ৰঙিয়া, ১১ বজালৈ নাহে ডাঙৰ বাবু, সৰু বাবু হতৰ চাহ খাই আহোতে লাগে এঘণ্টা

গোৰেশ্বৰঃ কৰ্ম সংস্কৃতিৰ নমুনা প্ৰত্যক্ষ কৰিব লাগিলে আপুনি কামৰূপ জিলাৰ ৰঙিয়ালৈ আহিব লাগিব৷ ৰঙিয়া চহৰত থকা বিদ্যুৎ উপ-সংমণ্ডলৰ কাৰ্যালয়লৈ আহিলে আপুনি কৰ্ম সংস্কৃতিৰ নমুনা প্ৰত্যক্ষ কৰিব পাৰিব৷ দিনৰ ১১ বাজি যোৱাৰ পাছতো বৰাবাবুসকল কাৰ্যালয়লৈ নাহে৷ কোৱা বাহুল্য বৰাবাবুক অনুসৰণ কৰি সৰু বাবুসকলেও কৰ্ম সংস্কৃতি পাহৰি গৈছে৷ 

যিহেতু নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত কোৱা কথাবোৰ এতিয়া মন্ত্ৰী-বিধায়কে পাহৰি গৈছে বিষয়া-কৰ্মচাৰীয়ে পাহৰি যোৱাটো ডাঙৰ কথা নহয়৷ ব্যস্ততাৰ বাবে ৰাজনৈতিক দলবোৰৰ লোকে পাহৰি পেলাইছে সকলো। পাহৰি পেলাইছে কৰ্ম সংস্কৃতিৰ কথাও৷ কৰ্ম সংস্কৃতি ঘুৰাই অনাৰ দোহাই দি ৰাজ্যৰ শাসন ভাৰ দখল কৰা চৰকাৰখনে পাহৰিলেও ৰাইজে পিছে পাহৰা নাই কথা বোৰ৷ 

ৰাইজে এতিয়া চাহ খাবলৈ যোৱা কৰ্মচাৰীক কাৰ্যালয়ত ৰৈ থাকিব লগা হয় ডেৰ-দুই ঘণ্টা৷ গ্ৰাহকক ৰখাই থৈ চাহ খাবলৈ যোৱা ৰঙিয়া বিদ্যুৎ উপ-সংমণ্ডলৰ কৰ্মচাৰীয়ে ডেৰ-দুই ঘণ্টা পলমকৈ আহি পুনৰ কাৰ্যালয়ত কামক ধৰে। জনগণৰ সময়ৰ কোনো মূল্য নাই তেওঁলোকৰ সন্মুখত।

ৰঙিয়া বিদ্যুৎ উপ-সংমণ্ডলৰ কাৰ্যালয়ত সময় মতে বিষয়া-কৰ্মচাৰী উপস্থিত নাথাকে বুলি অভিযোগ উত্থাপন হৈ অহাৰ মাজতে মঙলবাৰে হাৰাশাস্তিৰ সন্মুখীন হ’ল ৩০ কিঃমিঃ নিলগৰ পৰা কাৰ্যালয়লৈ অহা কেইবাগাৰকী লোক। বাক্সা জিলাৰ গোৰেশ্বৰৰ পৰা কেইবাগৰাকী লোকে বিদ্যুৎ বিলৰ ব্যাপক খেলি-মেলিৰ অভিযোগ উত্থাপন কৰি মঙলবাৰে পুৱাই ৰঙিয়াস্থিত বিদ্যুৎ উপ-সংমণ্ডৰ কাৰ্যালয়লৈ আহে। 

অতিষ্ঠ গ্ৰাহকে পুৱাৰে পৰা কাৰ্যালয়লৈ আহি বোন্দাপৰা ৰৈ থকাৰ পিছতো ১১ বজালৈ বহু বিষয়া-কৰ্মচাৰীৰ টেবুল খালি হৈ থকা প্ৰত্যক্ষ কৰে। ইমানে নহয় এগৰাকী কৰ্মচাৰীয়ে অভিযোগ লৈ অহা লোকসকলক কাৰ্যালয়তে ৰখাই থৈ চাহ খাবলৈ যায়৷ কৰ্মচাৰীগৰাকীয়ে প্ৰায় ১ ঘণ্টা পলমকৈ কাৰ্যালয়লৈ আহে৷ 

যাৰ ফলত লোকসকল ক্ষোভিত হৈ পৰে৷ উপ-সংমণ্ডলটোৰ অধিনৰ বাক্সা জিলাৰ গোৰেশ্বৰৰ বহু গ্ৰাহকৰ বিদ্যুৎ বিলৰ খেলিমেলিৰ হোৱাৰ অভিযোগ উত্থাপন কৰে৷ এমাহতে ৮-৯ হাজাৰ টকালৈ বিল প্ৰেৰণ কৰাৰ অভিযোগ উত্থাপন কৰে। মিটাৰ বিজুতি ঘটাৰ অভিযোগ উত্থাপন কৰি অদ্ভুত বিল প্ৰেৰণ কৰে কাৰ্যালয়টোৱে। 

উপ-সংণ্ডলটোৰ বিভিন্ন গাঁৱত এনে ঘটনা সংঘটিত হৈ আহিছে বুলি অভিযোগ উত্থাপিত হয়। ভুল বিল দিয়াৰ পৰিণতি ভোগ কৰিব লগা হৈছে গ্ৰাহকে। যাৰ ফলত ৩০ কিঃ মিঃ নিলগৰ পৰা ৰাইজে ৰঙিয়ালৈ দৌৰিব লগা হয়। তাৰ লগে লগে কাৰ্যালয়ত উপস্থিত নাথাকে কৰ্মচাৰী। বিলৰ ক্ষেত্ৰত হোৱা খেলিমেলিৰ কথা বুজ লোৱাৰ লগতে কাৰ্যবাহী অভিযন্তা-সহকাৰী কাৰ্যবাহী অভিযন্তাক লগ কৰিব আহি ৰাইজে কয় কৰ্ম সংস্কৃতিৰ নমুনা চাবলৈ আহক ৰঙিয়া বিদ্যুৎ উপ-সংমণ্ডললৈ৷