খেতিপথাৰত অবৈধ খনন, চাবুৱাত ৰাইজে অভিযান চলাই জব্দ কৰিলে ডাম্পাৰ-জেচিবি

ডিব্ৰুগড়ঃ চৰকাৰী ভূমি নষ্ট কৰি একাংশ লোকে অবৈধ খনন কৰাৰ ঘটনা বিভিন্ন ঠাইত সংঘটিত হব'লৈ ধৰিছে। বৰ্তমান সময়ত বিভিন্ন সমস্যাই গা কৰি উঠা সমস্যাৰ ভিতৰত ইয়ো এটা সমস্যা হৈ পৰিছে৷ এচাম লোকে ৰাজ্যখনত মুনাফা লাভৰ বাবে চলাই অহা কাৰ্যই বিপদ কঢ়িয়াই আনিছে খেতি পথাৰসমূহলৈ৷

চোৰাং ব্যৱসায়ীৰ লগতে ৰাজ্যৰ ওপৰৱালাৰ বহতীয়া হৈ থকা একাংশ লোকে বন ধ্বংস কৰি অহাৰ উপৰিও চলাই আহিছে বিভিন্ন ধৰণৰ অবৈধ কামকাজ ৷ ডিব্ৰুগড় জিলাৰ অন্তৰ্গত চাবুৱাৰ নাদুৱাত একাংশ লোকে চৰকাৰী ভূমিত অবৈধভাৱে খনন কৰি কৃষিভূমিসমূহলৈ কঢ়িয়াই আনিছে তীব্ৰ ভাবুকি ৷ 

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ জন্মস্থান চাবুৱাত একাংশ লোকে কৃষিভূমি ধ্বংস কৰি য'তে-ত'তে অবৈধভাৱে ভূমি খনন গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ বৃহত্তৰ নাদুৱাত অঞ্চলত সকলো নীতি-নিয়ম জলাঞ্জলি দি খনন কৰাৰ পিছতো জিলা প্ৰশাসনে চকু মুদা কুলিৰ ভাও ধৰি আহিছে।

তাৰ মাজতে যোৱা ১০ এপ্ৰিলৰ নিশা চাবুৱাৰ নাদুৱা হাতীগাধৈ গাঁৱৰ ৰাইজে অবৈধ খননৰ বিৰুদ্ধে অভিযান চলাই৷ অবৈধভাৱে চৰকাৰী গ্ৰেজিং মাটি খনন কৰা কাৰ্যত ক্ষোভিত হৈ ৰাইজে খোদ অভিযান চলাই দুখনকৈ ডাম্পাৰ অাৰু এখন জেচিবি জব্দ কৰে৷ 

চৰকাৰী ভূমি ৮-্১০ ফুট পৰ্যন্ত দ’ গাঁত খান্দি খেতি পথাৰ নষ্ট কৰাৰ ৰাইজে অভিযোগ উত্থাপন কৰে৷ খনন চলোৱা AS-06-AC-0275, AS-23-AC-8682 নম্বৰৰ দুখন ডাম্পাৰ আৰু AS-23-BC-4146 নম্বৰৰ এখন জেচিবি জব্দ কৰি ৰাইজে ডিকম অাৰক্ষীক গতাই দিয়ে৷ 

চৰকাৰী গ্ৰেজিং ভূমিত কেনেকৈ অবৈধ খনন কৰিব পাৰে বুলি ৰাইজে প্ৰশ্ন উত্থাপন কৰে৷ এই কাণ্ডৰ বিৰুদ্ধে তদন্ত কৰাৰ দাবী জনায়৷ অাৰক্ষী প্ৰশাসন তথা চাবুৱা ৰাজহ চক্ৰ বিষয়াক শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী জনাই হাতীগাধৈ অাৰু নাদুৱা গ্ৰাণ্টবাসীয়ে৷