ATMত নাই টকা, ছখন ৰাজ্যত হাহাকাৰ! আকৌ পাতিব লাগিব নেকি বিমুদ্ৰাকৰণৰ দিনৰ শাৰী

বিমুদ্ৰাকৰণৰ দিনৰ বিপৰ্যয় ঘুৰি আহিল নেকি। সাতখন ৰাজ্যত এটিএমত টকা নোহোৱাত সাধাৰণ নাগৰিককে ধৰি ব্যৱসায়ী চিন্তাত পৰিছে।

ডিজিটেল ডেস্কঃ বিমুদ্ৰাকৰণৰ সময়ত দীঘলীয়া শাৰী পাতি এটিএমৰ পৰা নিজৰ সাঁচতীয়া ধন উলিয়াবলৈ সময় নষ্ট কৰাৰ ভয়াৱহ স্মৃতি দুৰ নৌহওতেই আকৌ তেনেই এক পৰিস্থিতিয়ে দেখা দিব পাৰে। তেনেই এক সম্ভাৱনা প্ৰকট হৈ পৰিছে সমগ্ৰ দেশত। ৰঙালী বিহুৰ প্ৰাকমুহুৰ্তত অসমত এনে এক পৰিস্থিতি দেখা গৈছিল যেতিয়া গুৱাহাটীকে ধৰি অসমৰ প্ৰমুখ চহৰবোৰৰ এটিএমবোৰ উদং হৈ পৰিছিল। 

সম্প্ৰতি এনে পৰিস্থিতিৰ উদ্ভৱ হৈছে কৰ্ণাটক, মহাৰাষ্ট্ৰ, অন্ধ্ৰ প্ৰদেশ, উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ আৰু টেলেংগানাত। প্ৰায়ভাগ এটিএমত টকা নোহোৱা হোৱাত বিবুদ্ধিত পৰিছে গ্ৰাহক। আকৌ বিহাৰৰ পাটনাত এটাৰ পিছত এটা এটিএম বিকল হোৱাত বিপাঙত পৰিছে গ্ৰাহক।

পৰিস্থিতি সন্দৰ্ভত গ্ৰাহকক বিতত নহবলৈ কোৱা কেন্দ্ৰীয় বিত্ত মন্ত্ৰী অৰুণ জেটলীয়ে এয়া সাময়িকভাৱেহে হোৱা বুলি আস্বস্ত কৰে। কেতবোৰ ক্ষেত্ৰত আচম্বিতে হোৱা অস্বাভাৱিক বৃদ্ধি’ৰ বাবে এনে হোৱা বুলি কয় বিত্তমন্ত্ৰীগৰাকীয়ে। দেশৰ সম্প্ৰতি প্ৰচলিত অৱস্থাত কিমান মুদ্ৰা আছে পুনৰীক্ষণ কৰা বুলি প্ৰকাশ কৰা বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে পৰ্যাপ্ত পৰিমাণতকৈ অধিক পৰিমাণৰ মুদ্ৰা উপলব্ধ আৰু এয়া বেংকবোৰৰ লগত আছে।