৰহণ কৰি এই মন্তব্য প্ৰকাশ কৰাৰ লগতে বিধায়ক কুলদ্বীপক গ্ৰেপ্তাৰ কৰিব নে নাই সেই সন্দৰ্ভত ৰায় দিয়াৰ কথা আছিল শুকুৰবাৰে৷
উত্তৰ প্ৰদেশ চৰকাৰৰ মহাধিবক্তাই গোচৰৰ শুনানি গ্ৰহণ কৰা এলাহাবাদ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি বি ভছলে আৰু ন্যায়াধীশ সুনীত কুমাৰৰ বিচাৰপীঠক জানিবলৈ দি কয় যে ২০১৭ চনৰ ১৭ আগষ্টত মুখ্যমন্ত্ৰীক এখন পত্ৰ প্ৰেৰণ কৰি বিধায়কৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ দিয়া হৈছিল৷ আৱেদন খন উন্নাৱৰ প্ৰশাসনক প্ৰেৰণ কৰা হৈছিল তদন্তৰ বাবে৷ তাৰ লগে লগে ন্যায়ালয়ে এই ঘটনা সন্দৰ্ভত আৰু কি ব্যৱস্থা লোৱা হৈছে আৰু কোন লোকক আটক কৰা হৈছে সেই বিষয়ে জানিব বিচাৰে৷
মহাধিবক্তাই উত্তৰ দি কয় যে বিধায়ক কুলদ্বীপ সিং চেগাৰৰ ভাতৃৰ লগতে তিনিগৰাকী লোকক আটক কৰা হৈছে৷ তাৰ লগে লগে ন্যায়ালয়ে বিধায়ক কুলদ্বীপ সিং চেগাৰক গ্ৰেপ্তাৰ কৰাৰ পৰিকল্পনা আছনে বুলি প্ৰশ্ন কৰে? এই সন্দৰ্ভত কোনো উত্তৰ নিদি আৰক্ষীয়ে অভিযোগকাৰীৰ আৰু সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰি তদন্ত কৰাৰ কথা উল্লেখ কৰে মহাধিবক্তাই৷
উল্লেখ্য যে, গণ ধৰ্ষণ কাণ্ডত জৰিত থকাৰ অভিযোগ উত্থাপিত হোৱা বিজেপিৰ বিধায়ক কুলদ্বীপ সিং চেগাৰক শুকুৰবাৰে পুৱতি নিশা ৪.৩০ বজাত সোধপোছৰ বাবে আটক কৰে CBI-এ৷ উত্তৰ প্ৰদেশ আৰক্ষীয়ে চেগাৰক সুৰক্ষা দিয়া বুলি অভিযোগ উত্থাপন হৈ থকাৰ সময়তে চিবিআইয়ে চেগাৰৰ নিজ বাসভৱনত পুৱতি নিশা আটক কৰে৷
চেগাৰৰ বিৰুদ্ধে ধৰ্ষণ আৰু ধৰ্ষিতাৰ পিতৃক হত্যাৰ গোচৰ ৰুজু হৈছিল৷ যোৱা এবছৰ ধৰি তদন্ত নোহোৱাকৈ থকা অভিযোগ সন্দৰ্ভত অৱশেষত উত্তৰ প্ৰদেশ চৰকাৰে চিবিআইক গোচৰ দিবলৈ বাধ্য হৈছিল৷ শুকুৰবাৰে পুৱাই লক্ষ্নৌৰ ইন্দিৰানগৰৰ বাসভৱনত আটক কৰি কেইবাঘণ্টা ধৰি সোধ-পোছ কৰে বিজেপিৰ বিধায়ক চেগাৰক৷
ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ মতে, চিবিআইয়ে কুলদ্বীপ সিং চেগাৰৰৰ ফোনকল দাতা লাভ কৰে৷ চেগাৰে আৰক্ষীৰ সৈতে প্ৰতিটো মুহূৰ্তত সম্পৰ্ক বজাই ৰাখিছিল৷ মাখি থানাৰ এগৰাকী আৰক্ষী বিষয়াক চিবিআইয়ে সোধ-পোছৰ বাবে আটক কৰিব পাৰে৷ আন কেইবাগৰাকী লোকক এই ঘটনা সন্দৰ্ভত আটক কৰিব পাৰে চিবিআইয়ে৷
উত্তৰ প্ৰদেশ চৰকাৰে উন্নাও ধৰ্ষণ কাণ্ডৰ তদন্তৰ দায়িত্ব চিবিআইক প্ৰদান কৰিছিল বৃহস্পতিবাৰে৷ প্ৰায় এবছৰৰ মূৰকত ধৰ্ষণ কাণ্ডৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে যোগী আদিত্য নাথৰ চৰকাৰে৷ বৃহস্পতিবাৰে পুৱাই উত্তৰ প্ৰদেশ আৰক্ষীয়ে বিজেপিৰ বিধায়ক কুলদ্বীপ সিং চেগাৰৰ বিৰুদ্ধে ভাৰতীয় দণ্ড বিধিৰ ৩৬৩, ৩৬৬, ৩৭৬, ৫০৬ আৰু POCSO ধাৰাত গোচৰ ৰুজু কৰে৷
