গছত অশ্লীল বেনাৰ লগোৱাৰ অভিযোগ, যুৱকক আটক, শিমলুগুৰি আৰক্ষী চকী ঘেৰাও

নাৰায়নপুৰঃ সোমবাৰে দুই শতাধিক লোকে লখিমপুৰ জিলাৰ শিমলুগুৰি আৰক্ষী চকী ঘেৰাও কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। শিমলুগুৰি বালিকুছি গাঁৱৰ এজন যুৱকক আটক কৰাৰ পিছতে ৰাইজ উত্তেজিত হৈ আৰক্ষী চকী ঘেৰাও কৰাৰ বাবে ওলাই আহে৷ ৰাইজে মিছা অভিযোগত যুৱকজনক আটক কৰাৰ অভিযোগ উত্থাপন কৰে শিমলুগুৰি আৰক্ষীৰ বিৰুদ্ধে।

জানিব পৰা মতে, ২২ এপ্ৰিলত জিলাখনৰ শিমলুগুৰিৰ বালিকুছত স্থানীয় দুগৰাকী ভগ্নীৰ নাম উল্লেখ কৰি অশ্লীল শব্দ প্ৰয়োগেৰে গছত ফলক আৰে কোনো লোকে৷
সেই ফলক আৰা বুলি মহিলা দুগৰাকীয়ে অভিযোগ উত্থাপন কৰাত শিমলুগুৰি বালিকুছি গাঁৱৰ ৰিদিপ বৰাক শিমলুগুৰি আৰক্ষীয়ে আটক কৰে৷ আৰক্ষীয়ে ৰিদিপ বৰাক আটক কৰাৰ পিছতে বালিকুছি গাঁৱৰ ৰাইজ উত্তেজিত হৈ পৰে আৰু থানা ঘেৰাও কৰে৷

ৰাইজৰ অভিযোগ অনুসৰি দাস উপাধিৰ মহিলা দুগৰাকী দেহ বেপাৰৰ সৈতে জৰিত৷ ৰিদিপ বৰাৰ ওপৰত মিছা অভিযোগ উত্থাপন কৰাৰ বাবে শিমলুগুৰি বালিকুছি গাঁৱৰ ৰাইজ ওলাই আহি আৰক্ষী চকী ঘেৰাও কৰে। ঘটনাৰ উচিত বিচাৰ কৰিবলৈ ভাৰপ্ৰাপ্ত বিষয়াক অনুৰোধ দাবী জনায়৷ আনহাতে আৰক্ষী বিষয়াৰ সন্মুখতে ইলী বণিয়া নামৰ মহিলা এগৰাকীক উক্ত দাস উপাধিৰ মহিলাই আক্ৰমণ কৰাৰো অভিযোগ উত্থাপন কৰে ৰাইজে৷