গুজৰাট নৰসংহাৰৰ গোচৰৰ ৰায়, বাবু বজৰংগীক যাৱজ্জীৱন কাৰাদণ্ড, বিজেপি নেত্ৰী মায়াক ৰেহাই

ডিজিটেল ডেস্কঃ গুজৰাট নৰসংহাৰ কাণ্ডৰ বিশেষ আদালতৰ দোষী বিজেপি নেত্ৰী মায়া কোডনানীক উচ্চ আদালতে শুকুৰবাৰে ৰেহাই দিয়ে শাস্তিৰ পৰা৷ গুজৰাট আদালতে শুকুৰবাৰে অন্তিম শুনানিৰ অন্তত এছআইটিৰ বিশেষ আদালতৰ ৰায়ৰ বিপৰীতে ৰায় প্ৰদান কৰি ৩২ দোষীৰ ভিতৰত ১৭গৰাকীক ৰেহাই দিয়ে৷ ১৭গৰাকীৰ সৈতে মায়া কোডনানীৰ নাম আছে৷ মায়া কোডনানী হৈছে গুজৰাটৰ প্ৰাক্তন মন্ত্ৰী তথা বিজেপি নেত্ৰী৷

আদালতে ১২গৰাকী লোকৰ পূৰ্বৰ কাৰাদণ্ডৰ ৰায়কে বাহাল ৰাখে৷ অন্য ২ জনৰ ৰায় স্থগিত ৰাখে৷ বিজেপি নেত্ৰী গুজৰাটৰ প্ৰাক্তন মন্ত্ৰী মায়া কোডনানীক ২৮ বছৰৰ কাৰাদণ্ডৰ ৰায় দিছিল৷ বজৰং দলৰ নেতা বাবু বজৰংগীৰ ক্ষেত্ৰত পূৰ্বৰ ৰায়কে বাহাল ৰাখে৷ মায়া কোডনানীক ৰেহাই দিয়াৰ লগে লগে ৰাজনীতি আৰম্ভ হ’ব ধৰিছে৷ যুৱ নেতা হাৰ্ডিক পাটিলে মায়া কোডনানীক এৰি দিয়াটো এক বৃহৎ প্ৰশ্ন বুলি কয়৷ বাবু বজৰংগীৰ ৰায় বাহাল ৰখা হৈছে কিন্তু মায়া কোডনানীক ৰেহাই দিয়া হৈছে এয়া কেনেকৈ সম্ভৱ বুলি কয় পাটিলে৷  

গুজৰাটৰ আহমেদাবাদৰ নৰোদা পাটিয়াত ২০০২ চনৰ সংঘটিত সাম্প্ৰদায়িক হিংসাৰ গোচৰৰ শুকুৰবাৰে ৰায় প্ৰদান কৰে৷ এই গোচৰৰ দোষী বিজেপি বিধায়ক মায়া কোডনানী, বাবু বজৰংগী সৈতে মুঠ ৩২ লোকক দোষী সাব্যস্ত কৰিছিল বিশেষ আদালতে৷ গুজৰাটৰ নৰসংহাৰ কাণ্ডৰ ৩২ দোষীৰ পুনৰ আবেদনৰ ভিত্তিত আদালতে ৰায় প্ৰদান কৰে৷ ২০০২ চনৰ ২৮ ফেব্ৰুৱাৰীত নৰোডা পাটিয়া এলেকাত ভয়াবহ নৰসংহাৰ হৈছিল৷

২০০২ চনৰ ২৭ ফেব্ৰুৱাৰীত গুজৰাটৰ গোধৰাৰ চাবৰমতি এক্সপ্ৰেছ জ্বলোৱাৰ এদিন পিছত এই ঘটনা সংঘটিত কৰিছিল৷ নৰোদা পাটিয়া কাণ্ডত ৯৭ লোকৰ একেলগে মৃত্যু হোৱাৰ লগতে ৩৩গৰাকী লোক গুৰুতৰ ভাবে আহত হৈছিল৷ গুজৰাট সংঘৰ্ষৰ সকলোতকৈ ভয়াবহ নৰসংহাৰ হৈছিল নৰোদা পাটিয়াত৷ যিমান ভয়াবহ আছিল সিমানে বিবাদিত আছিল এই কাণ্ড৷ এনে এটা ঘটনা সংঘটিত হয় যাৰ তদন্ত এছআইটি গঠন কৰি কৰিব লগা হয়৷ 

এই গোচৰৰ তদন্ত ২০০৯ চনৰ আগষ্ট মাহৰ পৰা হৈছিল৷ ৬২ গৰাকী লোক অভিযুক্ত আছিল৷ গোচৰৰ শুনানি কালতে অভিযুক্ত বিজয় ছেট্টীৰ মৃত্যু হৈছিল৷ বিগত বছৰত বিশষ আদালতে গুজৰাট চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী বিজেপি নেতা মায়া কোডনানী আৰু বজৰং দলৰ নেতা বাবু বজৰংগীৰ সৈতে ৩২ লোকক দোষী সাব্যস্ত কৰে৷ ২৯ গৰাকী লোকক ৰেহাই দিয়া হয়৷

দোষী ৩২গৰাকী লোকে ২০০৯ চনৰ বিশেষ আদালতৰ ৰায়ক প্ৰত্যাহ্বান জনাই গুজৰাট উচ্চ ন্যায়ালয়ত কৰা আবেদনৰ শুকুৰবাৰে ৰায় প্ৰদান কৰে৷ দুয়ো নেতা গুজৰাট চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী বিজেপি নেতা মায়া কোডনানী আৰু বজৰং দলৰ নেতা বাবু বজৰংগীক যাৱজ্জীৱন কাৰাদণ্ড বিহিছিল৷ তদন্তৰ বাবে গঠন কৰা এছআইটিয়ে আদালতত দিয়া তথ্য অনুসৰি গুজৰাট সংঘৰ্ষ আৰম্ভ হোৱাৰ দিনটোতে বিধান সভাত শোকৰ সভা অনুষ্ঠিত হয়৷ তাৰ পিছতে পুৱা ৯.৩০ বজাত মায়া কোডনানী উক্ত এলেকাত গৈছিল৷ তাত গৈ মায়া কোডনানীয়ে সংখ্যালঘুৰ ওপৰত আক্ৰমণৰ নাটক ৰচনা কৰিছিল৷