
নামতিঃ শিৱসাগৰ জিলাৰ নামতিৰ ঐতিহাসিক খঁৰাগড়ৰ আঞ্চলিক কলা-কৃষ্টি কেন্দ্ৰৰ উদ্যোগত অহা অহা ৩-৪ মে'ত দুদিনীয়া কার্যসূচীৰে ৩৫সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন অনুষ্ঠিত হ’ব৷
খঁৰাগড়ৰ আঞ্চলিক কলা-কৃষ্টি কেন্দ্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’বলগীয়া বিহু সন্মিলন পৰিচালনা কৰিবলৈ প্রাঞ্জল কোঁৱৰক সভাপতি, ৰবীন গগৈ, ৰাজু গগৈক কার্যকৰী সভাপতি অখিল আহোম আৰু জয়জ্যোতি গগৈক যুটীয়া সম্পাদক হিচাপে উদযাপন সমিতি গঠন কৰা হয়।
কাৰ্যসূচী অনুসৰি ৩ মে'ৰ পুৱা ৭ বজাত পৰিৱেশ নিকাকৰণ, ৮ বজাত পতাকা উত্তোলন, ৮-৩০ বজাত বিহুৱান উত্তোলন, ১০ বজাত মুকলি কণী যুঁজ প্ৰতিযোগিতাৰ পিছতে ১১ বজাত প্ৰতিযোগিতা মঞ্চ উদ্বোধন কৰা হ’ব। বিহুনাচ আৰু ঢোলবাদন (উচ্চ আৰু নিম্ন শাখা), বিহু হুঁচৰি আৰু বিহুৱতী প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।
৪ মে'ৰ দিনৰ ২-৩০ বজাত জেং বিহু প্ৰতিযোগিতা, সন্ধিয়া ৭ বজাত বঁটা বিতৰণী আৰু মুকলি সভা অনুষ্ঠিত হ’ব। বঁটা বিতৰণী সভা আৰু মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব শিৱসাগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝা আৰু সদৌ টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্রীয় সমিতিৰ উপ-সভাপতি বসন্ত গগৈ।
বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব তিনিচুকীয়া জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সৌৰভজ্যোতি শইকীয়া, তিতাবৰৰ চক্ৰ বিষয়া অভিজিৎ গগৈ, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা চন্দ্ৰ বৰুৱা, শিৱসাগৰ যান বাহন পৰিদৰ্শক ধনঞ্জয় শইকীয়াকে ধৰি গণ্য মান্য লোকসকল। নিশা ৮-৩০ বজাত অনুষ্ঠিত হ’বলগীয়া সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সৌমাৰজ্যোতি মহন্তই।
অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব দৰং জিলাৰ যান বাহন পৰিদৰ্শক পদ্মলোচন হাজৰিকা। সাংস্কৃতিক অনুষ্ঠানত গীতৰ শৰাই আগবঢ়াৱ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰ আৰু জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈ আৰু অভিনেতা অনুৰাগ বিতোপনে।