ৰাম মন্দিৰ নিৰ্মাণৰ সপক্ষে ৰায় নিদিলে আত্মবলিদানেৰে নিৰ্মাণ কৰিব ৰাম মন্দিৰঃ বিজেপি নেতা

ডিজিটেল ডেস্কঃ বিতৰ্কিত মন্তব্য কৰি সময়ে সময়ে বাতৰিৰ শিৰোনামা দখল কৰা প্ৰাক্তন ৰাজ্যসভাৰ সাংসদ তথা বিজেপিৰ জ্যেষ্ঠ নেতা বিনয় কতিয়াৰে কৰা এক মন্তব্যই সমগ্ৰ দেশ জুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ 

মঙলবাৰে ৰাজ্যসভাৰ প্ৰাক্তন সাংসদগৰাকীয়ে সাংবাদিকৰ আগত ৰাম মন্দিৰ সন্দৰ্ভত মন্তব্য কৰি কয় যে যদি উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা ৰায় ৰাম মন্দিৰৰ সপক্ষে নহয়, তেন্তে আত্মবলিদানেৰে ইতিহাস ৰচনা কৰিব বিজেপিয়ে৷ তেওঁ ইয়াকো কয় যে উচ্চতম ন্যায়লয়ে ৰাম মন্দিৰ কাণ্ডৰ ৰায় প্ৰদান নকৰা পৰ্যন্ত আত্মবলিদান কোনো ধৰণৰ কাৰ্যত সংযুক্ত নহয়৷ 

কতিয়াৰে কয় যে যদি আদালতৰ ৰায় ৰাম মন্দিৰৰ সপক্ষে নহয়, তেন্তে আত্মবলিদানে নিশ্চয় ৰাম মন্দিৰ গঢ়াত সহায় কৰিব৷ তেওঁ কয় যে যেতিয়ালৈকে আদালতে ইয়াৰ ৰায় প্ৰদান নকৰে তেতিয়ালৈকে আত্মবলিদান ব্যৱস্থা সক্ৰিয় নহয়৷ আত্মবলিদানৰ প্ৰস্তুতি এতিয়াৰ পৰাই আৰম্ভ হৈছে বুলিও মন্তব্য কৰে প্ৰাক্তন সাংসদ তথা বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে৷   

অযোধ্যাৰ ৰাম মন্দিৰৰ পূৰ্ব প্ৰচাৰকসকলৰ মাজৰ এজন বিনয় কতিয়াৰ নিজৰ বিবাদস্পৃষ্ট মন্তব্যৰ বাবে জনপ্ৰিয়৷ বিনয় কতিয়াৰ বিশ্ব হিন্দু পৰিষদৰ যুৱ সংগঠক বজৰংগ দলৰ প্ৰতিষ্ঠাপক সদস্য হোৱাৰ লগতে অধ্যক্ষও৷ তেওঁৰ বিৰুদ্ধে ৰাম মন্দিৰ-বাবৰি মজজিদ কাণ্ডত অপৰাধমূলক ষড়যন্ত্ৰ সৃষ্টি কৰাৰ গোচৰ উচ্চতম ন্যায়লয়ত চলি আছে৷