আদালতে বিদেশী বুলি ঘোষণা কৰা বাংলাদেশী গ্ৰেপ্তাৰ

লংকাঃ অসমক বিদেশী মুক্ত কৰাৰ স্বাৰ্থত চৰকাৰে এনআৰচিৰ কাম অব্যাহত ৰখাৰ সময়তে বৃহস্পতিবাৰে বাংলাদেশৰ এগৰাকী অবৈধ নাগৰিকক আটক কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে হোজাই জিলাৰ কাকীত৷

আদালতে বিদেশী বুলি চিনাক্ত কৰা ছহিদুৰ ৰহমান নামৰ লোক জনক বৃহস্পতিবাৰে হোজাই জিলাৰ লংকাৰ কাকীৰ পৰা আটক কৰে আৰক্ষীয়ে৷ জানিব পৰা মতে লোক জনে দীৰ্ঘদিন ধৰি আৰক্ষীৰ চকুত ধুলি দি পলায়ন কৰি আছিল৷

আৰক্ষীয়ে দীৰ্ঘ সময়ৰ পৰা অভিযান চলাই আহিছিল যদিও লংকাৰ সীমান্ত শাখা আৰক্ষীয়ে কাকীৰ ২ নং ৰামনগৰত অভিযান চলাই বাংলাদেশীজনক আটক কৰিবলৈ সক্ষম হয়৷ ২০১৬ চনতে ছহিদুৰ ৰহমানক বাংলাদেশী বুলি চিনাক্ত কৰাৰ পিছত দুবছৰ ধৰি আত্মগোপন কৰি আছিল ছহিদুৰে৷ বাংলাদেশী জনক জেল হাজোতলৈ প্ৰেৰণ কৰে আৰক্ষীয়ে।