পুনৰ নাৰী নিৰ্যাতন, এইবাৰ বৃত্তিত কালিমা সানিলে শিক্ষকে

হোজাইঃ ৰাজ্যৰ প্ৰশাসনে নাৰী সুৰক্ষাৰ নামত যিমানেই ঢাক-ঢোল নবজাওক কিয়, কোনোপধ্যেই সুৰক্ষিত নহয় ৰাজ্যৰ মহিলাসকল৷ ৰাজ্যৰ বিভিন্ন স্থানত নাৰী নিৰ্যাতনৰ ঘটনা সংবাদ মাধ্যম যোগে প্ৰচাৰ হৈ থকাৰ সময়তে হোজাইৰ কাকীত পুনৰ সংঘটিত হ’ল আন এক নাৰী নিৰ্যাতনক ঘটনা৷

এইবাৰ নাৰীৰ নিৰ্যাতন চলাই নিজ বৃত্তিত কালিমা সানিলে শিক্ষকে৷ জানিব পৰা মতে, হোজাইৰ কাকীৰ চন্দ্ৰ ডেকা নামৰ শিক্ষকজনে নৱম শ্ৰেণীৰ এগকাৰী  ১৪ বছৰীয়া ছাত্ৰীক শাৰীকিৰ আৰু মানসিক নিৰ্যানত চলায়৷ 

ছাত্ৰীগৰাকীয়ে এই কথা পৰিয়ালক অৱগত কৰাত পৰিয়ালে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে৷ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে শিক্ষক চন্দ্ৰ ডেকাক আটক কৰে৷  এই কাণ্ডই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত৷