সমগ্ৰ দেশত এই ঘটনাকলৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাতহে এই অভিযোগক গুৰুত্বসহকাৰে লয় চৰকাৰে৷ তাৰ মাজতে উত্তৰ প্ৰদেশৰ বিজেপি বিধায়ক সুৰেন্দ্ৰ সিঙে নিজ দলৰ বিধায়ক কুলদ্বীপ সিং চেগাৰক সমৰ্থন কৰিবলৈ গৈ অদ্ভুত যুক্তি দিয়ে৷ উন্নাও ধৰ্ষণ কাণ্ডৰ অভিযোগ উত্থাপন কৰা কিশোৰীক বালিক বুলি কৈ তিনিটা সন্তানৰ মাতৃ আখ্যা দিয়ে বিধায়ক সুৰেন্দ্ৰ সিঙে৷ তিনি সন্তানৰ মাতৃক ধৰ্ষণ কৰিব নোৱাৰে বুলিও কয়৷
আনহাতে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰা কিশোৰীৰ পিতৃৰ মৃত্যুৰ পিছত চিকিৎসকে গাফিলতি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ ধৰ্ষণৰ অভিযোগকাৰী মহিলাৰ পিতৃক অভিযুক্ত বিধায়কৰ লোকে মাৰধৰ কৰাৰ অন্তত চিকিৎসালয়ত ভৰ্তি কৰিছিল যদিও চিকিৎসকে চিকিৎসা কৰাৰ পৰিৱৰ্তে হাঁহি-ধেমালি, ঠাট্টা মষ্কৰা কৰি ইতিকিং কৰিছিল বুলি অভিযোগ উত্থাপন হৈছে চিকিৎসক-আৰক্ষীৰ বিৰুদ্ধে৷
ইতিমধ্যে চিকিৎসকে হাঁহি-ধেমালি কৰি ইতিকিং কৰা ভিডিঅ’ ভাইৰেল হৈছে৷ ডিকে দ্বিবেদী আৰু প্ৰশান্ত উপাধ্যায় নামৰ দুই চিকিৎসকক উত্তৰ প্ৰদেশ চৰকাৰে চাকৰিৰ পৰা নিলম্বন কৰে৷
আনহাতে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰা কিশোৰীৰ পিতৃৰ পিছত তেওঁৰ খুৰাকৰ জীৱনৰ প্ৰতি ভাবুকি অহা বুলি কয়৷ যিকোনো মুহূৰ্তত তেওঁৰ খুৰাকক আক্ৰমণ কৰিব পাৰে বুলি কয়৷ কিশোৰীৰ পৰিয়ালক নিৰাপত্তা দিয়াৰো নিৰ্দেশ দিয়ে চৰকাৰে৷
বিগত বছৰৰ জুন মাহত ১৬ বছৰীয়া কিশোৰীয়ে ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন কৰিছিল৷ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল যদিও আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিল৷
উত্তৰ প্ৰদেশ আৰক্ষীয়ে বুধবাৰে এখন সংবাদ মেল অনুষ্ঠিত কৰি এই গোচৰৰ তদন্তৰ থকা অৱগত কৰে৷ আৰক্ষীৰ ভূমিকা সন্দৰ্ভত স্পষ্ট কৰি দোষীক ৰেহাই দিয়াৰ বাবে তেওঁলোকে চেষ্টা কৰা নাই বুলি কয়৷
আনহাতে বৰ্তমান বিধায়ক কুলদ্বীপ সিঙৰ গ্ৰেপ্তাৰ নহয় বুলি কয়৷ যেতিয়ালৈকে আদালতে বিধায়কক দোষী বুলি নকয় তেতিয়ালৈকে গ্ৰেপ্তাৰ নহয় বুলি কয়৷ আৰক্ষীয়ে বিধায়ক তেওলোকৰ নজৰত অভিযুক্ত বুলিহে কৈছিল৷
উল্লেখ্য যে, উত্তৰ প্ৰদেশৰ উন্নাৱৰ এগৰাকী কিশোৰীয়ে বিজেপি বিধায়ক কুলদ্বীপ সিঙৰ বিৰুদ্ধে সহযোগীৰ সৈতে লগলাগি গণ ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন কৰে৷ তাৰ পিছতে যোৱা ০৭ এপ্ৰিলত কিশোৰী আৰু কিশোৰীৰ পৰিয়ালে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথৰ লক্ষ্নৌৰ আৱাসৰ সন্মুখত আত্মহত্যা কৰাৰ চেষ্টা চলাই৷
আত্মহত্যা চেষ্টা চলোৱাত আৰক্ষীয়ে তেওঁলোকক আটক কৰি থানাত ৰাখিছিল যদিও নিশা মৃত্যু হৈছিল গণ ধৰ্ষণৰ অভিযোগ উত্থাপন কৰা মহিলাৰ পিতৃৰ৷ গণ ধৰ্ষণৰ বলি হোৱা কিশোৰীৰ পিতৃক অভিযুক্তই বেয়াকৈ মাৰধৰ কৰাৰ লগতে আৰক্ষীয়ে বন্দী কৰি ৰাখিছিল৷ ৫ দিন পিছত মহিলাৰ পিতৃৰ মৃত্যু হয়৷