কমনৱেলথ গেমছৰ পৰা ভাৰতলৈ সোণৰ পদক আজুৰি অনা পুণম যাদৱক আক্ৰমণ

ডিজিটেল ডেস্কঃ কমনৱেলথ গেমছৰ পৰা সোণৰ পদক আজুৰি আনি দেশলৈ উভতি অহাৰ পিছতে এগৰাকী ভাৰতীয় মহিলা ভাৰত্তোলক আক্ৰমণৰ সন্মুখীন হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ দেশতে৷ 

অষ্ট্ৰেলিয়াৰ গোল্ড কোষ্টত অনুষ্ঠিত কমনৱেলথ গেমছত হোৱা পুণম যাদৱে ভাৰত্তোলনত সোণৰ মেডেল লাভ কৰি দুদিন পূৰ্বে দেশলৈ উভতি আহে৷ শনিবাৰে উত্তৰ প্ৰদেশৰ বাৰাণসীৰ দান্দুপুৰৰ মংগয়াৰলৈ তেওঁৰ খুৰাক কৈলাশ যাদৱক লগ ধৰিবলৈ গৈছিল পুণমে৷ 

পুণমৰ খুৰাৰ পৰিয়ালৰ সৈতে চুবুৰীয়া লুল্লুৰ যাদৱৰ সৈতে এটুকুৰা ভূমিক লৈ বিবাদ চলি আছিল৷ কমনৱেলথ গেমছৰ সোণৰ পোদক জয়ী হৈ গাঁৱলৈ যোৱাৰ সময়ত পুণমৰ সৈতে গৈছিল বহু লোক৷ কেইবা খনো গাড়ী  গৈছিল পুণমৰ সৈতে৷ যাৰ ফলত প্ৰতিবেশী লুল্লুৰে পুণমে গুণ্ডা বাহিনী লগতলৈ ভূমি দখল কৰিব অহা বুলি সন্দেহ কৰে৷

সন্দেহ কৰি পুণমৰ খুৰাৰ সৈতে লুল্লুৰে বাক বিতণ্ডাত লিপ্ত হয়৷ তাৰ পিছতেই হতাহতি হয়৷ লুল্লুৰ পৰিয়ালে পুণমৰ খুৰাৰ ঘৰত শিলাবৰ্ষণ কৰে৷ সেই সময়ত আহত হয় খেলুৱৈ পুণম৷ পুণমৰ দেহত কেইবাটাও শিল লাগে৷ আৰক্ষীক খবৰ দিয়া হয় যদিও আৰক্ষীয়ে বহু পলমকৈ উপস্থিত হয়৷ তাৰ পিছতে পুণমে খোদ আৰক্ষী থানাত উপস্থিত হয়৷ পুণমৰ পৰিচয় লাভ কৰাৰ পিছত সষ্টম হৈ পৰে আৰক্ষী আৰু দোষীক আটক কৰাৰ বাবে অভিযান চলাই৷