নগাঁও জিলাৰ গৰুক সুৰক্ষা দিয়াৰ বাবে আৰক্ষীৰ দল নিয়োগ কৰাৰ দাবী মুখ্যমন্ত্ৰীক

নগাঁওঃ মানুহৰ জীৱন আৰু সম্পত্তিক লৈ সময়ে সময়ে নিৰাপত্তাৰ দোহাই দি মানুহে নিৰাপত্তাৰক্ষী নিয়োগ কৰাৰ দাবী উত্থাপন হৈ আহিছে যদিও এইবাৰ গৰুৰ নিৰাপত্তাক লৈ শংকিত হৈ পৰিছে নগাঁওবাসী৷ গৰুক নিৰপত্তা দিয়াৰ দাবী জনাবলৈ বাধ্য হৈছে নগাঁওবাসীয়ে৷ গৰুৰ সুৰক্ষাৰ দাবীত মুখ্যমন্ত্ৰীক আৰক্ষীৰ দল নিয়োগ কৰাৰ দাবী জনাইছে ৰাইজে৷ 

নগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে জাজৰি আৰক্ষী থানা এলেকাত আৰক্ষীৰ নিষ্ক্ৰিয় ভূমিকাৰ সুযোগ লৈ নিতৌ গৰু চুৰি কৰি নিয়ে চোৰৰ দলে৷ ক্ৰমাৎ চোৰৰ সন্ত্ৰাস বৃদ্ধি পাই অহাত গঞাৰাইজে উজাগৰি নিশা কটাবলৈ বাধ্য হৈছে৷ তৎস্বতেও জাজৰি আৰক্ষী কিম্বা গাঁওৰক্ষী বাহিনীয়ে এনে ক্ৰমবৰ্দ্ধমান গৰু চুৰিৰ ঘটনা ৰোধৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি হোৱাৰ বিপৰীতে একপ্ৰকাৰে শংকাৰ মাজেৰে সময় পাৰ কৰিবলগীয়াত হৈছে৷ যাৰ ফলত ৰাইজে উপায়বিহীন হৈ চোৰৰ পৰা গৰু ৰক্ষা কৰিবৰ বাবে আৰক্ষীৰ দল নিয়োগ কৰাৰ দাবী জনাইছে৷

নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত এতিয়া গৰু চোৰৰ অতপালিত ৰাইজে আতংকিত হৈ পৰিছে৷ বিশেষকৈ জিলা খনৰ পশ্চিম প্ৰান্তৰ জাজৰি আৰক্ষী থানা এলেকাৰ গ্ৰাম্য অঞ্চলত বিগত কেইমাহমানৰ পৰা সঘনে সংঘটিত হৈ অহা গৰু চুৰিৰ ঘটনাই গঞাৰাইজৰ মাজৰ আতংকৰ সৃষ্টি কৰিছে৷ প্ৰতিদিনে গোহালিৰ পৰা গৰু চুৰি কিৰ নি সন্ত্ৰাসৰ সৃষ্টি কৰিছে৷ তাৰ মাজতে জিলাখনৰ ৰাইদঙীয়াৰ সমীপৰ মাহগুৰিৰ পৰা ৰাইজে গৰু চোৰক ধৰিবলৈ সক্ষম হয়৷ 

চাদিকুল ইছলাম আৰু ছাইদুল ইছলাম নামৰ দুজন যুৱকক গৰু চুৰি কৰাৰ অভিযোগ উত্থাপন কৰি ৰাইজে আৱদ্ধ কৰে৷ প্ৰাপ্ত খবৰ মতে, জাজৰি আৰক্ষী থানাৰ এলেকাৰ মাহগুৰিত দেওবাৰে নিশা প্ৰায় আঠ গাই গৰু এটা লৈ দুজন লোকে খোজকাঢ়ি গৈ থকা অৱস্থাত স্থানীয় ৰাইজৰ সন্দেহ ওপজাত দুয়োকে ধৰি সোধ-পোছ কৰে৷ প্ৰথমাৱস্থাত গৰুটো কিনি অনা বুলি আসৈ মাতিছিল যদিও ক্ৰয় কৰা ৰছিদ দেখুৱাব নোৱাৰাত দুয়োটাকে লপাথপা দিয়াত গৰু চুৰিৰ কথা স্বীকাৰ কৰে৷ লগে লগে ৰাইজে জাজৰি আৰক্ষীক খবৰ দিয়াত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ চুৰি গৰুসহ চোৰদুটাক আটক কৰি থানালৈ লৈ যায়৷