মক্কা মছজিদ বিস্ফোৰণৰ প্ৰধান অভিযুক্ত স্বামী অসীমানন্দক দোষমুক্ত ঘোষণা, সবিশেষ পঢ়ক

ডিজিটেল ডেস্কঃ হায়দৰাবাদৰ মক্কা মছজিদ বিস্ফোৰণ কাণ্ডৰ প্ৰধান অভিযুক্ত স্বামী অসীমানন্দক সোমবাৰে এনআইএৰ বিশেষ আদালতে গোচৰৰ পৰা মুকলি কৰি দিয়ে৷ হায়দৰাবাদৰ মক্কা মছজিদৰ বিস্ফোৰণৰ প্ৰথমটো ৰায় প্ৰদান কৰি স্বামী অসীমানন্দক অভিযোগ মুক্ত কৰি গোচৰৰ পৰা ৰেহাই দিয়ে৷ 

১১ বছৰ পূৰ্বে হায়দৰাবাদৰ পুৰণি চাৰমিনাৰ নামৰ ঐতিহাসিক এলেকাত থকা মক্কা মছজিদত বোমাৰে বৰ্বৰ ভাবে আক্ৰমণ কৰিছিল৷ উক্ত দিনটো আছিল শুকুৰবাৰ৷ জুম্মাৰ নামাজৰ সময়তে ২০০৭ চনৰ ১৮ মে’ত সংঘটিত হৈছিল এই ঘটনা৷ 

এই বিস্ফোৰণত ৯গৰাকী লোকৰ মৃত্যু হৈছিল আৰু প্ৰায় ৬০গৰাকী লোক গুৰুতৰ ভাৱে আহত হৈছিল৷ এই ঘটনাৰ তদন্ত আৰক্ষী তাৰ পিছত চিবিআই আৰু পিছত এনআইএক তদন্তৰ দায়িত্ব প্ৰদান কৰা হৈছিল৷ মুঠ দহ গৰাকী লোকৰ বিৰুদ্ধে অভিযোগ নামা দাখিল কৰিছিল এনআইএ৷

►কেতিয়া সংঘটিত হৈছিল এই ঘটনা?

২০০৭ চনৰ ১৮ মে’ত জুম্মাৰ নামাজৰ পিছতেই বিস্ফোৰণ সংঘটিত হৈছিল হায়দৰাবাদৰ মক্কা মছজিদত৷ এই বিস্ফোৰণত ৯গৰাকী লোকৰ মৃত্যু হৈছিল আৰু প্ৰায় ৬০গৰাকী লোক গুৰুতৰ ভাৱে আহত হৈছিল৷ বিস্ফোৰণ সংঘটিত হোৱাৰ পিছত হাজাৰ হাজাৰ লোকে প্ৰতিবাদ কৰিবলৈ ওলাই আহিছিল৷ উত্তেজিত ৰাইজক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰিব লগা হৈছিল৷ যাৰ ফলত পুনৰ ৫গৰাকী লোকৰ মৃত্যু হৈছিল৷ এই ঘটনাৰ প্ৰায় ২০০গৰাকী লোকৰ সাক্ষ্য গ্ৰহণ কৰি গোচৰ ৰুজু কৰা হৈছিল৷

►কোন আছিল অভিযুক্তঃ

এই ঘটনাৰ মূল অভিযুক্ত আছিল স্বামী অসীমানন্দ৷ পিছত তদন্তৰ অন্তত আৰক্ষীয়ে ১০গৰাকী লোকক অভিযুক্ত কৰিছিল৷ এই কাণ্ডৰ সৈতে অভিনৱ ভাৰত নামৰ এটা সংস্থা জৰিত থকাৰ সন্দেহ কৰা হৈছিল৷ অভিনৱ ভাৰতৰ সদস্য, আৰএছএছ নেতা স্বামী অসীমানন্দ, দেৱেন্দ্ৰ গুপ্তা, লোকেশ শৰ্মা, লক্ষ্মণ দাস মহাৰাজ, মোহনলাল ৰতেশ্বৰ আৰু ৰাজেন্দ্ৰ চৌধুৰীক অভিযুক্ত ঘোষণা কৰিছিল৷ ২গৰাকী অভিযুক্ত ৰামচন্দ্ৰ কালচাংগাৰা আৰু সঞ্জীৱ দাংগে আজিও পলাতক৷ উক্ত সময়তে আৰএছএছৰ নেতা অভিযুক্ত সুনীল যোশীক গুলীয়াই হত্যা কৰা হৈছিল৷ 

►স্বামী অসীমানন্দ কোন?

স্বামী অসীমানন্দ এগৰাকী জ্যেষ্ঠ আৰএছএছ কৰ্মী৷ বছক বছৰ ধৰি আৰএছএছৰ সৈতে জৰিত আছিল৷ অসীমানন্দই এখন পত্ৰ যোগে অভিনৱ ভাৰত নাম সংস্থাটোৱে বিস্ফোৰণৰ ষড়যন্ত্ৰ ৰচনা কৰা বুলি প্ৰকাশ কৰিছিল৷ তাৰ পিছতে অসীমানন্দক ২০১০ চনৰ ১৯ নৱেম্বৰত গ্ৰেপ্তাৰ কৰিছিল৷ ২০১৭ চনৰ ২৩ মাৰ্চত স্বামী অসীমানন্দক জামিনত মুকলি কৰি দিয়া হৈছিল৷ আনহাতে আজমীৰ, মালেগাঁও, সমঝোতা এক্সপ্ৰেছৰ বিস্ফোৰণ সন্দৰ্ভতো অভিযুক্ত অসীমানন্দ৷ 

►তদন্তঃ

স্থানীয় আৰক্ষীয়ে প্ৰথমে তদন্ত কৰি বিস্ফোৰণৰ তদন্তৰ দায়িত্ব চিবিআইক প্ৰদান কৰিছিল৷ চিবিআইয়ে প্ৰায় ৭০গৰাকী লোকৰ সাক্ষ্য গ্ৰহণ কৰিছিল৷ ইয়াৰে গোচৰ চলি থকাৰ সময়তে ৫৪ গৰাকী সাক্ষীয়ে ভাষ্য সলনি কৰিছিল৷ চিবিআইয়ে অভিযোগ নামা আদালতত দাখিল কৰাৰ পিছত এই ঘটনাৰ তদন্তৰ দায়িত্ব দিয়া হৈছিল এনআইএক৷