
গুৱাহাটীঃ সময়ে সময়ে একে একোটা কথাক লৈ মহা বিতৰ্কৰ আৰম্ভ হয়৷ সেই বিতৰ্কই ছচিয়েল মিডিয়া, বাতৰি কাকত আৰু নিউজ চেনেল পৰ্যন্ত ঠাই লাভ কৰে৷ সচৰাচৰ সৰু মানুহক লৈ বিতৰ্কৰ কমকৈ হয় যদিও বৰ বৰ মানুহৰ বিতৰ্ক বেছিকৈ হোৱা পৰিলক্ষিত হয়৷
কেলেংকাৰী, দুৰ্নীতি, নাৰী কেলেংকাৰী আৰু কেতিয়াবা কেতিয়াবা মুখৰ পৰা নোলাব লগা কথা ওলাই যোৱাৰ ফলত তীব্ৰ বিতৰ্কৰ সূচনা হয়৷ কিন্তু এইবাৰ বিতৰ্ক আৰম্ভ হৈছে বন গাহৰিক লৈ৷ বন গাহৰিক লৈ আৰম্ভ হোৱা বিতৰ্কই আদালতৰ মজিয়া পাব বুলি খবৰ আহিছে৷
মুঠৰ ওপৰত পাহাৰীয়া জিলা কাৰ্বি আংলঙত বন গাহৰিক লৈ ব্যাপক চৰ্চা আৰম্ভ হৈছে৷ এগৰাকী ছাত্ৰ নেতাই বিজেপিৰ দুগৰাকী নেতাক বন গাহৰিৰ সৈতে তুলনা কৰাত এই বিতৰ্কৰ আৰম্ভ হয়৷ নেতা দুগৰাকী আকৌ সাধাৰণ বিজেপি নেতা নহয়৷ এগৰাকী হৈছে ৰাজ্যৰ স্বাস্থ্য-শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাং৷ দুয়ো নেতাক বন গাহৰি আখ্যা দিয়াত তীব্ৰ বিতৰ্কই পাহাৰীয়ে জিলা খনৰ ৰাজনৈতিক বতাহ গৰম কৰি পেলাইছে৷
পশ্চিম কাৰ্বি আংলঙৰ হাৱাইপুৰত অনুষ্ঠিত হৈ যোৱা কাৰ্বি ছাত্ৰ সন্থাৰ এখন সভাত ছাত্ৰ নেতা চেমচন টেৰণে তুলিৰাম ৰংহাং আৰু হিমন্ত বিশ্ব শৰ্মাক বন গাহৰিৰ সৈতে তুলনা কৰাৰ অভিযোগ উত্থাপন কৰে খোদ কাৰ্বি আংলং বিজেপিয়ে৷
যাৰ ফলত কাৰ্বি ছাত্ৰ সন্থা আৰু বিজেপিৰ মাজত বাকযুদ্ধ আৰম্ভ হৈছে৷ ছাত্ৰ নেতা চেমচন টেৰণে হাৱাইপুৰত অনুষ্ঠিত হৈ যোৱা ছাত্ৰ সংগঠনটোৰে সভাত স্বায়ত্ত শাসিত পৰিষদৰ ব্যৰ্থতা উদঙাই ভাষণ প্ৰদান কৰি মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম আৰু হিমন্ত বিশ্ব শৰ্মাক বন গাহৰিৰ সৈতে তুলনা কৰাৰ অভিযোগ উত্থাপন কৰে কাৰ্বি আংলং বিজেপিয়ে।
বিজেপি কৰ্মীয়ে এই অভিযোগ উত্থাপন কৰি ছাত্ৰ নেতা চেমচন টেৰণক ৰাজহুৱা ক্ষমা বিচৰাৰ দাবী জনায়। অন্যথাই ব্যৱস্থা গ্ৰহণৰ ভাবুকি প্ৰদান কৰি গোচৰ দিয়া হ’ব বুলি কয়। ইফালে ছাত্ৰ সংগঠটোৱে খেৰণিৰ কৃষি বিভাগৰ অতিথিশালাত অনুষ্ঠিত কৰা সংবাদমেলত ছাত্ৰ নেতা চেমচন টেৰনে কয় ‘‘চিইএম ডাঙৰীয়াক সমাজত হেয় প্ৰতিপন্ন কৰাৰ মোৰ ইচ্ছা নাই। অনিচ্ছাকৃত ভাৱে মোৰ জিভা পিছলি গৈছে।’’
পশ্চিম কাৰ্বি আংলঙৰ হাৱাইপুৰত অনুষ্ঠিত হৈ যোৱা কাৰ্বি ছাত্ৰ সন্থাৰ এখন সভাত ছাত্ৰ নেতা চেমচন টেৰণে বিজেপি নেতা, কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙক বন গাহৰিৰ সৈতে তুলনা কৰাৰ অভিযোগ উত্থাপন কৰে কাৰ্বি আংলং বিজেপিয়ে৷
যাৰ ফলত কাৰ্বি ছাত্ৰ সন্থা আৰু বিজেপিৰ মাজত বাকযুদ্ধ আৰম্ভ হৈছে৷ ছাত্ৰ নেতা চেমচন টেৰণে হাৱাইপুৰত অনুষ্ঠিত হৈ যোৱা ছাত্ৰ সংগঠনটোৰে সভাত স্বায়ত্ত শাসিত পৰিষদৰ ব্যৰ্থতা উদঙাই ভাষণ প্ৰদান কৰি মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম আৰু তেওঁৰ নেতৃত্বৰ চৰকাৰখনক বন গাহৰিৰ সৈতে তুলনা কৰাৰ অভিযোগ উত্থাপন কৰে কাৰ্বি আংলং বিজেপিয়ে।
বিজেপি কৰ্মীয়ে এই অভিযোগ উত্থাপন কৰি বিজেপি নেতা-কৰ্মীয়ে ছাত্ৰ নেতা চেমচন টেৰণক ৰাজহুৱা ক্ষমা বিচাৰাৰ দাবী জনায়। অন্যথাই ব্যৱস্থা গ্ৰহণৰ ভাবুকি প্ৰদান কৰি গোচৰ দিয়া হ’ব বুলি কয়। ইফালে ছাত্ৰ সংগঠটোৱে খেৰণিৰ কৃষি বিভাগৰ অতিথিশালাত অনুষ্ঠিত কৰা সংবাদমেলত ছাত্ৰ নেতা চেমচন টেৰনে কয় ‘‘চিইএম ডাঙৰীয়াক সমাজত হেয় প্ৰতিপন্ন কৰাৰ মোৰ ইচ্ছা নাই। অনিচ্ছাকৃত ভাৱে মোৰ জিভা পিছলি গৈছে।’’
ছাত্ৰ সংগঠনটোৱে সংবাদমেলত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ কথা উল্লেথ কৰে যদিও হিমন্ত বিশ্ব শৰ্মাৰ নাম লোৱা নাছিল৷ বিজেপি নেতা-কৰ্মীয়েহে সংবাদ মাধ্যমত হিমন্ত বিশ্ব শৰ্মাক বন গাহৰিৰ সৈতে তুলনা কৰা বুলি কৈ গোচৰ তৰাৰ ভাবুকি দিয়ে৷