
তুলসীবাৰীঃ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰে চমক সৃষ্টি কৰিলে যদিও ৰাজহুৱা খণ্ডৰ অগ্ৰণী উদ্যোগ ৰঙিয়াৰ তুলসীবাৰীৰ এপ’লমিল সন্দৰ্ভত কৰা ঘোষণা আৰু কেবিনেট সিদ্ধান্ত কাৰ্যকৰী নহ’ল৷
চৰকাৰ গঠন কৰিয়েই এপ’লমিল পুনৰ কাৰ্যক্ষম কৰিবলৈ প্ৰায় ১০ কোটি টকা দিয়াৰ কথা ঘোষণা কৰিছিল সৰ্বানন্দ সোণোৱাল চৰকাৰে৷ ঘোষণা কৰাৰ পিছতো ২বছৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছতহে চৰকাৰ খনে যোৱা ০৭ মাৰ্চত পূঁজি মুকলি কৰি দিয়াৰ সিদ্ধান্ত লৈছিল কেবিনেটত৷
তাৰ পিছতেই যোৱা ৮ মাৰ্চত ঐতিহ্যমণ্ডিত ৰঙিয়া এপ’ল মিলৰ শ্ৰমিক-কৰ্মচাৰীয়ে বিজয় উৎসৱ পালন কৰিছিল৷ শুকান মুখত এমোকোৰা হাঁহি বিৰিঙি উঠিছিল চকুলো টুকি বছৰ বছৰ পাৰ কৰা শ্ৰমিক-কৰ্মচাৰীৰ৷ দুৰ্বিষহ জীৱন পাৰ কৰা শ্ৰমিকসকলে পেটৰ তাড়নাত হাহাকাৰ কৰি পাৰ কৰাৰ সময়তে ৰাজ্য চৰকাৰে মিলটো পুনৰজ্জীৱিত কৰাৰ বাবে দহ কোটি টকা দিয়াৰ কেবিনেটত সিদ্ধান্ত লয়৷
যাৰ ফলত আবতৰীয়া হোলী খেলি আনন্দত আত্মহাৰা হৈ পৰিছিল যদিও শ্ৰমিক-কৰ্মচাৰীসকল ৰঙালীৰ ৰং উপভোগ কৰিবলৈ সক্ষম নহল৷ ৰঙিয়াৰ এপ’ল মিলৰ ৭০০ শ্ৰমিকৰ মুখত হাঁহি বিৰিঙিব বুলি আশা কৰা হৈছিল যদিও সেয়া আজিও সম্ভৱ হৈ উঠা নাই৷
আজিও প্ৰতিটো দিনে হাহাকাৰ কৰি পাৰ কৰিব লগা হৈছে শ্ৰমিক-কৰ্মচাৰীসকলে৷ শ্ৰমিকসকলে এসাজ ভাতৰ বাবে ককবকাব লগা হৈছে সন্তানৰ সন্মুখত৷ তেওঁলোকৰ সন্তানে দুখৰ দিন পাৰ কৰিব লগা হয়৷ চৰকাৰে ঘোষণা কৰিলে থিকেই তেওলোকৰ দৰমহা কেইটা আজিও মুকলি কিৰ নিদিলে৷ মৰিগাঁৱৰ নগাঁও কাগজ কলৰ স্থায়ী শ্ৰমিকক ৩ মাহৰ দৰমহা মুকলি কৰি দিয়ে যদিও ৰঙিয়া এপ’ল মিলৰ শ্ৰমিক-কৰ্মচাৰীক এমাহৰো দৰমহা মুকলি কৰি নিদিলে চৰকাৰে৷
ফলত শ্ৰমিক-কৰ্মচাৰীয়ে ৰঙালী বিহু পালনৰ পৰা বঞ্চিত হয়৷ ৰঙালী বিহুৰ প্ৰথমটো দিনত ৰাজ্য ৰঙত বিভোৰ হৈ আছে যদিও টকুলো টুকি সময় পাৰ কৰিলে শ্ৰমিক-কৰ্মচাৰীয়ে৷ জাতিটোৰ প্ৰাণৰো প্ৰাণৰ বহাগ বিহুক লৈ ৰাজ্যজুৰি উছাহৰ ঢল বৈছে কিন্তু উছাহ নাই ৰঙিয়া এপ’লমিলত৷
উজনি-নামনিত শনিবাৰে পুৱাই ঘৰৰ পৰা ওলাই আহি নৈৰ পাৰত সমবেত হৈ ৰাইজে গৰুক গা-ধুৱাই আনন্দ উৎসৱ পালন কৰে যদিও এপ'ল মিলৰ শ্ৰমিক-কৰ্মচাৰীসকল আৰু তেওঁলোকৰ পৰিয়ালে তেনে আনন্দ লভিব নোৱাৰিলে৷ হতাশাৰ মাজত এপ'ল মিলৰ শ্ৰমিক-কৰ্মচাৰীয়ে দিনটো পাৰ কৰে৷
কেবিনেটত এপ'ল মিল বাবে ১০.১ কোটি টকা মোকলাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল যদিও এমাহৰো অধিক কাল উকলি যোৱাৰ পাছতো ধন ৰাশি মুকলি নোহোৱাত এপ'ল মিলৰ শ্ৰমিকসকলৰ আশাত চেঁচা পানী পৰে৷
ৰঙালী বিহুৰ সময়ত নিজৰ সন্তান তথা আত্মীয়ক হেপাহৰ বিহুৱান এখন দিবলৈ সামৰ্থ নোহোৱাত হতাশাত ভূগিছে শ্ৰমিক-কৰ্মচাৰীসকলে৷ বৈদ্যগড় আঞ্চলিক ছাত্ৰ সন্থা আৰু এপ'ল মিল শ্ৰমিক সন্থাই দুৰ্ভগীয়া শ্ৰমিকসকলক এমাহৰ হলেও দৰমহা মোকলাই দিব লাগিছিল বুলি কয়৷