
ধুবুৰীঃ ধুবুৰী জিলাত সংখ্যালঘু দৰদী মন্ত্ৰী-বিধায়ক, ৰাজনৈতিক দল-সংগঠনৰ নেতাৰ অভাৱ নাই৷ দল-সংগঠনৰ নেতাই গিজিগিজাই থকা জিলাখনত সমস্যাৰো অভাৱ নাই৷ ৰাস্তা-ঘাট, বিশুদ্ধ খোৱাপানী যোগান, স্কুল-কলেজৰ অনেক সমস্যাৰ লগতে কৃষি প্ৰধান জিলা খনত কৃষকৰ অনেক সমস্যা আছে৷
ধুবুৰী জিলাত সংখ্যালঘু দৰদী মন্ত্ৰী-বিধায়ক, ৰাজনৈতিক দল-সংগঠনৰ নেতাসকলে জিলাখনৰ সমস্যা তথা গ্ৰাম্য এলেকাৰ সমস্যা সমূহক বিশেষ গুৰুত্ব প্ৰদান কৰা দেখা নাযায়৷
জিলাখনৰ চৰ অঞ্চলকে ধৰি বিভিন্ন অঞ্চলত আজিও ৰাস্তা-ঘাটৰ অৱস্থা তথৈবচ৷ গ্ৰাম্য এলেকাৰ বহু পথত বাৰিষা-শৰালি গাড়ী-মটৰটো দূৰৰ কথা খোজ কাঢ়িবৰ পৰিৱেশ নাই৷ পথৰ গাতৰ লগতে বোকা-পানীৰ বাবে খোজকাঢ়িব নোৱাৰি৷ চৰ অঞ্চলৰ বহু পথৰ চিন-চাব নোহোৱাকৈ ৰাইজে জীৱন ধাৰণ কৰি বহিঃজগতৰ সৈতে সম্পৰ্ক স্থাপন কৰে৷
নিৰ্বাচনৰ সময়ত নিজকে সংখ্যালঘু দৰদী বুলি জাহিৰ কৰা নেতাসকলে নিৰ্বাচন পাৰ হলে ঘুৰি চাবলৈ আহৰি নাপায় ৰাইজক। ৰাইজৰ সমস্যাক গুৰুত্ব দিবলৈ সময় নাই তেওঁলোকৰ।
দিছপুৰ পোৱাৰ পিছত বিলাসী গাড়ী, আৱাস লাভ কৰি তেওলোকে পাহৰি যায় সমষ্টিৰ গাঁও কেই খনৰ কথা। বহু পথত ১০৮ এম্বুলেঞ্চ সোমাব নাৱাৰে৷ চাইকেল, ঠেলাত ৰোগীক কঢ়িয়াই নিব লগা হয়৷
তাৰ মাজতে এটি পথৰ দুৰৱস্থাৰ পৰা ৰক্ষা পাবৰ বাবে ৰাইজে দাবী জনাই অহাৰ অন্তত নিৰ্মাণৰ বাবে প্ৰায় দুই কোটি টকা আৱণ্টন দিছিল চৰকাৰে৷ জিলাখনৰ জৰুৱা বন্দিহানাবাসীৰ একমাত্ৰ যোগাযোগৰ সম্বল চৰ-বন্দিহানা গ্ৰাম্য গড়কাপ্তানী পথটো নিৰ্মাণৰ বাবে চৰকাৰে ধনৰ আৱণ্টন দিয়ে৷
কিন্তু গ্ৰাম্য পথটো আঁচনি মতে ৰূপায়ন নোহোৱাৰ অভিযোগ উত্থাপন কৰে ৰাইজে৷ লেহেমীয়া গতিত পথটো নিৰ্মাণ কৰাৰ লগতে চাইডবাম নিদিয়া, নিম্নমানৰ সামগ্ৰীৰে পথটো নিৰ্মাণৰ অভিযোগ উত্থাপন কৰে ৰাইজে৷
ইমানে নহয় শিল আৰু বালি নিদিয়াকৈ ব্লক পাৰি দিয়াৰ অভিযোগ উত্থাপন হয়৷ আনহাতে এজাৰ বৰষুণতে পথৰ ব্লক এৰি গৈ পথাৰত পৰে৷ যাৰ ফলত ৰাইজ ক্ষোভিত হৈ পৰিছে৷
একপ্ৰকাৰ কবলৈ গলে ধুবুৰী জিলাত এতিয়া দুৰ্নীতিয়ে নীতিত পৰিণত হৈছে৷ একাংশ গড়কাপ্তানী বিভাগৰ ঠিকাদাৰ-অভিযন্তাৰ লুণ্ঠনৰ ফলতেই পথ এজাক বৰষুণতে পথ এৰি যোৱাৰ অভিযোগ উত্থাপন কৰে ৰাইজে৷
২ কোটি টকাৰ নিৰ্মীয়মান পথত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি তদন্তৰ দাবী উত্থাপন কৰিছে ৰাইজে৷ মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ জৰিয়তে তদন্তৰ দাবী উত্থাপন কৰিছে ৰাইজে।