Facebook Liveৰ মাজতেই গুলি লাগি মৃত্যু এঞ্জেলৰ

ডিজিটেল ডেস্কঃ পশ্চিমবংগত পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ প্ৰাক মূহূৰ্তত শাসক আৰু বিৰোধী পক্ষৰ মাজত সংঘটিত হোৱা ৰক্তাক্ত পৰিস্থিতিৰ মাজতে মঙলবাৰে গুলিবিদ্ধ হৈ মৃত্যু ঘটিত এঞ্জেল গাহোনা নামৰ সংবাদদাতা এজনৰ৷ 

জানিব পৰা মতে, পশ্চমবংগৰ নিকাৰাগুৱা নামৰ জিলাখনত কিছুসংখ্যক লোকে চৰকাৰ বিৰোধী আন্দোলন কৰি বিক্ষোভ প্ৰদৰ্শন কৰি থকাৰ বাতৰি Facebook Live যোগে সম্প্ৰচাৰ কৰি আছিল এঞ্জেল গাহোনা নামৰ সাংবাদিকগৰাকীয়ে৷ 

Facebook Live যোগে সম্প্ৰচাৰিত হোৱা ভিডিঅ’টোত দেখা যায় যে সাংবাদিকগৰাকীয়ে বাতৰি সম্প্ৰচাৰ কৰি থকাৰ সময়তে তেওঁৰ মূৰত গুলি লাগে৷ কিন্তু তাৰ পিছতো তেওঁ তেজেৰে তুমুৰলি হৈ সেই ঠাইৰ পৰা পৰা আতৰি আহিবলৈ চেষ্টা কৰে যদিও এটি ঘৰৰ সন্মুখত তেওঁ পৰি যায়৷ প্ৰত্যক্ষদৰ্শীয়ে তেওঁক হস্পিতাললৈ নিয়াৰ আগতে সাংবাদিকগৰাকীৰ মৃত্যু হয়৷ 

ইফালে সাংবাদিকগৰাকীক কোনে গুলি কৰি হত্যা কৰিলে সেয়া এতিয়াও নিশ্চিত হোৱা নাই৷ কিন্তু স্থানীয় লোকে জনোৱা মতে, বিক্ষোভকাৰীসকলে চৰকাৰ বিৰোধী আন্দোলন কৰি থকা সময়ত বিক্ষোভকাৰীৰ হাতত কোনোধৰণৰ বন্দুক অথবা মাৰাণাস্ত্ৰ নাছিল৷ তাত উপস্থিত থকা আৰক্ষীবাহিনীৰ হাততহে বন্দুক আছিল৷ সেয়ে আৰক্ষীয়েই গুলি কৰি সাংবাদিকগৰাকীক হত্যা কৰিছে বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে৷